চাগুদানা বড়া, যাক ‘ছাবু ভাদা’ বুলিও কোৱা হয়, ভাৰতৰ মহাৰাষ্ট্ৰৰ পৰা অহা পৰম্পৰাগত গাঢ়কৈ তেলত ডুবাই ভজা মুখৰোছক খাদ্য। ইয়াক চাগুৰ মুকুতা সদৃশ দানা, আলু পিটিকা, বাদাম আৰু মছলাৰ পৰা তৈয়াৰ কৰা হয়।১ ইয়াক প্ৰায়ে গৰম চাহৰ সৈতে দৈৰ টেঙা বা সেউজীয়া শাক-পাচলিৰ চাটনিৰ সৈতে পৰিবেশন কৰা হয় আৰু গৰমে গৰমে খোৱাটো ভাল।২ দেশৰ আন আন প্ৰান্তত উপবাসৰ সময়ত ছাবুদানা ভাদাই সৰ্বোত্তম বিকল্প। সাধাৰণতে ধৰ্মীয় উৎসৱৰ সময়ত আৰু ৰোজা বা ব্ৰত বা উপবাসৰ সময়ত বিশেষকৈ হিন্দুসকলে নৱৰাত্ৰি ব্ৰতত ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰে। সকলো বড়াৰ দৰে এইবোৰো গৰমে গৰমে খোৱাটো ভাল। চাগুদানা বড়াবোৰ খালে দানাবোৰ "মুখত গলি যায়।"৩
প্ৰস্তুতি
প্ৰথমে বগা চাগু মুকুতা বা চাগু দানা ধুই কেইঘণ্টামান পানীত তিয়াই কোমল কৰি লোৱা হয়। কোমল কৰা চাগুদানাৰ লগত সিজোৱা আলু পিটিকা, শুকানে ভাজি থেতেলিয়াই লোৱা বাদাম আৰু কেইবিধমান বনৌষধি আৰু মছলা মিহলাই নেমুৰ ৰস, চেনি আৰু নিমখ দি জুতি লগাই লোৱা হয়। তাৰপিছত ইয়াক হাতেৰে মোহাৰি এই মিশ্ৰণৰ পৰা ঘূৰণীয়া ঘিলা আকৃতিৰ গঠন দিয়া হয় আৰু সেইবোৰ তেলত ডুবাই গাঢ়কৈ ভজা হয়।১
পৰিৱেশন
চাগুদানা বড়া বাৰিষা কালত অতি জনপ্ৰিয়। কাৰণ সেমেকা বতৰত পকোৰা জাতীয় খাদ্য আৰু একাপ আদাৰ চাহ লগত খোৱাটো বহুতৰে প্ৰিয়। তেনে এটা বাৰিষাৰ বিশেষ খৰখৰীয়া ভজা প্ৰস্তুতি হ’ল চাগুদানা বড়া। যদিও ইয়াক তেলত ডুবাই ভজা হয়, তথাপিও ই আড়ম্বৰপূৰ্ণ আৰু লঘুপাকী খাদ্য। দৈ বা আন সেউজীয়া চাটনিৰ সৈতে চাগুদানা বড়া খোৱা হয়। মহাৰাষ্ট্ৰত উপবাসৰ দিন যেনে চতুৰ্থী আদিতো ইয়াক খোৱা হয়।
তথ্যসূত্ৰ
- ↑ Amit, Dassana. (2023-02-25). Sabudana Vada Recipe (Traditional Fasting Recipe). Dassana's Veg Recipes
- ↑ Khatan, Asha. (February 2004). Epicure's Vegetarian Cuisines of India. Popular Prakashan. পৃ. 68. ISBN 81-7991-119-5
- ↑ Kitchen, Chanchal's. Sabudana vada
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাগুদানা বড়া” প্ৰবন্ধৰ সংশোধন ৫৮২৪১৪ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।