চাইমোথ (প্ৰাচীন গ্ৰীক: Κυμοθόη, ইংৰাজী: Cymothoe; আক্ষৰিক অৰ্থ: 'ঢৌ-দ্ৰুত')১ গ্ৰীক শ্ৰুতিকথা অনুসৰি শান্ত আৰু নিস্তব্ধ ঢৌৰ "আকাশী" নেৰেইড।১ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
কিংবদন্তি
চাইমোথ' গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।২৩১ ড'ট' আৰু পানোপেৰ সৈতে গালাটিয়াই তেওঁৰ ভগ্নী থেটিছক সাগৰৰ পৰা পেলিয়াছৰ সৈতে হোৱা বিয়ালৈ আগবঢ়াই লৈ গৈছিল। হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত চাইমোথ'ও আছিল।৪
সোণৰ ভেড়া ছাগলীটোৰ পৰা পৰি যাওঁতে চাইমোথ' আৰু সাগৰীয় দেৱতা গ্ল'কাছে হেলেক উদ্ধাৰ কৰিছিল।৫ কুইণ্টাছ স্মিৰ্নেয়াছৰ পোষ্টহোমেৰিকাৰ বিৱৰণীতো তেওঁৰ নাম উল্লেখ আছে৷৬
তথ্যসূত্ৰ
- ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 11, 12. ISBN 978-0-7864-7111-9
- ↑ হোমাৰ, ইলিয়াড 18.40; Hesiod, থিঅ'গনি 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ হোমাৰ, ইলিয়াড 18.41; Apollodorus, 1.2.7; Hesiod, থিঅ'গনি 240
- ↑ Homer, Iliad 18.39
- ↑ Valerius Flaccus, Argonautica 2.605
- ↑ Quintus Smyrnaeus, Posthomerica 5.394 ff.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাইমোথ' (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪৯৯৬৬৭ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।