অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঙো থান ভান

ঙো থান ভান (Ngô Thanh Vân, জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৭৯, ভেৰ'নিকা ঙো বা NTV হিচাপে জনা যায়) এগৰাকী ভিয়েটনামী অভিনেত্ৰী আৰু গায়িকা।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৬ ৪১৯ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ঙো থান ভান (Ngô Thanh Vân, জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৭৯, ভেৰ'নিকা ঙো বা NTV হিচাপে জনা যায়) এগৰাকী ভিয়েটনামী অভিনেত্ৰী আৰু গায়িকা।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭৯ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে ভিয়েটনামৰ ট্ৰা ভিনত ঙো থান ভানৰ জন্ম হৈছিল। ১ তেওঁ দুজন ডাঙৰ ভাতৃৰ সৈতে পৰিয়ালৰ সৰ্বকনিষ্ঠ সন্তান। যেতিয়া তেওঁৰ বয়স ১০ বছৰ আছিল, তেতিয়া ভিয়েটনামৰ কমিউনিষ্ট চৰকাৰৰ পৰা বাচিবলৈ তেওঁৰ পৰিয়ালে তেওঁক এখন নাওত উঠাই দিছিল। ১৯৯০ চনত, ভান এগৰাকী পেহীয়েকৰ সৈতে নাৱেৰে শৰণাৰ্থী হিচাপে নৰৱে'ত উপস্থিত হৈছিল।২৩ পৰৱৰ্তী সময়ত তেওঁক নৰৱেজিয়ান নাগৰিক হিচাপে স্বীকৃতি দিয়া হয়।

১৯৯৯ চনত, ২০ বছৰ বয়সত, ভান ভিয়েটনামলৈ উভতি আহে, য'ত তেওঁ উইমেনছ ৱৰ্ল্ড আলোচনীয়ে আয়োজন কৰা এক সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় ৰানাৰ-আপ হয়। এই প্ৰাৰম্ভিক সফলতাৰ পিছত, তেওঁ ভিয়েটনামত আলোচনী, কেলেণ্ডাৰ, আৰু ফেশ্বন সংগ্ৰহৰ বাবে মডেল হিচাপে নিজৰ মডেলিঙৰ কেৰিয়াৰ আৰম্ভ কৰে। ইয়াৰ কিছু সময় পিছতে, তেওঁ HTV চেনেলৰ এখন চুটি টিভি শৃংখলা Hương Dẻ-ত সৰু পৰ্দাত তেওঁৰ প্ৰথম অভিনয়ৰ ভূমিকা লাভ কৰে।

কেৰিয়াৰ

সংগীত কাৰিয়াৰ

তেওঁ ২০০২ চনত ভান পপ-ডান্স গায়িকাৰূপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ শিল্পী টুয়ান হাঙৰ সৈতে যৌথ এলবাম ভন টিং ন্যান ৰেকৰ্ড কৰে।

২০০৩ চনত নিজৰ প্ৰথম একক এলবাম থে জৈ ত্ৰৌ চৈ মুক্তি দিয়ে। এই এলবামৰ বাবে দুটা মিউজিক ভিডিঅ’ (থে জৈ ত্ৰৌ চৈ আৰু ঙাই তুই ছাং) ৰেকৰ্ড কৰা হয়, যিবোৰ প্ৰথম ভিয়েতনামী বিশেষ প্ৰভাৱযুক্ত ভিডিঅ’ৰ ভিতৰত ধৰা হয়।

২০০৪ চনত তেওঁৰ দ্বিতীয় এলবাম বি আন ভাং চান মুক্তি পায়। ২০০৫ চনত তৃতীয় এলবাম কোন ডুঅং এড দি মুক্তি পায়। ২০০৭–২০০৮ চনত চতুৰ্থ এলবাম Studio 68 ৰেকৰ্ড কৰে আৰু মুক্তি দিয়ে।

অভিনয় কাৰিয়াৰ

২০০৪ চনত তেওঁ আন্তৰ্জাতিক টেলিভিছন শ্ব’ ৰুজত প্ৰথমবাৰৰ বাবে অভিনয় কৰে।

২০০৭ চনত দ্য ৰেবেল ছবিত অভিনয় কৰে, যি তেতিয়াৰ ভিয়েতনামৰ আটাইতকৈ অধিক আয় কৰা চলচ্চিত্ৰ হয়। তেওঁৰ অভিনয় সমালোচক আৰু দৰ্শকৰপৰা প্ৰশংসা লাভ কৰে আৰু ভিয়েটনাম ফিল্ম ফেষ্টিভেলৰ ১৫তম প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে।

২০০৯ চনত জনি ট্ৰাই ঙুয়েনৰ সৈতে ক্লাশ ছবিত অভিনয় কৰে। তেওঁ নিজৰ টেলেণ্ট এজেঞ্চি VAA খোলে। ২০১০ চনত, তেওঁ ভিয়েতনামৰ ডেন্সিং ৱিথ দ্য ষ্টাৰচত অংশগ্ৰহণ কৰি বিজয়ী হয়।

২০১৬–২০১৭ চনত ক্ৰাউচিং টাইগাৰ, হিডেন ড্ৰেগন: সোৰ্ড অৱ ডেষ্টিনী, টাম কাম: দ্য আণ্টোল্ড ষ্ট'ৰি, ষ্টাৰ ৱাৰ্ছ: দ্য লাষ্ট জেডাই আৰু ব্ৰাইট চলচ্চিত্ৰত অভিনয় কৰে। ২০১৯ চনত ফিউৰি চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০২০ চনত দ্য ওল্ড গাৰ্ড আৰু ডা ৫ ব্লাডছ ছবিত অংশগ্ৰহণ কৰে। ২০২৫ চনত দ্য ওল্ড গাৰ্ড ২ত পুনৰ অভিনয় কৰে।

ব্যক্তিগত জীৱন

দ্য ৰেবেলৰ সফলতাৰ পাছত, ভান তেওঁৰ সহ-অভিনেতা জনি ট্ৰাই ঙুয়েনৰ সৈতে সম্পৰ্ক প্ৰকাশ কৰে। তেওঁলোকে ২০১৫ চনত পৃথক হয়।

মাৰ্চ ২০২২ চনত ভানে ব্যৱসায়ী হুই ট্ৰেনৰ সৈতে সম্পৰ্কৰ কথা ঘোষণা কৰে আৰু ২০২২ চনৰ ৭ মে' তাৰিখে দা নাং চহৰত বিবাহ বন্ধনত আবদ্ধ হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ngô Thanh Vân mừng tuổi 41, ২৭ ফেব্ৰুৱাৰী ২০২০
  2. ↑ (10 August 2021). Norges "hemmelige" হলিউড-stjerne
  3. ↑ (২০২১-০৮-১৭). নৰৱেজিয়ান-ভিয়েটনামিজ ভেৰোনিকা এনগো হৈছে নৰৱেৰ "গোপন" হলিউড তাৰকা

সম্পৰ্কিত শ্ৰেণী

ভিয়েটনামী অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঙো থান ভান” প্ৰবন্ধৰ সংশোধন ৫৭৫৭৫২ (৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।