নিন ডুয়ং লান ঙক১২ (জন্ম: ৪ এপ্ৰিল ১৯৯০) আধুনিক প্ৰজন্মৰ অন্যতম শ্ৰেষ্ঠ ভিয়েটনামী অভিনেত্ৰী। যিয়ে দ্য ফ্লটিং লাইভছত মুখ্য চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে, যাৰ বাবে তেওঁ ২০১০ চনৰ কাইট বঁটাত শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ বঁটা লাভ কৰে।৩
প্ৰাথমিক জীৱন
ঙকে ১৯৯০ চনৰ ৪ এপ্ৰিলত ভিয়েটনামৰ হো চি মিন চহৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ হো চি মিন চিটি কলেজ অৱ ষ্টেজ পাৰফৰ্মেন্স এণ্ড চিনেমেটিক্সৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
কেৰিয়াৰ
২০০৯ চনৰপৰা লান ঙকে মিউজিক ভিডিঅ’ আৰু বিজ্ঞাপন ভিডিঅ’ত কেইটামান সৰু সৰু ভূমিকা ল’বলৈ আৰম্ভ কৰে। ২০১০ চনত তেওঁ দ্য ফ্লটিং লাইভছত নুয়ঙৰ চৰিত্ৰত অভিনয় কৰে। এই ভূমিকাই তেওঁক ২০১০ চনৰ গোল্ডেন কাইট বঁটাত শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ বঁটা৪ আৰু ২০সংখ্যক গোল্ডেন ৰুষ্টাৰ বঁটাত বিদেশী ছবিৰ প্ৰিয় অভিনেত্ৰী বঁটা লাভ কৰাত সহায় কৰে।৫
তাৰ পিছৰ বছৰবোৰত লান ঙকে দ্য টেইলাৰ, টাম কেম: দ্য আনটল্ড ষ্ট'ৰী, আৰু দ্য ৰয়েল ব্ৰাইড আদি হিট ছবিত অভিনয় কৰে। ২০১৬ চনত জেকপটত অভিনয় কৰি তেওঁ দ্বিতীয়বাৰৰ বাবে গোল্ডেন কাইট বঁটাত শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ বঁটা লাভ কৰে।৬
অভিনয়ৰ উপৰি তেওঁ আন বহুতো মনোৰঞ্জনমূলক কাৰ্যত অংশ গ্ৰহণ কৰে। ২০১৫ চনত তেওঁ ভিয়েটনামী সংস্কৰণ Bước nhảy hoàn vũৰ ষষ্ঠ ছিজনৰ বিজয়ী হয়।৭৮
২০২৩ চনত তেওঁ VTV3-ৰ ৰিয়েলিটি কণ্ঠশিল্পী অনুষ্ঠান, ভিয়েটনামী সংস্কৰণ Sisters Who Make Wavesত অংশগ্ৰহণ কৰে আৰু সফলতাৰে চূড়ান্ত সাতজনীয়া লাইনআপত স্থান লাভ কৰে।৯১০
২০২৪ চনৰ ৪ এপ্ৰিলত তেওঁ ছোৱালী গোট LUNAS-ৰ সদস্য হয়।১১১২
তথ্যসূত্ৰ
- ↑ (2019-11-30). Giải mã Ninh Dương Lan Ngọc. Znews.vn
- ↑ (2025-05-27). Ninh Dương Lan Ngọc: Từ "Ngọc nữ màn ảnh" đến biểu tượng đa năng của giải trí Việt. VIỆN KINH TẾ - VĂN HÓA VÀ NGHỆ THUẬT
- ↑ (2017-11-05). Lan Ngọc từ 'Cánh đồng bất tận' ra thế giới. Báo Thanh Niên
- ↑ Các giải thưởng chính của Cánh Diều Vàng 2010. vnexpress.net
- ↑ (2011-10-25). Vietnamese actress wins Chinese film festival award. Nhan Dan Online
- ↑ (2016-04-20). Ninh Dương Lan Ngọc, Nhã Phương đoạt giải Cánh diều Vàng. TUOI TRE ONLINE
- ↑ Ninh Dương Lan Ngọc chiến thắng
- ↑ (2025-05-28). Ninh Dương Lan Ngọc. Wikimedia
- ↑ Ninh Dương Lan Ngọc: Tham gia Chị Đẹp hay bất kỳ một show nào khác thì công việc chính của tôi vẫn là diễn viên”. yeah1.com
- ↑ Lan Ngọc: Khi đã quyết định đi học đồng nghĩa việc tôi không cảm thấy tiếc nuối vì tạm rời showbiz
- ↑ (2025-05-27). NINH DƯƠNG LAN NGỌC – NGÔI SAO ĐA TÀI TỎA SÁNG TỪ MÀN ẢNH ĐẾN NGÀNH GAME. Đời sống và Phát triển Online
- ↑ Ninh Dương Lan Ngọc, Trang Pháp, nhóm LUNAS sẽ diễn ở Đạp gió Trung Quốc. laodong.vn
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিন ডুয়ং লান ঙক” প্ৰবন্ধৰ সংশোধন ৫৯০৮৩০ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।