অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ঘৃতাচি

ঘৃতাচি (সংস্কৃত: घृताची; আক্ষৰিক অৰ্থ: প্ৰচুৰ পৰিমাণৰ শোধিত মাখন) হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এগৰাকী বিশিষ্ট অপেশ্বৰী (বায়বীয় অপেশ্বৰী)। এই অপেশ্বৰী গৰাকী অপৰূপ সৌন্দৰ্য্য আৰু দেৱতা তথা মানৱকে ধৰি বহু পুৰুষক প্ৰলোভন কৰা আৰু তেওঁলোকৰ সন্তানৰ মাতৃ হোৱাৰ বাবে পৰিচিত।

হালনাগাদ: ২ অক্টোবৰ ২০২৫ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ঘৃতাচি (সংস্কৃত ভাষা: घृताची; আক্ষৰিক অৰ্থ: প্ৰচুৰ পৰিমাণৰ শোধিত মাখন) হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এগৰাকী বিশিষ্ট অপেশ্বৰী (বায়বীয় অপেশ্বৰী)। এই অপেশ্বৰী গৰাকী অপৰূপ সৌন্দৰ্য্য আৰু দেৱতা তথা মানৱকে ধৰি বহু পুৰুষক প্ৰলোভন কৰা আৰু তেওঁলোকৰ সন্তানৰ মাতৃ হোৱাৰ বাবে পৰিচিত।

সাহিত্য

ভাৰতীয় মহাকাব্য, ৰামায়ণ আৰু মহাভাৰতকে ধৰি বহুতো হিন্দু ধৰ্ম গ্ৰন্থৰ লগতে পুৰাণতো ঘৃতাচিৰ উল্লেখ পোৱা যায়। তেওঁক দৈৱিক শ্ৰেণীৰ অপ্সৰাৰ অন্তৰ্গত বুলি বৰ্ণনা কৰা হৈছে,১ আৰু ভাৰতীয় চান্দ্ৰ দিনপঞ্জীৰ মাহ কুম্ভৰ অধিপতিত্ব কৰে।২ শাস্ত্ৰত তেওঁৰ পুৰুষক প্ৰলোভিত কৰাৰ প্ৰৱণতা বৰ্ণনা কৰা হৈছে, য’ত ঋষি, গন্ধৰ্ব (দৈৱিক সংগীতজ্ঞ), দেৱতা আৰু ৰজা আদিও অন্তৰ্ভুক্ত।৩৪৫

বামন পুৰাণৰ মতে ঘৃতাচি এসময়ত দেৱতাৰ খনিকৰ বিশ্বকৰ্মাৰ লগত বাস কৰিছিল আৰু চিত্ৰাংগদা নামৰ এগৰাকী কন্যা সন্তান জন্ম দিছিল। বিশ্বকৰ্মাই তেওঁৰ কন্যাৰ বিবাহত নিষেধাজ্ঞা আৰোপ কৰিছিল, যাৰ বাবে তেওঁৰ পুত্ৰ জন্ম নোহোৱালৈকে তেওঁক বানৰ (বান্দৰ) হৈ থকাৰ অভিশাপ দিয়া হয়; ঘৃতাচিয়ে নলক জন্ম দিয়াৰ পিছত তেওঁ অভিশাপৰ পৰা মুক্তি কৰে। এই নলেই পিছলৈ ভগৱান ৰামক সহায় কৰিছিল।৬৭ ব্ৰহ্ম বৈৱৰ্ত পুৰাণত ঘৃতাচি আৰু বিশ্বকৰ্মাৰ সন্তানৰ পৰা বহুতো মিশ্ৰ জাতিৰ উৎপত্তি বুলি কোৱা হৈছে।৪

ঘৃতাচি পাৰ্জন্য নামৰ এজন গন্ধৰ্বৰো প্ৰেমত পৰে আৰু বেদাৱতী (বা দেৱৱতী) নামৰ এগৰাকী কন্যা সন্তান জন্ম দিয়ে।৬ ৰামায়ণৰ বৰ্ণনাত ঘৃতাচিয়ে অজকৰ পুত্ৰ কুশনাভ ৰজাৰ অস্থায়ী পত্নী হৈ এশ কন্যা সন্তান জন্ম দিয়ে, যাক বায়ু দেৱতাই বিয়া কৰাব বিচাৰিছিল।৬ পিছলৈ পুত্ৰ সন্তান জন্ম দিবলৈ কুশনাভে পুত্ৰকামেষ্ঠী যজ্ঞ অনুষ্ঠান কৰি গাধি নামৰ এজন পুত্ৰ সন্তান জন্ম দিয়ে।৭ ঘৃতাচিয়ে পুৰু ৰাজবংশৰ অন্তৰ্গত ৰজা ৰৌদ্ৰাশ্বৰ পত্নী ৰূপেও দহ পুত্ৰৰ জন্ম দিয়ে। এই পুত্ৰসকলৰ নাম আছিল ৰিতেয়ু, কাক্ষেয়ু, স্থাণ্ডিলেয়ু, কৃতেয়ুক, জলেয়ু, সন্নতেয়ু, ধৰ্মেয়ু, সত্যেয়ু, ব্ৰতেয়ু, আৰু বানেয়ু। মহাভাৰতৰ মতে ঘৃতাচিয়ে এবাৰ চ্যবনৰ পুত্ৰ ঋষি প্ৰণতীক প্ৰলোভিত কৰি ৰুৰু নামৰ এজন পুত্ৰৰ মাতৃ হৈছিল।৬৭৮

মহাভাৰত আৰু দেৱী ভাগৱত পুৰাণৰ শান্তি পৰ্বত ব্যাস ঋষিয়ে উত্তৰাধিকাৰীৰ কামনা কৰিছিল, কিন্তু বিবাহ কৰিবলৈ অনিচ্ছুক বুলি বৰ্ণনা কৰা হৈছে। ঘৃতাচিয়ে এজনী ভাটৌ চৰাইৰ ৰূপ লৈ তেওঁৰ সন্মুখত আবিৰ্ভাৱ হয়। তাইক দেখি ঋষিয়ে জুইৰ শলাত নিজৰ বীজ নিৰ্গত কৰে আৰু তাৰ পৰা শুক নামৰ এজন পুত্ৰৰ জন্ম হয়।৯

মহাভাৰতৰ আদি পৰ্বত ঘৃতাচি গঙ্গা নদীত স্নান কৰি থাকোঁতে ভৰদ্বাজ ঋষিয়ে দেখা পোৱা বুলি বৰ্ণনা কৰা হৈছে। তাইক দেখাৰ পিছত তেওঁ যৌন উত্তেজিত হৈ পৰে আৰু এটা খৰাহিত বীৰ্যপাত কৰে। তাৰ পৰাই এজন পুত্ৰ দ্ৰোণৰ জন্ম হয়। এই দ্ৰোণয়েই পিছলৈ পাণ্ডৱ আৰু কৌৰৱৰ গুৰু হৈ পৰে। শল্য পৰ্বত উল্লেখ কৰা মতে আন এটা সময়তো একেধৰণৰ এটা কাণ্ড সংঘটিত হৈছিল আৰু এইবাৰ শ্ৰুতৱতী নামৰ কন্যা সন্তানৰ জন্ম হৈছিল।৬১০১১৮

তথ্যসূত্ৰ

  1. ↑ Dalal, Roshen. (2010). Hinduism: An Alphabetical Guide. Penguin Books India. ISBN 978-0-14-341421-6
  2. ↑ www.wisdomlib.org. (2015-08-25). Ghritaci, Ghṛtācī: 14 definitions. www.wisdomlib.org
  3. ↑ Walker, Benjamin. (2019-04-09). Hindu World: An Encyclopedic Survey of Hinduism. In Two Volumes. Volume I A-L. Routledge. ISBN 978-0-429-62421-6
  4. ↑ Kapoor, Subodh. (2004). A Dictionary of Hinduism: Including Its Mythology, Religion, History, Literature, and Pantheon. Cosmo Publications. ISBN 978-81-7755-874-6
  5. ↑ Williams, George M. (2008-03-27). Handbook of Hindu Mythology. OUP USA. ISBN 978-0-19-533261-2
  6. ↑ Mani, Vettam. (1975). Puranic encyclopaedia: a comprehensive dictionary with special reference to the epic and Puranic literature. Delhi: Motilal Banarsidass. ISBN 978-0-8426-0822-0
  7. ↑ Mahapatra, Shalini. (2020-09-09). The Virtuous Children of Apsara Ghritachi Part X. Indic Today
  8. ↑ Wagenaar, Henk W.; Parikh, S. S. (1993). Allied Chambers transliterated Hindi-Hindi-English dictionary. Allied Publishers. ISBN 978-81-86062-10-4
  9. ↑ Doniger, Wendy. (1993-02-23). Purana Perennis: Reciprocity and Transformation in Hindu and Jaina Texts. SUNY Press. ISBN 978-0-7914-1382-1
  10. ↑ Handique, Krishnakanta. (2001). Apsarases in Indian Literature and the Legend of Urvaśī and Purūravas. Decent Books. ISBN 978-81-86921-16-6
  11. ↑ Dhand, Arti. (2009-01-08). Woman as Fire, Woman as Sage: Sexual Ideology in the Mahabharata. SUNY Press. ISBN 978-0-7914-7140-1

সম্পৰ্কিত শ্ৰেণী

অপ্সৰা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘৃতাচি” প্ৰবন্ধৰ সংশোধন ৫৪১৪২১ (২ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।