অপ্সৰা
৭ প্ৰবন্ধ
-
উৰ্বশী
উৰ্বশী (সংস্কৃত: उर्वशी) বেদ, মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ লগতে পুৰাণ আদি হিন্দু শাস্ত্ৰত উল্লেখিত এগৰাকী অপ্সৰা। সকলো অপ্সাৰৰ ভিতৰত উৰ্বশীক আটাইতকৈ ধুনীয়া, আৰু এগৰাকী বিশেষজ্ঞ নৃত্যশিল্পী হিচাপে গণ্য কৰা হয়। উৰ্বশীক বহু পৌৰাণিক আখ্যানত উল্লেখ কৰা দেখা গৈছে।
-
মেনকা
মেনকা ( Menaka) হিন্দু পৌৰাণিক কাহিনীৰ এটা অপ্সৰা (স্বৰ্গীয় অপেশ্বৰী)।
-
ঘৃতাচি
ঘৃতাচি (সংস্কৃত: घृताची; আক্ষৰিক অৰ্থ: প্ৰচুৰ পৰিমাণৰ শোধিত মাখন) হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এগৰাকী বিশিষ্ট অপেশ্বৰী (বায়বীয় অপেশ্বৰী)। এই অপেশ্বৰী গৰাকী অপৰূপ সৌন্দৰ্য্য আৰু দেৱতা তথা মানৱকে ধৰি বহু পুৰুষক প্ৰলোভন কৰা আৰু তেওঁলোকৰ সন্তানৰ মাতৃ হোৱাৰ বাবে পৰিচিত।
-
তিলোত্তমা
তিলোত্তমা (সংস্কৃত: तिलोत्तमा), হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এগৰাৰী অপ্সৰা বা অপেশ্বৰী। সংস্কৃত শব্দ "তিল" মানে ক্ষুদ্ৰ কণা আৰু "উত্তম" মানে চূড়ান্ত। সেয়েহে তিলোত্তমাৰ অৰ্থ হ’ল যি তিলৰ দৰে সৰু কণাটোও উত্তম, সেই সত্তা বা যিজন উত্তম আৰু উচ্চতম গুণ সম্পন্ন।
-
এপছন্সি
এপছন্সি (থাই: อัปสรสีห์; ইংৰাজী: Apsonsi) থাই পৌৰাণিক কাহিনীত বৰ্ণিত এক অৰ্ধমহিলা আৰু অৰ্ধসিংহৰ কিংবদন্তিমূলক জীৱ। প্ৰাচীন দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ লোককথাত চিত্ৰিত বহুতো সংকৰ জীৱৰ ভিতৰত এপছন্সি অন্যতম।
-
প্ৰম্লোচা
প্ৰম্লোচা (সংস্কৃত: प्रम्लोचा, ৰোমানীকৃত: Pramlocā) হিন্দু পৌৰাণিক কাহিনীৰ এগৰাকী অপ্সৰা৷ কাহিনী সমূহত প্ৰম্লোচাক এগৰাকী সুন্দৰী, আকাশী কন্যা হিচাপে বৰ্ণনা কৰা হৈছে। কন্দু ঋষিৰ কাহিনীত এই অপ্সৰাৰ বৰ্ণনা পোৱা যায়।
-
ৰম্ভা (অপ্সৰা)
ৰম্ভা (সংস্কৃত: रम्भा) হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত এগৰাকী স্বৰ্গৰ অপ্সৰা৷ নৃত্য, সংগীত আৰু সৌন্দৰ্য্য কলাত এইগৰাকী অপ্সৰাৰ তুলনাবিহীন বুলি কোৱা হয়।