এপছন্সি (থাই: อัปสรสีห์; ইংৰাজী: Apsonsi) থাই পৌৰাণিক কাহিনীত বৰ্ণিত এক অৰ্ধমহিলা আৰু অৰ্ধসিংহৰ কিংবদন্তিমূলক জীৱ। প্ৰাচীন দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ লোককথাত চিত্ৰিত বহুতো সংকৰ জীৱৰ ভিতৰত এপছন্সি অন্যতম। এজনী অপ্সৰা বা পৰী আৰু এটা সিংহৰ সংমিশ্ৰণ হোৱা বাবে এই জীৱবিধক এপছন্সিংহ, এপছন্সিংঘ, অপ্সৰাসিংঘ বা অপ্সৰাসিংহ বুলিও কোৱা হয়। পুৰুষ দেৱদূত আৰু সিংহৰ সংমিশ্ৰণক থেপ্নোৰাছি (ইংৰাজী: Thepnorasi) বুলি কোৱা হয়। এই জীৱবিধক আধা সিংহ আৰু আধা মানুহ সদৃশ মানুছিহা (ইংৰাজী: Manussiha) নামৰ এক বাৰ্মিজ পৌৰাণিক জীৱ সৈতে তুলনা কৰিব পাৰি৷১
কিংবদন্তীৰ কাহিনী অনুসৰি এপছন্সিয়ে হিমালয় পৰ্বতৰ গভীৰত অৱস্থিত হিমবন্তত নামৰ অদৃশ্য পৌৰাণিক অৰণ্যত বাস কৰে।২ এপছন্সি হৈছে আধা মহিলা আৰু আধা সিংহ সদৃশ মূৰ্তি যাক ক্ষতিৰ পৰা ৰক্ষাকৰ্তা বুলি বিশ্বাস কৰা হয়।৩ থাইলেণ্ডৰ বেংককৰ ঐতিহাসিক ক্ষেত্ৰত থকা পান্না পাথৰৰ বৌদ্ধ মন্দিৰ “ৱাট ফ্ৰা কাউ”ত পহৰা দি থিয় হৈ থকা এটা এপছন্সিৰ মূৰ্ত্তি স্থাপিত কৰা আছে।
অন্য থাই কিংবদন্তীমূলক জীৱ
সুভন্নমচ্ছ বা সুৱৰ্ণমৎস্য থাই ভাষাৰ লগতে দক্ষিণ-পূব এছিয়াৰ বিভিন্ন ৰামায়ণ সংস্কৰণত উল্লিখিত টছাকনাথ বা ৰাৱণৰ জীয়ৰী। সুৱৰ্ণমৎস্যৰ আক্ষৰিক অৰ্থ হৈছে সোণোৱালী মাছ।৪
মনোহৰা হৈছে অৰ্ধমানৱী তথা অৰ্ধপক্ষীৰূপী এগৰাকী কিন্নৰী। তেওঁ জাতকৰ এক আখ্যানৰ নায়িকা।
কিন্নৰ হৈছে হিন্দু আৰু বৌদ্ধ ধৰ্মত এক স্বৰ্গীয় সংগীতজ্ঞ। তেওঁলোক আংশিকভাৱে মানুহ আৰু আংশিকভাৱে পক্ষী।
নং টানি বা নাং টানি থাই লোককথাৰ এক নাৰী আত্মা বা উপদেৱতা (দেৱী)।
তথ্যসূত্ৰ
- ↑ Dr., Tin Mg Oo. (2005). Aspects of Myanmar Culture. Cho-Tay-Than Bookhouse. পৃ. 28
- ↑ The World’s Only Thai Town. Thai Community Development Center
- ↑ Kinnari and Apsonsi, All the Legends, Myths and Mysteries. Luxury Thailand Travel
- ↑ Satyavrat Sastri. (2006). Discovery of Sanskrit Treasures: Epics and Puranas. Yash Publications. পৃ. 77. ISBN 978-81-89537-04-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এপছন্সি” প্ৰবন্ধৰ সংশোধন ৫৩০৬৭৯ (৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।