অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জামিলা বুৱাজ্জা

জামিলা বুৱাজ্জা (আৰবী: جميلة بوعزة; ১৯৩৮ – ১২ জুন ২০১৫), আছিল এজন আলজেৰিয়ান মহিলা উগ্ৰপন্থী, যিয়ে আলজেৰিয়ান জাতীয়তাবাদক সমৰ্থন কৰিছিল আৰু ফৰাচী ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰিছিল।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৬ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

জামিলা বুৱাজ্জা (আৰবী ভাষা: جميلة بوعزة; ১৯৩৮ – ১২ জুন ২০১৫), আছিল এজন আলজেৰিয়ান মহিলা উগ্ৰপন্থী, যিয়ে আলজেৰিয়ান জাতীয়তাবাদক সমৰ্থন কৰিছিল আৰু ফৰাচী ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰিছিল। ১৯৫৭ চনৰ এপ্ৰিল মাহত আলজিয়াৰ্ছৰ কক হাৰ্ডি কেফেৰ টেৰেচত বোমা স্থাপন কৰি চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হোৱা ঘটনাৰ বাবে তেওঁক স্মৰণ কৰা হয়। প্ৰথমতে ফ্ৰান্সৰ সামৰিক আদালতে তেওঁক মৃত্যুদণ্ড দিছিল যদিও অৱশেষত ১৯৬২ চনত ইভিয়ান চুক্তিৰ অধীনত তেওঁক মুকলি কৰি দিয়া হয়।১২৩

জীৱনী

আলজেৰিয়া যুদ্ধৰ সময়ত জামিলাই আলজিয়াৰ্ছৰ ডাক পৰীক্ষা কেন্দ্ৰত কাম কৰিছিল, য'ত ফৰাচী ঔপনিৱেশিক শাসন ব্যৱস্থাৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিত হৈ আছিল আৰু তেওঁ ফৰাচী-আলজেৰিয়ান সহকৰ্মীসকলৰ মাজত মিছ চা চা চা বুলি জনা গৈছিল।৪ জামিলা বৌহাইৰ্ড নিযুক্তি দি তেওঁ এফ এল এন ৰ এগৰাকী সক্ৰিয় সদস্য হৈ পৰে যাৰ উদ্দেশ্য আছিল আলজেৰিয়াৰ স্বাধীনতা।৩

কক হাৰ্ডিৰ কাণ্ড

১৯৫৭ চনৰ ২৬ জানুৱাৰীত বুৱাজ্জাক ধনী ফৰাচী আলজেৰিয়ানসকলৰ জনপ্ৰিয় স্থান কক হাৰ্ডি বাৰত বোমা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হয়। কোনোমতে তাই চকীদাৰৰ দৃষ্টিৰ পৰা আঁতৰি আহি ভিতৰতে বোমাটো এৰি থৈ যায়। বিস্ফোৰণত চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ষাঠিজন আহত হয়। আলজেৰিয়ানসকলে নায়িকা হিচাপে গণ্য কৰা জামিলাক ফৰাচীসকলে সন্ত্ৰাসবাদী হিচাপে গ্ৰেপ্তাৰ কৰে।৪

২৫ এপ্ৰিলত বুৱাজ্জাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁ বোমাটো স্থাপন কৰা বুলি স্বীকাৰ কৰিছিল। জেৰাৰ পিছত তেওঁক মেইছন-কেৰীৰ কাৰাগাৰত আৱদ্ধ কৰি ৰখা হয়, কৰ্মী জামিলা বৌহিৰেড, জেকলিন গুয়েৰ'ডজ আৰু জোহৰা ড্ৰিফৰ সৈতে।১৪৫ ১৯৫৭ চনৰ জুলাই মাহৰ মাজভাগত হোৱা বিচাৰত বুৱাজ্জা আৰু জামিলা বৌহাইৰ্ড দুয়োকে মৃত্যুদণ্ড দিয়া হয়। বুৱাজ্জাই বোমা বলি হোৱা লোকসকলৰ বাবে দুখ প্ৰকাশ কৰাৰ বিপৰীতে বৌহাইৰ্ডে নিজৰ জাতীয়তাবাদ নিশ্চিত কৰে।৬

কেইবাবছৰ কাৰাগাৰত থকাৰ পিছত অৱশেষত ১৯৬২ চনত ইভিয়ান চুক্তিৰ পিছত বুৱাজ্জাক মুকলি কৰি দিয়া হয়। ২০১৫ চনৰ ১২ জুনত আলজিয়াৰ্ছত ৭৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।১

তথ্যসূত্ৰ

  1. ↑ (14 June 2015). Décès de Djamila Bouazza, l'un des symboles de la Révolution Algérienne. Radio Algérienne
  2. ↑ Zineb, Abbès. (12 June 2015). La grande moudjahida Djamila Bouazza n'est plus. Algérie1.com
  3. ↑ (17 March 1958). ALGERIA: Tac-Tac-Tac. Time
  4. ↑ Delpard, Raphaël. (2012). Ils ont vécu dans l'Algérie en guerre. Archipe. ISBN 9782809807349
  5. ↑ Thénault, Sylvie. (2012). Defending Algerian Nationalists in the Fight for Independence: The Issue of the "Rupture Strategy". Le Mouvement Social. Le Mouvement Social, Vol 240. পৃ. 121–135
  6. ↑ (17 July 1957). DIX CONDAMNATIONS A MORT - dont six par contumace -CONTRE LES AUTEURS DES ATTENTATS DU MILK BAR ET DU COQ-HARDI. Le Monde

সম্পৰ্কিত শ্ৰেণী

আলজেৰিয়াৰ ব্যক্তিমহিলা উগ্ৰপন্থী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামিলা বুৱাজ্জা” প্ৰবন্ধৰ সংশোধন ৫৭৫৫১৯ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।