অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জামিলা বৌহাইৰ্ড

জামিলা বৌহাইৰ্ড (আৰবী: جميلة بوحيرد, জন্ম জুন ১৯৩৫) এজন আলজেৰিয়ান জাতীয়তাবাদী উগ্ৰপন্থী, যিয়ে নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সদস্য হিচাপে আলজেৰিয়াত ফৰাচী ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰিছিল।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৬ ২৮৮ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জামিলা বৌহাইৰ্ড (আৰবী: جميلة بوحيرد, জন্ম জুন ১৯৩৫১) এজন আলজেৰিয়ান জাতীয়তাবাদী উগ্ৰপন্থী,১ যিয়ে নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সদস্য হিচাপে আলজেৰিয়াত ফৰাচী ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰিছিল।

১৯৫৭ চনত আলজেৰিয়াৰ আন এগৰাকী বিদ্ৰোহী জামিলা বুৱাজ্জাৰ সৈতে কেফেত বোমা বিস্ফোৰণ কৰি ১১ জন লোকক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত হয়। মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয় যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁক ৰক্ষা কৰাৰ বাবে চলোৱা অভিযানৰ পিছত এই শাস্তি হ্ৰাস কৰা হয় আৰু ১৯৬২ চনত কাৰাগাৰৰ পৰা মুক্তি পায়।

জীৱনী

জামিলা বৌহাইৰ্ডৰ জন্ম হৈছিল ঔপনিৱেশিক আলজেৰিয়াৰ এটা মধ্যবিত্ত পৰিয়ালত।২ তেওঁৰ ভাতৃসকল আণ্ডাৰগ্ৰাউণ্ড জাতীয়তাবাদী প্ৰতিৰোধ আন্দোলনৰ সৈতে জড়িত আছিল আৰু জামিলা বৌহাইৰ্ডে ছাত্ৰ কৰ্মী হৈ থকাৰ সময়তে নেচনেল লিবাৰেচন ফ্ৰণ্ট (এফ এল এন)ত যোগদান কৰিছিল। আলজেৰিয়া যুদ্ধৰ সময়ত তেওঁ আলজিয়াৰ্ছত এফ এল এন কমাণ্ডাৰ ছাদি ইয়াচেফৰ যোগাযোগ এজেণ্ট হিচাপে কাম কৰিছিল।৩

১৯৫৭ চনৰ এপ্ৰিল মাহত কাছবাহত এক বৃহৎ পৰিকল্পিত বিক্ষোভৰ পূৰ্বে ফৰাচীসকলে তেওঁক বন্দী কৰি তথ্যৰ বাবে অত্যাচাৰ কৰে। জামিলা বৌহাইৰ্ডে কয় যে তেওঁ কোনো ভুল স্বীকাৰ কৰা নাছিল বা এফ এল এনৰ বিষয়ে কোনো গোপনীয় তথ্য প্ৰকাশ কৰা নাছিল। বৌহিৰেডৰ মতে, মুঠ ১৭ দিন ধৰি এই নিৰ্যাতন চলিছিল।

গ্ৰেপ্তাৰ আৰু মৃত্যুদণ্ড

১৯৫৭ চনৰ জুলাই মাহত ফৰাচী বসতিপ্ৰধান লোকে সঘনাই অহা-যোৱা কৰা কেফে এখনত বোমা বিস্ফোৰণ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে আন এজন আলজেৰিয়ান বিদ্ৰোহী জামিলা বুৱাজ্জা নামৰ ১৯ বছৰীয়া সংগীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হয়।[3] সেই সময়ত আলজেৰিয়াৰ জাতীয়তাবাদীসকলৰ কাৰ্যৰ প্ৰতি সহানুভূতিশীল ফৰাচী অধিবক্তা জেক ভাৰ্জেছে তেওঁৰ গোচৰৰ কথা শুনি তেওঁক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত লয়। বিচাৰৰ সময়ত ভাৰ্জেছে জামিলা বৌহাইৰ্ডৰ হৈ জনসংযোগ অভিযান চলাইছিল আৰু ফ্ৰান্স চৰকাৰে নিজেই বোমা বিস্ফোৰণ কৰা বুলি অভিযোগ কৰিছিল। ভাৰ্জেছৰ প্ৰচেষ্টা সত্ত্বেও বৌহিৰেডক দোষী সাব্যস্ত কৰা হয় আৰু গিলোটিনৰ দ্বাৰা মৃত্যুদণ্ড দিয়া হয়।

ভাৰ্জেছে সহযোগীভাৱে এটা আবেদন লিখিছিল যে জামিলা বৌহাইৰ্ডে মৃত্যুদণ্ড লাভ কৰিব নালাগে। সমগ্ৰ আলজেৰিয়া আৰু বিদেশত গঠন হোৱা বিভিন্ন প্ৰতিবাদী গোটে চৰকাৰক তেওঁক হত্যা নকৰিবলৈ লবীং কৰিছিল, য’ত মৰক্কোৰ ৰাজকুমাৰী লালা আইচাও আছিল, যিয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ৰেনে ক’টিৰ সৈতে যোগাযোগ কৰি বৌহিৰেডক মৃত্যুদণ্ডৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ কৰিছিল। ৰক্ষা পোৱাৰ পিছত জামিলা বৌহাইৰ্ডে ১৯৬২ চনলৈকে ৰেইমছ কাৰাগাৰত কাৰাদণ্ড ভুগিছিল।২ যুদ্ধৰ অন্ত ওচৰ চাপি অহাৰ লগে লগে তেওঁক আন বহুতো আলজেৰিয়ান বন্দীৰ সৈতে মুকলি কৰি দিয়া হয়।

ভাৰ্জেছে ফ্ৰান্সৰ ঔপনিৱেশিক চৰকাৰৰ লক্ষ্য হৈ পৰা বুলি দাবী কৰিছিল, যিয়ে তেওঁৰ বিৰুদ্ধে কেইবাটাও ব্যৰ্থ হত্যাৰ চেষ্টা চলাইছিল, য'ত তেওঁৰ এপাৰ্টমেণ্টত ৰখা বোমা আৰু তেওঁৰ গাড়ীত আন এটা বোমা আছিল।৪

যুদ্ধৰ পিছৰ জীৱন

আলজেৰিয়াৰ স্বাধীনতাৰ এবছৰৰ পিছত জামিলা বৌহাইৰ্ড আৰু ভাৰ্জেছে বিবাহপাশত আবদ্ধ হয়, তেতিয়ালৈকে ভাৰ্জেছে ইছলাম ধৰ্ম গ্ৰহণ কৰি প্ৰথম নাম মনছুৰ গ্ৰহণ কৰে। দম্পতীহালৰ দুটা সন্তান আছিল মেৰিয়াম আৰু লিছ ভাৰ্জেছ। ১৯৭০ চনত বৌহাইৰ্ডে সাত বছৰ একেলগে থকাৰ পিছত ভাৰ্জেছৰ পৰা পৃথক হয়।৪ তেওঁ স্বাধীন আলজেৰিয়াত আলজেৰিয়ান মহিলা সংস্থাৰ অধ্যক্ষ হৈছিল আৰু আলজেৰিয়াৰ ৰাষ্ট্ৰপতি আহমেদ বেন বেলাৰ সঘনাই সমালোচক আছিল।

জামিলা বৌহাইৰ্ডে এতিয়া আলজিয়াৰ্ছত থাকে, আৰু ২০১৯ চনৰ আলজেৰিয়াৰ প্ৰতিবাদকে ধৰি কেইবাটাও কাৰণত প্ৰতিবাদ আৰু সমদলত অংশগ্ৰহণ কৰি আছে।৫

তথ্যসূত্ৰ

  1. ↑ Kuhlman, Erika A. (2002). A to Z of women in world history. Infobase Publishing. পৃ. 176. ISBN 978-0-8160-4334-7
  2. ↑ Bouhired, Djamila (1937—). Encyclopedia.com
  3. ↑ "A Savage Peace: Algeria 1954-1962, by Alistair Horne, copyright 1977, 1987, 1996 and 2006 by Alistair Horne
  4. ↑ Un couple mythique: Jacques Vergès et Djamila Bouhired. ChoufChouf
  5. ↑ Algeria: Tens of thousands protest president's bid for fifth term. Al Jazeera

সম্পৰ্কিত শ্ৰেণী

আলজেৰিয়াৰ ব্যক্তিমহিলা উগ্ৰপন্থী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামিলা বৌহাইৰ্ড” প্ৰবন্ধৰ সংশোধন ৫৭৮৮১৩ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।