অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

গুগ'ল

গুগ'ল ১০১০০ৰ সমান ডাঙৰ সংখ্যা; অৰ্থাৎ ১ৰ পিছত ১০০ শূন্য লগালে পোৱা সংখ্যা। ১০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০০

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গুগ'ল ১০১০০ৰ সমান ডাঙৰ সংখ্যা; অৰ্থাৎ ১ৰ পিছত ১০০ শূন্য লগালে পোৱা সংখ্যা।

১০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০০

এই শব্দ প্ৰথম ১৯৩৮ত ব্যৱহাৰ কৰা হৈছিলে১ আমেৰিকাৰ গণিতজ্ঞ এড্বাৰ্ড কাস্নাৰৰ ৯ বছৰীয়া ভতিজা মিল্টন চিৰটাৰ দ্বাৰা। কাস্নাৰে এই শব্দ ৯১৪০ত নিজৰ গ্ৰন্থ মেথেমেতিক্স এণ্ড ইমেজিনেচনৰ সহায়ত জনপ্ৰিয় কৰিলে। গুগ'লৰ অন্য নাম চুটি স্কেলত দহ দুঅট্ৰিগিণ্টিলিয়ন, দীঘল স্কেলত দহ হাজাৰ চেক্সদেচিলিয়ন, আৰু পেলেটিয়াৰ দীঘল স্কেলত দহ চেক্সদেচিলিয়াৰ্ড

আকাৰ

গণিতত গুগ'লৰ কোনো বিশেষ স্থান নাই। কিন্তু ই অন্য ডাঙৰ সংখ্যাক দৰ্শাবলৈ ব্যৱহাৰ হয়। কাস্নাৰে এই সংখ্যা 'ভাবিব নোৱাৰা ডাঙৰ সংখ্যা' আৰু 'অসীম'ৰ মাজৰ পাৰ্থক্য বুজাবলৈ ব্যৱহাৰ কৰিছিল, এনেদৰেই কেতিয়াবা গুগ'লক পাঠদানতো ব্যৱহাৰ কৰা হয়। গুগ'লৰ আকাৰৰ এক অনুমান পাবলৈ এই তথ্যকেইটা মন কৰিব পাৰি যে, ১ x ১০-৩০কিলোগ্ৰামতকৈ অলপ কম ইলেক্ট্ৰনৰ ভৰ আৰু দেখি পোৱা ব্ৰহ্মাণ্ডৰ ভৰ (১ x ১০৫০ৰ পৰা ১ x ১০৬০)ৰ অনুপাত প্ৰায় ১০৮০ৰ পৰা ১০৯০ৰ ভিতৰত, গুগ'লতকৈ অতি সৰু।

কাৰ্ল চাগানৰ মতে ব্ৰহ্মাণ্ডত মৌলিক কণাৰ সংখ্যা প্ৰায় ১০৮০, আৰু যদi গোটেই ব্ৰহ্মাণ্ড খালি ঠাই নেৰাকৈ নিউট্ৰনৰেই গঠিত, সেই সংখ্যা প্ৰায় ১০১২৮।২

বৃহৎ ব্লেক হ'লৰ (প্ৰায় ১ গেলেক্সি-ভৰৰ (১০১১ সৌৰ ভৰ)) বিঘটনৰ সময় হকিং ৰেডিয়েচনৰ বাবে ১০১০০ বছৰমান।৩

চৰিত্ৰ

গুগ'ল প্ৰায় ৭০! (৭০ৰ ফেক্টৰিয়েল)। বাইনেৰী প্ৰণালীত এই সংখ্যাক ৩৩৩ বিট লাগিব। ১ গুগ'ল ≈ ২৩৩২.১৯২৮০৯৪৯, বা নিৰ্দিষ্টভাৱে ⟨2^{(100/\mathrm{log}_{10}2)}⟩।

গুগ'লৰ ৰেচিডিউ (mod n) হয় 0, 0, 1, 0, 0, 4, 4, 0, 1, 0, 1, 4, 3, 4, 10, 0, 4, 10, 9, 0, 4, 12, 13, 16, 0, 16, 10, 4, 16, 10, 5, 0, 1, 4, 25, 28, 10, 28, 16, 0, 1, 4, 31, 12, 10, 36, 27, 16, 11, 0, ...

সাংস্কৃতিক প্ৰভাৱ

এই শব্দ শুনা যায়, প্ৰায় একে নামৰেই প্ৰযতিস্থান 'গুগল'ৰ ক্ষেত্ৰত। প্ৰতিষ্ঠানটো আৰম্ভ কৰাকেইজনে গুগ'ল শব্দটো ভুলকৈ লিখিলে৪। এই শব্দক লোৱা হৈছিল এনে বুজাবলৈ যে সন্ধান ইঞ্জিনটোৱে বৃহৎ পৰিমাণৰ ফলাফল দেখুৱাব।৫ ২০০৪ত কাস্নাৰৰ বংশধৰে গুগলক এই শব্দ চুৰি কৰাৰ বাবে আইনৰ কাষলৈ নিয়াৰ কথাও কৈছিল৬, পিছে তেনে কৰা নহ'ল।

এই বিষয়টো ২০০১ৰ হু ৱাণ্টছ টু বি এ মিলিয়নেয়াৰৰ ১ মিলিয়নৰ পাউণ্ডৰ প্ৰশ্ন হোৱাৰ বাবে জনা যায়, যাৰ উত্তৰ দি খেলুৱৈজন বিজয়ী হ'ল।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kasner, Edward and Newman, James R. (1940). Mathematics and the Imagination. Simon and Schuster, New York. ISBN 0-486-41703-4
  2. ↑ Sagan, Carl. (1981). Cosmos. Book Club Associates. পৃ. 220–221
  3. ↑ Particle emission rates from a black hole: Massless particles from an uncharged, nonrotating hole, Don N. Page, Physical Review D'13' (1976), pp. 198–206. . See in particular equation (27)
  4. ↑ Koller, David. (January 2004). Origin of the name "Google". Stanford University
  5. ↑ Google! Beta website. Google, Inc
  6. ↑ Have your Google people talk to my `googol' people
  7. ↑ Falk, Quentin; Falk, Ben. (2005). Television's Strangest Moments: Extraordinary But True Tales from the History of Television. Franz Steiner Verlag. পৃ. 245–246. ISBN 9781861058744

সম্পৰ্কিত শ্ৰেণী

সংখ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুগ'ল” প্ৰবন্ধৰ সংশোধন ৬৩০৯৪৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।