পোলেণ্ড
৬ প্ৰবন্ধ
-
পোলেণ্ড
পোলেণ্ড মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশৰ ৰাজধানী ৱাৰ্ছ'। পোলেণ্ডৰ পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ পোলেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত।
-
গাৱেণ্ডা
গাৱেণ্ডা (পোলিছ: Gawęda) হ’ল পোলেণ্ডৰ মৌখিক লোককথাৰ এক ধাৰা। লগতে ই এক মহাকাব্যিক সাহিত্যিক ধাৰা যিবোৰ মৌখিক কাহিনীৰ শৈলীত ৰচনা কৰা হয়। ই পোলেণ্ডৰ ঘৰুৱা পৰম্পৰাৰ সৈতে জড়িত আৰু প্ৰায়ে হাস্যৰস, আৱেগ, ব্যংগ আৰু ঐতিহাসিক উপাদানৰ সংমিশ্ৰণ ঘটোৱা গদ্য বা পদ্যৰ আখ্যান।
-
কুৰৌ
কুৰৌ প'লেণ্ডৰ দক্ষিণ-পূব অঞ্চলৰ এখন গাঁও। ই পুলাৱে আৰু লুবলিন মাজত কুৰৌকা নদীৰ পাৰত অৱস্থিত। ই এখন পৃথক গ্লিমা-ৰ ৰাজধানী আৰু ইয়াত প্ৰায় ২৮১১ (২০০৫চনৰ সমীক্ষা) বাসিন্দা আছে।
-
পোলিছ প্ৰবাদ
পোলিছ প্ৰবাদ / পোলীয় প্ৰবাদ (পোলিছ: Przysłowia polskie) সংখ্যাত কেইবা দশ হাজাৰতকৈও অধিক বিদ্যমান; ইয়াৰ ভিতৰত বহুতো প্ৰবাদৰ উৎপত্তি মধ্যযুগত। বৰ্তমানলৈকে জনা মতে আটাইতকৈ প্ৰাচীন পোলিছ প্ৰবাদটোৰ তাৰিখ ১৪০৭ চন।
-
পোলেণ্ড আৰু ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ কাঠৰ গীৰ্জাসমুহ
পোলেণ্ড আৰু ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ কাঠৰ গীৰ্জাসমুহ পোলেণ্ড আৰু ইউক্ৰেইনত অৱস্থিত কাঠেৰে নিৰ্মিত পূব অৰ্থডক্স গীৰ্জা আৰু গ্ৰীক কেথলিক গীৰ্জাসমূহৰ এটা গোট। এই গীৰ্জাসমূহ ২০১৩ চনত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
পোলেণ্ডত খ্ৰীষ্টমাচ
পোলেণ্ডত খ্ৰীষ্টমাচ বিশ্বৰ বেছিভাগ খ্ৰীষ্টান দেশৰ দৰেই এক বছৰেকীয়া প্ৰধান উৎসৱ। প্ৰাচীন কালৰ পৰা আৰম্ভ কৰি শতিকাজুৰি ধীৰে ধীৰে খ্ৰীষ্টমাছ পালন পৰম্পৰাৰ বিকাশ হৈছিল; কেথলিক গীৰ্জাই পোলেণ্ডক খ্ৰীষ্টানীকৰণ কৰাৰ পিছত পোলেণ্ডৰ পুৰণি পৰম্পৰাগত ৰীতি-নীতিৰ সৈতে প্ৰৱৰ্তন কৰা ধৰ্মীয় ৰীতি-নীতিৰ সংমিশ্ৰণ…