অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গায়ত্ৰী যোশী

গায়ত্ৰী যোশী (Gayatri Joshi, জন্ম ২০ মাৰ্চ ১৯৭৭) হৈছে এগৰাকী ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ অভিনয় কৰা প্ৰথমখন চলচ্চিত্ৰ ২০০৪ চনত মুক্তিপ্ৰাপ্ত 'স্বদেশ'।

হালনাগাদ: ১৩ অক্টোবৰ ২০২০ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

গায়ত্ৰী যোশী (Gayatri Joshi, জন্ম ২০ মাৰ্চ ১৯৭৭) হৈছে এগৰাকী ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ অভিনয় কৰা প্ৰথমখন চলচ্চিত্ৰ ২০০৪ চনত মুক্তিপ্ৰাপ্ত 'স্বদেশ'।

জন্ম পৰিচয়

মাৰাঠী ভাষী পৰিয়ালত গায়ত্ৰী যোশীৰ জন্ম হয় ১৯৭৭ চনৰ ২০ মাৰ্চত মহাৰাষ্ট্ৰৰ নাগপুৰত।১ তেওঁ নাগপুৰৰ মাউণ্ট কাৰমেল হাইস্কুলত পঢ়িবলৈ লয় যদিও পৰিয়াল সহ বোম্বাইলৈ যোৱাৰ পিছত ডাডাৰ জে.বি. ভাচ্চা হাইস্কুলত পঢ়িবলৈ লয়। স্কুলীয়া জীৱন সাং কৰাৰ পিছত চাইডেনহাম কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক কৰে।১

২০০৫ চনত তেওঁ বিকাশ অবিৰইৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১

কেৰিয়াৰ

১৯৯৯ চনত ফেমিনা মিচ ইণ্ডিয়া বিউটি প্ৰতিযোগিতাৰ যোশী আছিল চূড়ান্ত পাঁচজন প্ৰাৰ্থীৰ ভিতৰৰ এজন,২ আৰু তেওঁ দৰ্শনসকলৰ পৰা ভোট লাভ কৰি চনী ইণ্টাৰটেণ্টমেণ্ট চেনেলৰ অভিষেক লাভ কৰিছিল। জাপানৰ ২০০০ চনত মিচ ইণ্টাৰনেচনেল ইভেণ্টত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছিল।২ তেওঁ কেইটামান বিজ্ঞাপনৰ মডেল হিচাপে কাম কৰিছিল। তেওঁক জগজিৎ সিংৰ গজল 'কাগজ কী কস্তী' আৰু 'হঁস ৰাজ হঁস ঝানজৰিঅ' আদি ভিডিঅ’টো দেখা গৈছিল।৩

কলেজত পঢ়ি থকা সময়ত তেওঁ বোম্বাই ডাইং, ফিলিপছ্‌, পণ্ডচ্‌, এড্ৰেচ্‌, চান্দচিল্ক আৰু এল.জি; লগতে শাহৰুখ খানৰ সৈতে হণ্ডাৰ বিজ্ঞাপনো কৰিছিল।৩ তেওঁ ২০০১ৰ কেটলগ আৰু কেলেণ্ডাৰত মডেল কৰে। ২০০৪ চনৰ ডিচেম্বৰত আশুতোষ গোৱাৰিকাৰ চলচ্চিত্ৰ 'স্বদেশ'ৰ যোগেদি তেওঁ বলিউদত আত্মপ্ৰকাশ কৰে, চলচ্চিত্ৰখনত যোশীৰ বিপৰীতে অভিনয় কৰিছে অভিনেতা শাহৰুখ খানে।৪৫৬ 'স্বদেশ' ভাৰতীয় চলচ্চিত্ৰ সমালোচকসকলোৰ পৰা খুব প্ৰশংসা লাভ কৰে।

চলচ্চিত্ৰপুঞ্জী

চনচলচ্চিত্ৰটোকা
২০০৪স্বদেশবলিউডত আত্মপ্ৰকাশ

বঁটা আৰু সন্মান

  • বলিউড মুভী এৱাৰ্ড, শ্ৰেষ্ঠ অভিষেক অভিনেত্ৰী - স্বদেশ (২০০৫)
  • ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড, মষ্ট প্ৰমিচিং নিউকামাৰ - স্বদেশ (২০০৫)
  • জি চিনে এৱাৰ্ড, শ্ৰেষ্ঠ অভিষেক অভিনেত্ৰী - স্বদেশ (২০০৫)
  • গ্লবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডচ্‌, শ্ৰেষ্ঠ নবাগত অভিনেত্ৰী - স্বদেশ (২০০৫)

তথ্যসূত্ৰ

  1. ↑ Gayatri Joshi Biography. Imdb.com
  2. ↑ (12 April 2005). Goddess Gayatri. The Telegraph (Calcutta)
  3. ↑ Basu, Arundhati. (5 February 2005). Reaching for the stars. The Telegraph (Calcutta)
  4. ↑ Chaubey, Parinita. (May 2, 2019). Roles Reversed On Swades Set: When Shah Rukh Khan 'Took Over' The Camera To Shoot His Director. NDTV
  5. ↑ Akshay Kumar-Twinkle Khanna's movie date with Swades actress Gayatri Joshi. India Today
  6. ↑ D, Avantika. (December 23, 2019). Missing: Why did Gayatri Joshi quit Bollywood after a dream debut?. Yahoo News

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গায়ত্ৰী যোশী” প্ৰবন্ধৰ সংশোধন ২৪৯০৭৬ (১৩ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।