অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

গাম-ক'ভিড-ভেক

গাম-ক'ভিড-ভেক (Gam-COVID-Vac; Гам-КОВИД-Вак) হৈছে ৰাছিয়াৰ Gamaleya Research Institute of Epidemiology and Microbiologyয়ে উদ্ভাৱন কৰা ক'ভিড-১৯ৰ এবিধ প্ৰতিষেধক। এই প্ৰতিষেধকটো Ministry of Health of the Russian Federationত ২০২০ চনৰ ১১ আগষ্টত পঞ্জীয়ণ কৰা হৈছিল।

হালনাগাদ: ১১ জুন ২০২১ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গাম-ক'ভিড-ভেক (Gam-COVID-Vac; Гам-КОВИД-Вак) হৈছে ৰাছিয়াৰ Gamaleya Research Institute of Epidemiology and Microbiologyয়ে উদ্ভাৱন কৰা ক'ভিড-১৯ৰ এবিধ প্ৰতিষেধক। এই প্ৰতিষেধকটো Ministry of Health of the Russian Federationত ২০২০ চনৰ ১১ আগষ্টত পঞ্জীয়ণ কৰা হৈছিল।১২ ২০২০ চনৰ ৮ আগষ্টলৈকে এই প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰাইল প্ৰকাশ কৰা হোৱা নাছিল।৩ জাৰ্মান বাতৰি কাকত Der Tagesspiegelৰ মতে ভাৰত, ব্ৰাজিল, চৌদি আৰৱ আদি কুৰি খনতকৈও অধিক দেশে এই প্ৰতিষেধকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে।৪

ইতিহাস

গামালয়া ৰিছাৰ্চ চেণ্টাৰ অৱ এপিডাৰমিঅ'লজি এণ্ড মাইক্ৰ'বায়লজিয়ে ২০২০ চনৰ মে' মাহত কোনো পাৰ্শক্ৰিয়া নথকা কভিড−১৯ৰ এটা প্ৰতিষেধক প্ৰস্তুত কৰি থকাৰ কথা ঘোষণা কৰিছিল।৫

২০২০ চনৰ ১ আগষ্টত ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰী মিখাইল মোৰাস্কোয়ে প্ৰতিষেধকৰ "ক্লিনিকেল ট্ৰায়েল সম্পন্ন হ'ল" বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।৬

২০২০ চনৰ ১১ আগষ্টত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন হোৱাৰ আগতেই প্ৰতিষেধকৰ অনুমোদন প্ৰদানৰ কথা ঘোষণা কৰে। ২০২০ চনৰ অক্টোবৰত ৰাছিয়াত প্ৰতিষেধক প্ৰদানৰ আশা কৰা হৈছে আৰু বৈদেশিক বজাৰত এই প্ৰতিষেধকৰক "স্পুটনিক V (Sputnik V)" বুলি নামকৰণ কৰা হ'ব।৭৮ ৰাছিয়া আৰু অন্য দেশৰ বিশেষজ্ঞসকলে তৃতীয় পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ নকৰাকৈ অনুমোদন জনোৱা বাবে সুৰক্ষাৰ নীতি পালন কৰাৰ পৰামৰ্শ আগবঢ়াইছে, কিয়নো তৃতীয় পৰ্যায়ত এই প্ৰতিষেধকৰ সফলতাৰ হাৰ মাত্ৰ ৪০% আছিল।৯

বিৱৰণ

গামালয়াৰ প্ৰতিষেধকটো হৈছে একপ্ৰকাৰৰ ভাইৰেল ভেক্টৰ প্ৰতিষেধক। ই মানৱ এডেন'ভাইৰাছ (adenovirus) — এবিধ সাধাৰণ পানী লগা জ্বৰৰ ভাইৰাছ — ছাৰ্ছ কভ ২ ভাইৰাছৰ স্পাইক প্ৰ'ট্ৰিনৰ সৈতে সংলগ্ন কৰি এক অসংক্ৰমণ প্ৰতিক্ৰিয়াৰ উদ্দীপন সৃষ্টি কৰে।১০ "ইবলা ভাইৰাছৰ বিপক্ষে কাৰ্যকৰী, লগতে MERS virusৰ প্ৰতিষেধক" উদ্ভাৱন কৰা বুলি দাবী কৰা একেটা চৰকাৰী পৰীক্ষাগাৰতে গাম-কভিড-ভেকৰ উদ্ভাৱন কৰা হৈছে।১১

সংস্কৰণসমূহ

  • Gam-COVID-Vac Lyo

প্ৰতিক্ৰিয়া

২০২০ চনৰ ১০ আগষ্টত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, বায়েৰ (Bayer), এষ্ট্ৰাজেনেকা (AstraZeneca), নভাৰটিছ (Novartis) ইত্যাদি বৃহৎ বায়ফাৰ্মাচিউটিকেল কোম্পানীৰ সৈতে জড়িত ৰাছিয়াৰ Association of Clinical Trials Organizations এ এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰাইলৰ সফলতা লাভ নকৰালৈকে ইয়াৰ পঞ্জীয়নৰ স্থিতি পিছুৱাই নিবলৈ প্ৰস্তাৱ আগবঢ়াইছে।১২১৩

তথ্যসূত্ৰ

  1. ↑ "Гам-КОВИД-Вак": Россия первой в мире зарегистрировала вакцину от коронавируса. Vesti.ru. Russia-24
  2. ↑ Минздрав России зарегистрировал первую в мире вакцину от COVID-19. Ministry of Health of the Russian Federation
  3. ↑ Между открытием и работающей вакциной — большая дистанция. Kommersant
  4. ↑ Hat Russland den Corona-Impfstoff schon?. Der Tagesspiegel
  5. ↑ (13 June 2020). Russia plans to start producing coronavirus vaccine in September. Daily Sabah
  6. ↑ Clinical trials of Gamaleya center’s coronavirus vaccine are over. TASS
  7. ↑ Tétrault-Farber, Gabrielle; Soldatkin, Vladimir. (11 August 2020). Russia becomes first country to approve a COVID-19 vaccine, says Putin. Reuters
  8. ↑ (11 August 2020). Coronavirus: Putin says vaccine has been approved for use. BBC
  9. ↑ Lo, Andrew; Siah, Kien; Wong, Chi. (14 May 2020). Estimating probabilities of success of vaccine and other anti-infective therapeutic development programs. Harvard Data Science Review. MIT Press
  10. ↑ Coronavirus Vaccine Trials Advance in Race for Covid-19 Protection. Bloomberg
  11. ↑ (10 June 2020). Russia’s RDIF & Prominent Government Lab Progress COVID-19 Vaccine: Production Facility Readied in the Moscow Region. trialsitenews.com
  12. ↑ Фармкомпании призвали Минздрав отложить регистрацию вакцины от COVID-19. Rbc.ru
  13. ↑ Фармрынок РФ просит Минздрав отложить регистрацию вакцины от COVID-19. Deutsche Welle

সম্পৰ্কিত শ্ৰেণী

প্ৰতিষেধক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাম-ক'ভিড-ভেক” প্ৰবন্ধৰ সংশোধন ২৮১৭৮৪ (১১ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।