অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

খেৰোথ মোহিনী বসু

খেৰোথ মোহিনী বসু (:Kheroth Mohini Bose, ਖੇਰੋਥ ਮੋਹਿਨੀ ਬੋਸ; প্ৰায় ১৮৬৬ – ১ জুলাই, ১৯৩৫) এজন ভাৰতীয় চিকিৎসক আৰু খ্ৰীষ্টান মিছনেৰী আছিল যিয়ে ভাৰতৰ আছৰাপুৰ সম্প্ৰদায়ত চিকিৎসা সেৱা আগ বঢ়াইছিল। তেওঁ চাৰ্চ অৱ ইংলেণ্ড জেনানা মিছনেৰী ছ’চাইটিৰ সদস্য আছিল।

হালনাগাদ: ৭ এপ্ৰিল ২০২৫ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

খেৰোথ মোহিনী বসু (:Kheroth Mohini Bose, ਖੇਰੋਥ ਮੋਹਿਨੀ ਬੋਸ; প্ৰায় ১৮৬৬ – ১ জুলাই, ১৯৩৫) এজন ভাৰতীয় চিকিৎসক আৰু খ্ৰীষ্টান মিছনেৰী আছিল যিয়ে ভাৰতৰ আছৰাপুৰ সম্প্ৰদায়ত চিকিৎসা সেৱা আগ বঢ়াইছিল।১ তেওঁ চাৰ্চ অৱ ইংলেণ্ড জেনানা মিছনেৰী ছ’চাইটিৰ সদস্য আছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

খেৰোথ বসু সৰুতে আছৰাপুৰ চহৰলৈ আহিছিল এখন ছোৱালীৰ বিদ্যালয়ত পঢ়িবলৈ। তেওঁৰ ভনীয়েক মোনা বসুও সেই খন স্কুলতে পঢ়িছিল। ১৯ বছৰ বয়সত তেওঁক ভনীয়েকৰ সৈতে ইংলেণ্ডলৈ চিকিৎসা বিদ্যাত অধ্যয়ন কৰিবলৈ পঠিওৱা হয় বিশেষকৈ ভাৰতত মহিলা ৰোগীৰ যত্ন লোৱাৰ বাবে প্ৰশিক্ষণ গ্ৰহণৰ উদ্দেশ্যে। ২ তেওঁৰ এই ১৮ মহীয়া প্ৰশিক্ষণৰ বেছিভাগ সময় ইংলেণ্ডৰ হস্পিতাল ফৰ উইমেন এণ্ড চিলড্ৰেন আৰু ইংৰাজ চিকিৎসকৰ ঘৰত হৈছিল,৩ য’ত তেওঁ ৰোগী পৰিচৰ্যাৰ বাস্তৱ অভিজ্ঞতা লাভ কৰিছিল। তেওঁ গ্ৰেট অৰমণ্ড ষ্ট্ৰীট হাস্পতালতো কিছু প্ৰশিক্ষণ লৈছিল।৪

চিকিৎসা সেৱা

১৮৮৯ চনত ইংলেণ্ডৰ পৰা ঘূৰি অহাৰ পাছত, খেৰোথ মহিনী বসুক অশ্ৰাপুৰৰ চিকিৎসা মিছনটোৰ দায়িত্ব দিয়া হৈছিল।৫ কিছুদিনৰ পাছত অশ্ৰাপুৰত এখন হাস্পতাল নিৰ্মাণ কৰা হয়, য’ত বসুৱেই প্ৰধান চিকিৎসক ৰূপে দায়িত্ব পালন কৰিছিল।২ তেওঁ এই অঞ্চলত ৫০ বছৰ ধৰি চিকিৎসা সেৱা আগবঢ়াইছিল।৬৭ বসু প্ৰায় ১,০০০জন ৰোগীৰ যত্ন লোৱাৰ দায়িত্বত আছিল,সেই ৰুগী সকল ইংৰাজ আৰু ভাৰতীয় উভয় সম্পদায়ৰ আছিল। ১২৮তেওঁ এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত দাই হিচাপেও মানুহৰ মাজত সেৱা আগ বঢ়াইছিল। তেওঁ পঞ্জাবী আৰু ইংৰাজী – দুয়োটা ভাষাতে দক্ষ আছিল। এগৰাকী বিশ্বাসী খ্ৰীষ্টান হিচাপে, বসু গাঁৱখনৰ ধৰ্মীয় জীৱনৰ সৈতে গভীৰভাৱে সম্পৃক্ত আছিল।১ তেওঁ নিয়মিতভাৱে India’s Women and China’s Daughters নামৰ এটা মিছনাৰী সংবাদপত্ৰত প্ৰৱন্ধ লিখিছিল, য’ত তেওঁ অশ্ৰাপুৰৰ ধৰ্মীয় অনুষ্ঠান আৰু নিজৰ চিকিৎসা কাৰ্য্যৰ বিৱৰণ লিখিছিল। তেওঁ The Village of Hope, or, The History of Asrapur শীৰ্ষক এখন কিতাপো লিখিছিল। খেৰোথ মহিনী বসু Lady Irwin Tuberculosis Sanatorium-ৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম আছিল।

মৃত্যু আৰু উত্তৰাধিকাৰ

১৯৩৪ চনৰ অক্টোবৰ মাহত ব'ছে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আৰু ১৯৩৫ চনৰ ১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে।৬ তেওঁৰ মিছনৰ ওচৰত আছিল আৰু সঘনাই ভ্ৰমণ কৰিছিল।৬ চৰকাৰী নথি-পত্ৰত প্ৰকাশ নোহোৱা অসুস্থতাৰ বাবে তেওঁক অস্ত্ৰোপচাৰৰ বাবে লণ্ডনলৈ পঠিওৱা হয়, এই অসুখেই অৱশেষত তেওঁৰ মৃত্যুৰ কাৰণ হয়।২ ১৯৩৫ চনৰ ১ জুলাইত ৬৯ বছৰ বয়সত পাকিস্তানৰ লাহোৰস্থিত ফৰমেন কলেজৰ ঘৰত তেওঁৰ মৃত্যু হয়।৯

বঁটা

  • কৈছাৰ-ই-হিন্দ পদক। ৯

তথ্যসূত্ৰ

  1. ↑ Bose, Kheroth. (1931). The Founders of Araspur and Their Fellow Worker. Church of England Zenana Missionary Society Periodicals. পৃ. 27
  2. ↑ (2018). Church of England Zenana Missionary Society: Roll of missionaries, 1880-1957, vol. 2. পৃ. 13
  3. ↑ (27 September 1890). Zenana Bible and Medical Mission. The Hospital. পৃ. 399
  4. ↑ (2018). Church of England Zenana Missionary Society: General Committee minutes, 1880-1890
  5. ↑ (3 July 1935). Miss K. M. Bose. Times. পৃ. 20
  6. ↑ Bose, Kheroth. "Letter of Resignation." Received by Mr. Mortimore, Araspur-Atari, India, 4 October 1934, Araspur-Atari, India
  7. ↑ (2018). Church of England Zenana Missionary Society: Roll of missionaries, 1880-1924. পৃ. 31–32
  8. ↑ Bose, Kheroth. The Village of Hope, or, The History of Asrapur, Panjab. 2nd ed., London: Church of England Zenana Missionary Society, 1915
  9. ↑ (6 July 1935). Deaths. The Times of India. পৃ. 2

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খেৰোথ মোহিনী বসু” প্ৰবন্ধৰ সংশোধন ৫০২৬৫৪ (৭ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।