অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ক'ষ্টা ৰিকা

ক'ষ্টা ৰিকা (Costa Rica), আনুষ্ঠানিকভাৱে ক'ষ্টা ৰিকা গণৰাজ্য (Republic of Costa Rica), মধ্য আমেৰিকা (Central America)-ত অৱস্থিত এখন দেশ। ইয়াৰ উত্তৰত নিকাৰাগুৱা, উত্তৰ-পূবে কেৰিবিয়ান সাগৰ, দক্ষিণ-পূবে পানামা আৰু দক্ষিণ-পশ্চিমে প্ৰশান্ত মহাসাগৰ অৱস্থিত।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ক'ষ্টা ৰিকা (Costa Rica), আনুষ্ঠানিকভাৱে ক'ষ্টা ৰিকা গণৰাজ্য (Republic of Costa Rica), মধ্য আমেৰিকা (Central America)-ত অৱস্থিত এখন দেশ। ইয়াৰ উত্তৰত নিকাৰাগুৱা, উত্তৰ-পূবে কেৰিবিয়ান সাগৰ, দক্ষিণ-পূবে পানামা আৰু দক্ষিণ-পশ্চিমে প্ৰশান্ত মহাসাগৰ অৱস্থিত। দক্ষিণে কোকোচ দ্বীপ (Cocos Island)-ৰ ওচৰত ইয়াৰ সামুদ্ৰিক সীমা (Maritime boundary) ইকুৱেডৰৰ সৈতে সংযুক্ত। প্ৰায় পঞ্চাশ লাখ লোকৰ বাস এই দেশখনৰ মুঠ মাটিকালিৰ পৰিমাণ প্ৰায় 51,180 sqkm।১ ৰাজধানী তথা সৰ্ববৃহৎ চহৰ ছান হোছে (San José), য'ত প্ৰায় ৩.৫ লাখ লোক বাস কৰে আৰু ইয়াৰ আশে-পাশৰ মহানগৰীয় অঞ্চলত প্ৰায় ২০ লাখ লোকৰ বাস।২

খ্ৰীষ্টপূৰ্ব ১০,০০০-ৰ পৰা ৭,০০০ বছৰৰ ভিতৰত কোনো এক সময়ৰ পৰাই ক'ষ্টা ৰিকাত মানুহৰ বসবাস (Pre-Columbian history of Costa Rica) আৰম্ভ হৈছিল। ষোড়শ শতিকাত স্পেনীয় সাম্ৰাজ্য (Spanish Empire)-ই উপনিৱেশ স্থাপন কৰাৰ পূৰ্বে এই অঞ্চলত বিভিন্ন ক'ষ্টা ৰিকাৰ থলুৱা জনগোষ্ঠী (Indigenous peoples of Costa Rica)-এ বাস কৰিছিল। ১৮২১ চনত প্ৰথম মেক্সিকান সাম্ৰাজ্য (First Mexican Empire)-ৰ অংশ হিচাপে স্বাধীনতা লাভ কৰাৰ আগলৈকে ক'ষ্টা ৰিকা স্পেনীয় সাম্ৰাজ্যৰ এক প্ৰান্তীয় উপনিৱেশ আছিল। ইয়াৰ পিছত ১৮২৩ চনত ই মধ্য আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় গণৰাজ্য (Federal Republic of Central America)-ৰ সদস্য হয় আৰু ১৮৪৭ চনত আনুষ্ঠানিকভাৱে স্বাধীনতা ঘোষণা কৰে। ঊনবিংশ শতিকাৰ শেষভাগত দেশখন তুলনামূলকভাৱে স্থিতিশীল স্বৈৰশাসনৰ অধীনত ক্ৰমাৎ আধুনিকীকৰণৰ মাজেৰে আগবাঢ়ে। সেই সময়তে এখন উদাৰ সংবিধান প্ৰৱৰ্তন কৰা হয় আৰু মধ্য আমেৰিকাৰ প্ৰথমখন মুক্ত আৰু নিৰপেক্ষ ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হয়।৩

১৯৪৮ চনৰ ক'ষ্টা ৰিকাৰ গৃহযুদ্ধ (Costa Rican Civil War)-ৰ পিছত ১৯৪৯ চনত ক'ষ্টা ৰিকাই ইয়াৰ বৰ্তমানৰ সংবিধান (Constitution of Costa Rica) গৃহীত কৰে। এই সংবিধানে সাৰ্বজনীন ভোটাধিকাৰ (Women's suffrage) প্ৰদান কৰাৰ লগতে সকলো নাগৰিকৰ বাবে বিভিন্ন সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক অধিকাৰ নিশ্চিত কৰে। লগতে দেশখনে স্থায়ীভাৱে ক'ষ্টা ৰিকাৰ জনসাধাৰণৰ বাহিনী (Public Force of Costa Rica)-ৰ বাহিৰে নিয়মীয়া সেনাবাহিনী বিলুপ্ত কৰে আৰু স্থায়ী সেনাবাহিনী নথকা (List of countries without armed forces) বিশ্বৰ অতি কম সংখ্যক সাৰ্বভৌম ৰাষ্ট্ৰৰ অন্যতম হিচাপে পৰিগণিত হয়।৪৫৬ ক'ষ্টা ৰিকা এখন ৰাষ্ট্ৰপতিশাসিত গণৰাজ্য (Presidential system) আৰু শক্তিশালী তথা সুস্থিৰ গণতান্ত্ৰিক দেশ।৭ ১৮৮৬ চনৰ পৰা দেশখনত শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক। ৰাষ্ট্ৰীয় বাজেটৰ প্ৰায় এক-চতুৰ্থাংশ শিক্ষা খণ্ডত ব্যয় কৰা হয়, যি দেশখনৰ মুঠ ঘৰুৱা উৎপাদনৰ (GDP) প্ৰায় ৬.২%—বিশ্বব্যাপী গড় ৩.৮%-তকৈ যথেষ্ট বেছি।৮ পূৰ্বতে কৃষিনিৰ্ভৰ ক'ষ্টা ৰিকাৰ অৰ্থনীতি (Costa Rican economy) বৰ্তমান বিত্তীয় সেৱা, বিদেশী কোম্পানীৰ কৰ্প'ৰেট সেৱা, ঔষধ উদ্যোগ আৰু পৰিৱেশ পৰ্যটন (ecotourism)-ক সামৰি বহুমুখী অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে।৯১০

তথ্যসূত্ৰ

  1. ↑ Instituto Geográfico Nacional del Registro Nacional. (2 July 2021). Actualización en el Cálculo de las Áreas Continental e Insular de Costa Rica. Sistema Nacional de Información Territorial
  2. ↑ (18 October 2017). Capital Facts for San José, Costa Rica. World's Capital Cities
  3. ↑ (27 August 2025). Costa Rica - Independence, Democracy, Nature. Britannica
  4. ↑ Abolición del Ejército. El Espíritu del 48
  5. ↑ Costa Rica. World Desk Reference
  6. ↑ Costa Rica. Uppsala University
  7. ↑ (11 March 2017). Amazon invests in Costa Rica as tiny nation carves out profitable niche in world economy
  8. ↑ World Bank Open Data. World Bank Open Data
  9. ↑ The Investment Promotion Agency of Costa Rica. www.cinde.org
  10. ↑ Brierley, Tor. (29 September 2023). Why This Popular Central American Country Is Breaking All Tourism Records Right Now. Travel Off Path

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'ষ্টা ৰিকা” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৬০ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।