ক'লা জীৰা হৈছে ৰাণুকুলেচিয়া পৰিয়ালৰ অন্তৰ্গত পূৱ ভুমধ্যসাগৰীয় অঞ্চল, উত্তৰ আফ্ৰিকা, ভাৰতীয় উপমহাদেশ, আৰু পশ্চিম এছিয়াৰ এক বৃহৎ অঞ্চলৰ এবিধ স্থানীয় একবাৰ্ষিক সপুষ্পক উদ্ভিদ।১
ক'লা জীৰা ২০-৩০ ছেমি (৭.৯–১১.৮ ইঞ্চি) ওখ হয়, পাতল, ৰৈখিক (কিন্তু সূতাৰ দৰে নহয়) পাত থাকে। ফুলবোৰ কোমল, আৰু সাধাৰণতে ৰঙীন হালধীয়া নীলা আৰু বগা ৰঙৰ পাঁচৰ পৰা দহটাকৈ পাহি থাকে। ফলটোত তিনিৰ পৰা সাতটা ঐক্যবদ্ধ ডাঙৰ আৰু ইনফোল্ড কেপচুল থাকে, য'ত অজস্ৰ বীজ থাকে যাক মছলা হিচাপে ব্যৱহাৰ কৰা হয়।১ পাঁচ ফোৰণ নামৰ ভাৰতত প্ৰচলিত এবিধ গোটা মছলা মিশ্ৰণৰ ই এবিধ মুখ্য উপাদান।২
তথ্যসূত্ৰ
- ↑ Engels, Gayle; Brinckmann, Josef. (2017). Nigella sativa. Herbalgram, American Botanical Council
- ↑ Panch Phoron Seeds Glossary | Recipes with Panch Phoron Seeds. Tarladalal.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'লা জীৰা” প্ৰবন্ধৰ সংশোধন ৫০৭৩৯৬ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।