অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ক'ছ'ভ'ৰ নাৰী

ক’ছ’ভ’ৰ মহিলাসকল হ’ল ক’ছ’ভ’ গণৰাজ্যত বাস কৰা বা ক’ছ’ভ’ গণৰাজ্যৰ পৰা অহা মহিলা। যুদ্ধোত্তৰ ৰাষ্ট্ৰৰ নাগৰিক হিচাপে কিছুসংখ্যক ক'ছ'ভ' (বা ক'ছ'ভান) মহিলা ক'ছ'ভ'ৰ পুনৰ্বাসন প্ৰক্ৰিয়াত শান্তি-নিৰ্মাণ আৰু লিংগ সমৰ্থক সমতা স্থাপনৰ প্ৰক্ৰিয়াত অংশগ্ৰহণকাৰী হৈছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৯৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ক’ছ’ভ’ৰ মহিলাসকল হ’ল ক’ছ’ভ’ গণৰাজ্যত বাস কৰা বা ক’ছ’ভ’ গণৰাজ্যৰ পৰা অহা মহিলা। যুদ্ধোত্তৰ ৰাষ্ট্ৰৰ নাগৰিক হিচাপে কিছুসংখ্যক ক'ছ'ভ' (বা ক'ছ'ভান) মহিলা ক'ছ'ভ'ৰ পুনৰ্বাসন প্ৰক্ৰিয়াত শান্তি-নিৰ্মাণ আৰু লিংগ সমৰ্থক সমতা স্থাপনৰ প্ৰক্ৰিয়াত অংশগ্ৰহণকাৰী হৈছে।১ ক’ছ’ভ’ গণৰাজ্যৰ ৰাজনীতি আৰু আইন প্ৰয়োগৰ ক্ষেত্ৰতো ক’ছ’ভ’ৰ মহিলাসকল সক্ৰিয় হৈ পৰিছে। ইয়াৰ উদাহৰণ হ’ল: আতিফেটে জাহজাগাক ক’ছ’ভ’ৰ চতুৰ্থ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা। তেওঁ আছিল প্ৰথম মহিলা,২প্ৰথমগৰাকী দলবিহীন প্ৰাৰ্থী আৰু দেশৰ ৰাষ্ট্ৰপতি পদৰ পদত নিৰ্বাচিত হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি। ৰাষ্ট্ৰপতি হোৱাৰ আগতে তেওঁ ক'ছ'ভ' আৰক্ষীৰ উপ-সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল,৩ তেওঁ মেজৰ জেনেৰেলৰ পদবী লাভ কৰিছিল,৪ যিটো পদবী দক্ষিণ-পূব ইউৰোপৰ মহিলাসকলৰ ভিতৰত সৰ্বোচ্চ।৫

লিংগ সমতা

ভোটাধিকাৰ, সম্পত্তিৰ অধিকাৰ, কামৰ ক্ষেত্ৰত ক’ছ’ভ’ৰ মহিলাসকল কাৰিকৰীভাৱে পুৰুষৰ সম পৰ্যায়ৰ। কিন্তু ক'ছ'ভ'ৰ সকলো ব্যৱসায়ৰ ১০ শতাংশতকৈও কমসংখ্যক মহিলাৰ নেতৃত্বত আছে নাইবা মহিলাৰ মালিকানাধীন অৱস্থাত আছে৷ সকলো ব্যৱসায়িক ঋণৰ ৩ শতাংশতকৈও কম মহিলাৰ হাতলৈ যায়।৬ ইয়াৰ আংশিক কাৰণ এইটোৱেই যে ঋণ লাভৰ বাবে প্ৰয়োজনীয় জামিন মহিলাৰ কতৃত্বত নাথাকে৷ কাৰণ সম্পত্তি মূলতঃ পুৰুষৰ নামতহে পঞ্জীয়ন কৰা হয়। মাত্ৰ ১৮ শতাংশহে মহিলাৰ সম্পত্তিৰ অন্তৰ্ভুক্ত আৰু ৩.৮ শতাংশ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তিৰ মালিক।৭ সাংস্কৃতিক ৰীতি-নীতিৰ বাবে নাৰীক প্ৰায়ে সম্পত্তিৰ উত্তৰাধিকাৰৰ পৰা বাদ দিয়া হয় বা পুৰুষ আত্মীয়ৰ হাতত নিজৰ উত্তৰাধিকাৰ এৰি দিয়াৰ আশা কৰা হয়।

১৯৯৮-১৯৯৯ চনৰ সংঘাতৰ সময়ত যৌন হিংসা

১৯৯৮-১৯৯৯ চনলৈকে অঞ্চলটোত সশস্ত্ৰ সংঘাতৰ সময়ত পদ্ধতিগত ধৰ্ষণৰ বাতৰি পোৱা গৈছিল। ২০০০ চনত হিউমেন ৰাইটছ ৱাচে এই হিংসাৰ ওপৰত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ছাৰ্বিয়া আৰু যুগোস্লাভিয়াৰ বাহিনীয়ে ক'ছ'ভাৰ আলবেনিয়ান মহিলাৰ বিৰুদ্ধে সংঘটিত কৰা ধৰ্ষণৰ ৯৬টা গোচৰৰ ৰিপৰ্ট পোৱা গৈছে।৮ বহুতে বিশ্বাস কৰে যে এই সংখ্যা প্ৰকৃত ভুক্তভোগীৰ সংখ্যাতকৈ বহু কম৷ অনুমান সহস্ৰাধিক।৯

এই সময়ছোৱাত ধৰ্ষণে তিনিটা ৰূপ ধাৰণ কৰিছিল: মহিলাৰ ঘৰত ধৰ্ষণ, উৰণৰ সময়ত ধৰ্ষণ আৰু আটকত ধৰ্ষণ। প্ৰথম ৰূপটো বহুলাংশে সংঘটিত হৈছিল জীৱিতসকলৰ গাঁৱত, য’ত তেওঁলোকক কেতিয়াবা পৰিয়াল আৰু ওচৰ-চুবুৰীয়াৰ সন্মুখত ধৰ্ষণ কৰা হৈছিল। দ্বিতীয় শ্ৰেণীটো আভ্যন্তৰীণভাৱে স্থানচ্যুত হোৱা আৰু সেয়েহে ঘৰৰ পৰা আঁতৰত থকা মহিলাৰ বিৰুদ্ধে সংঘটিত ধৰ্ষণৰ ক্ষেত্ৰত দেখা গৈছিল। অস্থায়ী ডিটেনচন কেম্পত থকাৰ সময়ত ধৰ্ষণ হোৱা মহিলাসকলৰ বাবে শেষৰ শ্ৰেণীটো প্ৰযোজ্য। ৰিপ'ৰ্ট কৰা ধৰ্ষণৰ প্ৰায় সকলোবোৰেই আছিল দলীয় ধৰ্ষণ৷ ইয়াৰে অধিকাংশই ছাৰ্বিয়াৰ অৰ্ধসামৰিক বাহিনীয়ে ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক আতংকিত কৰিবলৈ, চিনাকিৰ পৰা ধন আদায় কৰিবলৈ বা মানুহক সেই অঞ্চলৰ পৰা পলায়ন কৰিবলৈ বাধ্য কৰিবলৈ সংঘটিত কৰিছিল।৮

সংঘাতৰ অন্ত পৰাৰ পিছত বহুতো জীৱিত লোকে স্বামীক এৰি থৈ যায় আৰু কিছুমানে তাৰ পিছত সন্তানক অকলে ডাঙৰ-দীঘল কৰিবলগীয়া হয়।১০ তেতিয়া এই জীৱিতসকলৰ নিজৰ দুখ-কষ্টৰ কোনো আইনী স্বীকৃতি নাছিল, সেয়েহে ২০০৬ চনত সংঘাতৰ সময়ত যৌন হিংসাৰ পৰা ৰক্ষা পোৱা লোকসকলক আইনী স্বীকৃতি দিয়াৰ প্ৰচেষ্টা আৰম্ভ হয়। ২০১৪ চনতহে এই আইনখন গৃহীত হয়। শেহতীয়াকৈ সংঘাত সম্পৰ্কীয় যৌন হিংসাৰ পৰা ৰক্ষা পোৱা মহিলাসকলৰ বাবে ক্ষতিপূৰণ কাৰ্যসূচী ৰূপায়ণৰ বাবে আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে। ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত ক'ছ'ভাৰ চৰকাৰে জীৱিতসকলৰ অৱস্থা স্বীকৃতি আৰু পৰীক্ষাৰ বাবে বাজেট আবণ্টন দিয়ে।১০ সেই হিচাপত এই মহিলাসকলে যুদ্ধৰ অসামৰিক বলি হোৱাৰ মৰ্যাদা লাভ কৰিছিল আৰু মাহিলী পেঞ্চন লাভ কৰিছিল।

নাৰীৰ ওপৰত হোৱা হিংসা

সমগ্ৰ ক’ছ’ভ’তে ঘৰুৱা নিৰ্যাতন সাধাৰণ। ২০১৬ চনত আৰক্ষীয়ে ঘৰুৱা হিংসাৰ ৮৭০টা প্ৰতিবেদন লাভ কৰে যাৰ ফলত পৰৱৰ্তী সময়ত ২৪৩ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।১১কিন্তু সূত্ৰসমূহে অনুমান কৰিছে যে ঘৰুৱা হিংসাৰ ৯০ শতাংশ ঘটনাৰ ৰিপ'ৰ্ট নোহোৱাকৈয়ে থাকে। ২০১৫ চনত কৰা এক সমীক্ষাত ৬৮ শতাংশ মহিলাই জীৱনৰ এটা সময়ত ঘৰুৱা হিংসাৰ সন্মুখীন হোৱা বুলি জনাইছে।১১ সমীক্ষাটোত ২০ শতাংশ পুৰুষ আৰু মহিলাই স্বামীয়ে পত্নীক মাৰপিট কৰাটো গ্ৰহণযোগ্য বুলিও ভাবে। ঘৰুৱা হিংসাৰ প্ৰতি এই সামগ্ৰিক গ্ৰহণযোগ্যতাই উচ্চ প্ৰাদুৰ্ভাৱৰ হাৰত অৰিহণা যোগাব পাৰে।

বহুতে অনুভৱ কৰে যে; অপৰাধমূলক ন্যায় ব্যৱস্থাই আংশিকভাৱে দোষী; কাৰণ আৰক্ষীৰ দুৰ্নীতি আৰু পুৰুষৰ প্ৰতি সহানুভূতিশীল ব্যৱস্থাৰ সংমিশ্ৰণে তেওঁলোকক অপৰ্যাপ্তভাৱে সুৰক্ষিত কৰি ৰাখিছে। ক’ছ’ভ’ৰ মৰ্যাদাৰ বাবে নাগৰিকে ইউৰোপীয় মানৱ অধিকাৰ আদালতলৈ যাব নোৱাৰে, গতিকে সেয়েহে সকলো বিষয় ঘৰুৱাভাৱে সমাধান কৰিব লাগিব।

তথ্যসূত্ৰ

  1. ↑ An Approach to the Kosovo Post-War Rehabilitation Process from a Gender Perspective, QUADERNS DE CONSTRUCCIÓ DE PAU Nº 2, escola de cultura de pau, page 5
  2. ↑ First Female Elected President, Kosovo
  3. ↑ Koha, "Në krye të Policisë së Kosovës, Atifete Jahjaga" Shqip TIME.mk 16 October 2010 (accessed 6 April 2011)
  4. ↑ "Atifete Jahjaga zgjidhet presidente e Republikës" Telegrafi.com 7 April 2011 (accessed 6 April 2011)
  5. ↑ "Kush do të na udhëheq" Telegrafi.com 7 April 2011 (accessed 7 April 2011)
  6. ↑ Women Gain Traction in Kosovo’s Business Sector · Transforming Lives · Kosovo · U.S. Agency for International Development. www.usaid.gov
  7. ↑ Kosovo launches drive to encourage women to claim property rights. Reuters
  8. ↑ (2000-03-20). Serb Gang-Rapes in Kosovo Exposed. Human Rights Watch
  9. ↑ Ending the Shame of Kosovo’s Rape Victims. Foreign Policy
  10. ↑ In Kosovo, legal recognition of war-time sexual violence survivors after 18 years. UN Women
  11. ↑ Kosovo's battered women trapped in vicious cycle in 'black hole' of... Reuters

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'ছ'ভ'ৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৩৮০৩২০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।