ক’ৰ্ছেৰা (Coursera Inc.) হৈছে ২০১২ চনত ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক এণ্ড্ৰু ইং আৰু ডাফ্নে কলাৰে প্ৰতিষ্ঠা কৰা আমেৰিকা যুক্তৰাষ্ট্ৰভিত্তিক এক বৃহৎ মুক্ত অনলাইন পাঠ্যক্ৰম প্ৰদানকাৰী সেৱা।১২৩ ক’ৰ্ছেৰাই বিশ্ববিদ্যালয় আৰু অন্যান্য সংস্থাৰ সৈতে সহযোগিতা কৰি বিভিন্ন বিষয়ৰ অনলাইন পাঠ্যক্ৰম, প্ৰমাণপত্ৰ, আৰু ডিগ্ৰী প্ৰদান কৰে। ২০২১ চনত অনুমান কৰা হৈছিল যে ক’ৰ্ছেৰাৰ জৰিয়তে প্ৰায় ১৫০ খন বিশ্ববিদ্যালয়ে ৪ হাজাৰতকৈ অধিক পাঠ্যক্ৰম আগবঢ়াইছে।৪
ইতিহাস
ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক এণ্ড্ৰু ইং৫ আৰু ডাফ্নে কলাৰে৬ ২০১২ চনত৭ ক’ৰ্ছেৰা প্ৰতিষ্ঠা কৰিছিল। ইং আৰু কলাৰে ২০১১ চনৰ শৰৎকালৰ পৰা তেওঁলোকৰ ষ্টেনফ'ৰ্ড পাঠ্যক্ৰমসমূহ অনলাইনত আগবঢ়াবলৈ আৰম্ভ কৰে,৮ আৰু তাৰ কিছু সময়ৰ পিছতে ষ্টেনফ'ৰ্ড এৰি ক’ৰ্ছেৰা আৰম্ভ কৰে। প্ৰিঞ্চটন, ষ্টেনফ'ৰ্ড, মিচিগান আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয় আছিল এই প্লেটফৰ্মত পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথম বিশ্ববিদ্যালয়।৯ তাৰ পিছত পাঠ্যক্ৰম আগবঢ়োৱা প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত বিশিষ্টকৰণ পাঠ্যক্ৰমসমূহ (specialization) অন্তৰ্ভুক্ত কৰা হয় – যিয়ে এটা নিৰ্দিষ্ট বিষয়ত দক্ষতা গঢ়ি তোলা কিছুমান পাঠ্যক্ৰমৰ লগতে ব্যৱসায় আৰু চৰকাৰী সংস্থাসমূহৰ বাবে ডিগ্ৰী আৰু এটা কৰ্মশক্তি বিকাশৰ সামগ্ৰী আগবঢ়ায়।
২০১৪ চনত ক’ৰ্ছেৰাই ৱেবি ৱিনাৰ (ৱেবছাইট আৰু মোবাইল চাইট শিক্ষা ২০১৪) আৰু পিপলছ ভইচ ৱিনাৰ (ৱেবছাইট আৰু মোবাইল চাইট শিক্ষা) বঁটা দুটা লাভ কৰিছিল।১০
কৌশলগত অংশীদাৰ
২০১৯ চনৰ ডিচেম্বৰ মাহলৈকে ২৯ খন দেশত ক’ৰ্ছেৰাৰ মুঠ অংশীদাৰৰ সংখ্যা ২০০ৰো অধিক। ক’ৰ্ছেৰাই মূলতঃ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ সৈতে কাম কৰে, লগতে ক'ম্পেনী আৰু চৰকাৰৰ সৈতেও সহযোগিতাৰে কাম কৰে। বিশ্ববিদ্যালয়ৰ অংশীদাৰসকলৰ ভিতৰত আছে ব্ৰাজিলৰ চাও পাওলো বিশ্ববিদ্যালয়, ব্ৰিটেইনৰ লণ্ডন বিশ্ববিদ্যালয়, ভাৰতৰ ইণ্ডিয়ান স্কুল অৱ বিজনেছ, কোৰিয়াৰ য়নচেই বিশ্ববিদ্যালয়, আৰু আমেৰিকাৰ য়েল, ইলিনয়, আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠান। গুগলে ক’ৰ্ছেৰাৰ যোগেৰে পেছাদাৰী প্ৰমাণপত্ৰ কাৰ্যসূচী আৰম্ভ কৰিছে। গুগলে নিজৰ সকলো প্ৰমাণপত্ৰক চাৰি বছৰীয়া কলেজীয়া ডিগ্ৰীৰ সমতুল্য বুলি গণ্য কৰিব।
সেৱাসমূহ
পাঠ্যক্ৰম
ক’ৰ্ছেৰাৰ পাঠ্যক্ৰমসমূহ প্ৰায় চাৰিৰ পৰা বাৰ সপ্তাহলৈকে চলে। প্ৰতি সপ্তাহত এঘণ্টাৰ পৰা দুঘণ্টা পৰ্য্যন্ত ভিডিঅ’ বক্তৃতা দিয়া হয়। এই পাঠ্যক্ৰমসমূহে কুইজ, সাপ্তাহিক অনুশীলন, সমনীয়াই দিয়া গ্ৰেড আৰু পৰ্যালোচনা কৰিবলগীয়া এচাইনমেণ্ট, এটা ঐচ্ছিক বিশেষ এচাইনমেণ্ট, আৰু কেতিয়াবা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ এটা চূড়ান্ত প্ৰকল্প বা পৰীক্ষা সামৰি লয়।১১ চাহিদা অনুসৰিও পাঠ্যক্ৰম আগবঢ়োৱা হয়। ২০১৫ চনৰ মে’ মাহলৈকে ক’ৰ্ছেৰাই ব্যৱহাৰকাৰীৰ চাহিদাৰ ওপৰত ভিত্তি কৰি ১০৪টা পাঠ্যক্ৰম আগবঢ়াইছিল। তেওঁলোকে গাইড নিযুক্ত প্ৰকল্পও যোগান ধৰে, যিবোৰ ঘৰতে কৰিব পৰা ২-৩ ঘণ্টাৰ চুটি প্ৰকল্প।
‘Coursera Impact Report 2020’ৰ মতে, ক’ৰ্ছেৰাৰ পৰা মানুহে শিকিবলগীয়া শীৰ্ষ পাঁচটা জনপ্ৰিয় পাঠ্যক্ৰম আছিল- কন্টেক্ট্ ট্ৰেচিং, ডিজিটেল মাৰ্কেটিং, প্ৰজেক্ট মেনেজমেণ্ট, পাইথন প্ৰগ্ৰেমিং, আৰু ছ’চিয়েল চাইক’লজি।১২
ডিগ্ৰী
২০১৭ চনৰ পৰা ক’ৰ্ছেৰাই সম্পূৰ্ণ স্নাতকোত্তৰ ডিগ্ৰী আগবঢ়াইছে। তেওঁলোকে প্ৰথমে এইচ ই চি পেৰিছৰ পৰা উদ্ভাৱন আৰু উদ্যোগীকৰণত স্নাতকোত্তৰ (OMIE) আৰু ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা একাউণ্টিঙৰ স্নাতকোত্তৰ (iMSA) পাঠ্যক্ৰম আৰম্ভ কৰিছিল। কিন্তু পিছলৈ এইকেইটা বিষয়ৰ পৰিৱৰ্তে ইলিনয় বিশ্ববিদ্যালয়ৰ পৰাই তথ্য বিজ্ঞানত কম্পিউটাৰ বিজ্ঞানৰ স্নাতকোত্তৰ আৰু ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ (iMBA) ডিগ্ৰী আগবঢ়ায়।১৩ লগতে এম বি এ ডিগ্ৰীৰ অংশ হিচাপে ডিজিটেল মাৰ্কেটিঙৰ দৰে এনে কিছুমান পাঠ্যক্ৰম আছে যিবোৰ সুকীয়াভাৱেও আগবঢ়োৱা হয়।
পেচাদাৰী প্ৰমাণ পত্ৰ
গুগল, আই বি এম, মেটা আৰু অন্যান্য সুপৰিচিত কোম্পানীসমূহে পেচাদাৰী প্ৰমাণপত্ৰৰ বাবে বিভিন্ন পাঠ্যক্ৰম আৰম্ভ কৰিছিল,১৪ যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন খণ্ডত কৰ্মশক্তি পূৰণ কৰিব পাৰে। এনে বিষয়সমূহৰ ভিতৰত আছে- তথ্য বিশ্লেষণ, আই টি সমৰ্থন, ডিজিটেল মাৰ্কেটিং, ইউ এক্স ডিজাইন, প্ৰজেক্ট মেনেজমেণ্ট, আৰু তথ্য বিজ্ঞান।১৫১৬ গুগলৰ মতে তেওঁলোকৰ পাঠ্যক্ৰম ৪ বছৰীয়া ডিগ্ৰীৰ সমতুল্য। ইয়াৰ উপৰিও তেওঁলোকে ১০ হাজাৰ বৃত্তিৰ প্ৰস্তাৱ দিছিল।১৭ গুগল আৰু ইয়াৰ কুৰিটাতকৈও বেছি অংশীদাৰী ক'ম্পেনীয়ে সেই প্ৰমাণপত্ৰসমূহ ৪ বছৰীয়া ডিগ্ৰীৰ সমতুল্য হিচাপে গ্ৰহণ কৰিব।১৮১৯
প্ৰভাৱ
২০২০ চনত ক’ভিড-১৯ মহামাৰীৰ প্ৰতি সঁহাৰি জনাই ক’ৰ্চেৰাই ইম্পেৰিয়েল কলেজ লণ্ডনৰ অধীনস্থ জামিল ইনষ্টিটিউটৰ পৰা এটা পাঠ্যক্ৰম আৰম্ভ কৰিছিল।২০ "Science Matters: Let's Talk About COVID-19" নামৰ এই পাঠ্যক্ৰমটো ২০২০ চনত ক’ৰ্ছেৰাত আৰম্ভ কৰা আটাইতকৈ জনপ্ৰিয় পাঠ্যক্ৰম আছিল। সেই বছৰত ১ লাখ ৩০ হাজাৰতকৈ অধিক শিক্ষাৰ্থীয়ে পাঠ্যক্ৰমটোত নামভৰ্তি কৰিছিল।২১ ইম্পেৰিয়েলৰ অন্যান্য গৱেষকৰ সহযোগত নিৰ্দিষ্ট অধ্যায়েৰে সৈতে জামিল ইনষ্টিটিউটৰ মুখ্য গৱেষণা অধ্যাপক হেলেন ৱাৰ্ড আৰু উপ-সঞ্চালিকা ড° কেথাৰিনা হকে এই পাঠ্যক্ৰমটো উপস্থাপন কৰিছিল।২২
সম্প্ৰসাৰণ আৰু বিত্তীয়ভাৱে সমৰ্থিত কাৰ্যসূচী
বিশ্বব্যাপী কৰ'নাভাইৰাছ ৰোগ ২০১৯ মহামাৰীৰ প্ৰতি সঁহাৰি জনাই ২০২০ চনৰ মাৰ্চ মাহত ক’ৰ্চেৰাই ইয়াৰ অংশীদাৰসকলৰ সৈতে জনসাধাৰণক উদ্দেশ্যি ১১৫ টাতকৈও অধিক মানপত্ৰ সম্বলিত পাঠ্যক্ৰমৰ পৃষ্ঠপোষকতা কৰিছিল। মহামাৰীৰ ফলত যিসকল লোকে হয়তো চাকৰি হেৰুৱাইছে, চাকৰিৰ পৰা বৰ্খাস্ত হৈছে, দৰমহা হ্ৰাস পাইছে, বা যিসকলে স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰৰ জৰিয়তে কাৰিকৰী দক্ষতা আয়ত্ত কৰি নিজৰ উন্নতি আৰু বিকাশ কৰিব বিচাৰে, তেওঁলোকৰ বাবে এইটো এটা সম্প্ৰসাৰণ পদক্ষেপৰ অংশ। এই কাৰ্যসূচী ৩১ ডিচেম্বৰ, ২০২০ত সমাপ্ত হৈছিল যদিও ক’ৰ্ছেৰাত এতিয়াও বহুতো বিনামূলীয়া পাঠ্যক্ৰম অডিটিঙৰ (বিনামূলীয়াকৈ মানপত্ৰ অবিহনে গ্ৰহণ কৰা পাঠ্যক্ৰম) জৰিয়তে উপলব্ধ।২৩ তদুপৰি ক’ৰ্ছেৰাত থকা প্ৰায়বোৰ পাঠ্যক্ৰমতে 'Financial Aid'ৰ সুবিধা উপলব্ধ। ইয়াৰ যোগেৰে আৱেদন কৰি ব্যৱহাৰকাৰীয়ে নিজৰ আৰ্থিক দুৰ্বল স্থিতি প্ৰতিপন্ন কৰিলে যিকোনো পাঠ্যক্ৰম বিনামূলীয়াকৈ কৰি স্বীকৃতিপ্ৰাপ্ত মানপত্ৰও লাভ কৰিব পাৰে।
তথ্যসূত্ৰ
- ↑ Pappano, Laura. (2012-11-02). The Year of the MOOC. The New York Times
- ↑ How Coursera Makes Money. Investopedia
- ↑ Leighton, Mara. Coursera is one of the top online learning platforms, with thousands of courses from schools like Yale, Geis College of Business and companies like Google — here's how it works. Business Insider
- ↑ de León, Riley. (5 March 2021). Coursera files for IPO amid online learning boom. www.cnbc.com. CNBC
- ↑ Quora. Coursera Co-Founder Andrew Ng: AI Shouldn't Be Regulated As A Basic Technology. Forbes
- ↑ NPR Staff. (30 September 2012). Online Education Grows Up, And For Now, It's Free Listen·18:14. NPR
- ↑ Tamar Lewin. (17 July 2012). Universities Reshaping Education on the Web. The New York Times
- ↑ Staff. (August 2012). Teaching the World: Daphne Koller and Coursera. IEEE
- ↑ Waters, Audrey. (18 April 2012). Coursera, the Other Stanford MOOC Startup, Officially Launches with More Poetry Classes, Fewer Robo-Graders. Hacked Education
- ↑ Coursera · The Webby Awards. Webby
- ↑ Kamenetz, Anya. (2012-08-08). How Coursera, A Free Online Education Service, Will School Us All | Fast Company | Business + Innovation. Fast Company
- ↑ Report: Coursera Impact Report (2020). Coursera Press
- ↑ Sinha, Nikhil. (12 March 2017). Coursera Launches Two New Master's Degrees from HEC Paris and the University of Illinois. Coursera
- ↑ (15 September 2020). Facebook offers social media marketing professional certificate course via Coursera
- ↑ (21 August 2020). google to launch new career certificate-program
- ↑ learn google it guide
- ↑ (13 July 2020). Google announces 100,000 scholarships for online certificates in data analytics, Project management and UX. CNBC
- ↑ (19 August 2020). Google Has a Plan to Disrupt the College Degree
- ↑ Google sets out to disrupt four-year degrees
- ↑ COVID19: Imperial launches free online course exploring science behind outbreak · Imperial News · Imperial College London. Imperial News
- ↑ Free COVID-19 online course re-launches to learners worldwide · Imperial News · Imperial College London. Imperial News
- ↑ Science Matters: Let's Talk About COVID-19. Coursera
- ↑ (25 March 2020). Coursera Together: Free online learning during COVID-19
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক’ৰ্ছেৰা” প্ৰবন্ধৰ সংশোধন ৫৮২৩৯৯ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।