অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ক্ৰান্তিকাৰী মহিলা আদিবাসী সংগঠন

ক্ৰান্তিকাৰী মহিলা আদিবাসী সংগঠন ( Revolutionary Adivasi Women's Organisation ) ভাৰতৰ এটা নিষিদ্ধ মহিলা সংগঠন। আদিবাসী মহিলা সংঘ ক্ৰান্তিকাৰী আদিবাসী মহিলা সংগঠন (KAMS) পূৰ্বসুৰী। ১৯৮৬ চনত মাওবাদীয়ে আদিবাসী মহিলা সংঘ ভেটি স্থাপন কৰিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩০৪ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ক্ৰান্তিকাৰী মহিলা আদিবাসী সংগঠন ( Revolutionary Adivasi Women's Organisation )১ ভাৰতৰ এটা নিষিদ্ধ মহিলা সংগঠন।২ আদিবাসী মহিলা সংঘ ক্ৰান্তিকাৰী আদিবাসী মহিলা সংগঠন (KAMS) পূৰ্বসুৰী।৩ ১৯৮৬ চনত মাওবাদীয়ে আদিবাসী মহিলা সংঘ ভেটি স্থাপন কৰিছিল।৪

লক্ষ্য আৰু উদ্দেশ্য

কে.এ.এম.এচ.ৰ পঞ্জীয়নভুক্ত সদস্যৰ সংখ্যা প্ৰায় ৯০,০০০,৫ যাৰ বাবে পঞ্জীয়নভুক্ত সদস্যৰ সংখ্যাৰ ক্ষেত্ৰত ইয়াক ভাৰতৰ শীৰ্ষতম মহিলা সংগঠনৰ ভিতৰত স্থান দিয়া হৈছে।৪ কিন্তু, ৰাহুল পণ্ডিতাই ২০১১ চনত দাবী কৰিছিল যে কে.এ.এম.এচ.ৰ আনুমানিক সদস্যৰ সংখ্যা প্ৰায় এক লাখ।১

লক্ষ্য আৰু উদ্দেশ্য

মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন সামাজিক সমস্যাৰ সমাধানত কে.এ.এম.এচ.-এ মনোনিৱেশ কৰে। কে.এ.এম.এচ.ৰ সদস্যসকলে নাৰীক অপহৰণ কৰি নিজৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া কৰাবলৈ বাধ্য কৰা, বহুপত্নী আদিৰ দৰে সমাজত নাৰীৰ প্ৰতি হৈ থকা অন্যায়ৰ বিৰুদ্ধে অভিযান চলায়। সংগঠনৰ সদস্যসকলে আদিবাসী মহিলাই ঋতুস্ৰাৱৰ সময়চোৱাত গাঁৱৰ পৰা আঁতৰি হাবিত বাস কৰাৰ পৰম্পৰাৰ বিৰুদ্ধেও প্ৰচাৰাভিযান চলায়।৪ তেওঁলোকে নিজৰ সম্প্ৰদায়ৰ ভিতৰত প্ৰচলিত পিতৃতান্ত্ৰিক মানসিকতাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰে।৬ দণ্ডকাৰণ্যত আদিবাসী পুৰুষে মহিলাসকলক পথাৰত বীজ সিঁচিবলৈ অনুমতি দিয়া নাছিল; কিন্তু কে.এ.এম.এচ.ৰ সদস্যসকলে বিষয়টোৰ সমাধানৰ বাবে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)ৰ কাষ চাপে। দলটোৱে এই বিষয়ে আদিবাসীসকলৰ সৈতে বৈঠক পাতে। বৈঠকত আদিবাসী পুৰুষসকলে নিজৰ ভুল মানি লৈ এনে কামৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছিল যদিও এতিয়াও তেওঁলোকে নিজৰ সংকল্পক বাস্তৱত ৰূপায়ণ কৰা নাই। সেয়েহে দলে, অৰ্থাৎ চিপিআই (মাওবাদী)-এ নিশ্চিত কৰিছে যে " জনতা চৰকাৰ"ৰ উমৈহতীয়া ভূমিত মহিলাসকলে বীজ সিঁচাত, শাক-পাচলি ৰোপণ কৰাত আৰু কৃষিভূমিত জনসিঞ্চনৰ বাবে বান্ধ দিয়াত কোনো বাধা নাথাকিব। ইয়াক মহিলা সংগঠনটোৰ অৰ্ধবিজয় আখ্যা দিব পাৰি।৪ ৭

ছলৱা জুডুমৰ অত্যাচাৰৰ অভিযোগ

ছলৱা জুডুম নক্সালী হিংসা উৎখাত কৰিবলৈ চৰকাৰৰ দ্বাৰা চলোৱা এক অভিযান। কিন্তু নক্সালবাদীৰ বিৰুদ্ধে অভিযান চলাওতে প্ৰায়ে সাধাৰণ মানুহো লক্ষ্য কৰি লোৱা হয়। কে.এ.এম.এচ.ৰ এগৰাকী জ্যেষ্ঠ কৰ্মীয়ে অৰুন্ধতী ৰায়ক জনোৱা মতে, ছালৱা জুডুমৰ সদস্যৰ দ্বাৰা ধৰ্ষণ আৰু যৌন নিগ্ৰহৰ বলি হোৱাৰ পিছত সংগঠনটোৰ কেইবাগৰাকীও সদস্যাই কে.এ.এম.এচ. এৰি মাওবাদী কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছে। আনহাতে আন কেইবাগৰাকী ছোৱালীয়ে, যিসকলে কে.এ.এম.এচ.ৰ সদস্যা নহয়, অথচ ছলৱা জুডুমৰ অত্যাচাৰৰ প্ৰত্যক্ষদৰ্শী, তেওঁলোকেও মাওবাদীৰ দলত যোগদান কৰিছে।৪

আইনী মৰ্যাদা

কে.এ.এম.এচ.ক ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) পিপ’লছ ৱাৰৰ সন্মুখৰ সংগঠন বুলি কোৱা হয় আৰু যাৰবাবে ইয়াক নিষিদ্ধ কৰা হৈছিল। ৮ অৰুন্ধতী ৰায়ে লিখিছে যে ভাৰত চৰকাৰে সংগঠনটোৰ ৯০,০০০ সদস্যকে যিকোনো মুহূৰ্ততে মোহাৰি পেলাব পাৰে।৯ তেওঁ লিখিছে, "মোৰ মনত দৃঢ় ধাৰণা আছিল যে সশস্ত্ৰ সংগ্ৰামত মহিলাসকল হিংসাৰ শেষ শাৰীত থাকে। কিন্তু মোৰ ধাৰণা ভুল আছিল। মই দেখিছিলো যে গেৰিলাৰ ৪৮ শতাংশই মহিলা আছিল। তেওঁলোকে নিজৰ মাক-ভনীয়েকৰ ধৰ্ষণৰ প্ৰত্যক্ষদৰ্শী আছিল। তেওঁলোকৰ ঘৰ জ্বলাই দিয়া হৈছিল বা নিজৰ পিতৃতান্ত্ৰিক সমাজখনৰ পৰা পলায়ন কৰিবলৈ সৎগঠনলৈ আহিছিল। ক্ৰান্তিকাৰী আদিবাসী মহিলা সংগঠনৰ (ছত্তীসগঢ় ৰাজ্যৰ এটা মহিলা সংগঠন) সদস্য ৯০,০০০ আৰু সম্ভৱতঃ ভাৰতৰ আটাইতকৈ ডাঙৰ নাৰীবাদী আন্দোলন। কিন্তু তেওঁলোক সকলোকে সন্ত্ৰাসবাদী বুলি কোৱা হয় আৰু দেখাৰ লগেলগে তেওঁলোকক গুলিয়াব পাৰে।" ১০

তথ্যসূত্ৰ

  1. ↑ Sen, Shoma. (3 November 2010). Contemporary anti-displacement struggles and women's resistance: a commentary. Sanhati
  2. ↑ Roy, Arundhati. (2013). Broken Republic. Penguin Books. পৃ. 87. ISBN 978-8184754841
  3. ↑ Roy, Arundhati. (27 March 2010). Gandhi, but with guns: Part Four. The Guardian — Books
  4. ↑ Maheshwari, Arpan. (24 April 2011). Understanding Well-Being of the Tribals in Naxalite Region. Indian Institute of Technology, Kanpur
  5. ↑ Pandita, Rahul. (2011). Hello, Bastar – The Untold Story of India's Maoist Movement. Westland (Tranquebar Press). পৃ. 96. ISBN 978-93-80658-34-6
  6. ↑ Roy, Arundhati. (26 March 2012). Capitalism: A Ghost Story. Outlook
  7. ↑ Roy, Arundhati. (27 March 2010). Gandhi, but with guns: Part Two. The Guardian — Books
  8. ↑ (18 August 2005). New guerrilla squad emerges in Madhya Pradesh. দ্য হিন্দু
  9. ↑ (5 February 2011). Institutions of democracy weak. দ্য হিন্দু
  10. ↑ Sarkar, Sudeshna. (2011). Girl who kicked the hornet's nest. China Daily (Asia Weekly)

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰান্তিকাৰী মহিলা আদিবাসী সংগঠন” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৬৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।