অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ক্লেয়াৰ হ'ল্ট

ক্লেয়াৰ ৰিয়ানন হ'ল্ট (জন্ম ১১ জুন ১৯৮৮) এগৰাকী অষ্ট্ৰেলিয়ান-আমেৰিকান অভিনেত্ৰী। ২০০৯ চনত আমেৰিকালৈ গৈ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে তেওঁ ফেণ্টাছি ধাৰাবাহিক এইচ টু অ': জাষ্ট এড ৱাটাৰ (২০০৬–২০০৮)-ত এমা গিলবাৰ্টৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৬ ৬৪২ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ক্লেয়াৰ ৰিয়ানন হ'ল্ট (জন্ম ১১ জুন ১৯৮৮) এগৰাকী অষ্ট্ৰেলিয়ান-আমেৰিকান অভিনেত্ৰী।১ ২০০৯ চনত আমেৰিকালৈ গৈ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে তেওঁ ফেণ্টাছি ধাৰাবাহিক এইচ টু অ': জাষ্ট এড ৱাটাৰ (২০০৬–২০০৮)-ত এমা গিলবাৰ্টৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল। ২০১১ চনত টেলিভিছন ছিকুৱেল মীন গাৰ্লছ ২ আৰু প্ৰিটি লিটল লায়াৰ্ছ-ৰ প্ৰথম দুটা ছিজনত অভিনয় কৰাৰ পাছত, তেওঁ দ্য চিডব্লিউৰ অতিপ্ৰাকৃতিক ড্ৰামা ধাৰাবাহিক দ্য ভাম্পায়াৰ ডায়েৰীজ (২০১১–২০১৪), দ্য অৰিজিনেলছ (২০১৩–২০১৮) আৰু লেগেচিছ (২০২১–২০২২)-ত ৰেবেঁকা মিকেলছনৰ চৰিত্ৰত অভিনয় কৰি বিশেষ সফলতা লাভ কৰে। এই চৰিত্ৰটোৰ বাবে তেওঁ প্ৰশংসা বুটলিৱলৈ সক্ষম হয় আৰু এটা টিন চয়ছ এৱাৰ্ডৰ মনোনয়ন লাভ কৰে। ইয়াৰ উপৰি তেওঁ এনবিচিৰ পিৰিয়ড ক্ৰাইম ড্ৰামা ধাৰাবাহিক একুৱেৰিয়াছ (২০১৫–২০১৬)-ত অভিনয় কৰি অধিক প্ৰশংসা লাভ কৰে।

চলচ্চিত্ৰৰ ক্ষেত্ৰত, হ'ল্টে কমেডী ড্ৰামা ব্লু লাইক জেজ (২০১২) আৰু চাৰ্ভাইভেল থ্ৰিলাৰ ৪৭ মিটাৰ ডাউন (২০১৭)-ত অভিনয় কৰি ইতিবাচক সঁহাৰি লাভ কৰে। ইয়াৰ পিছত তেওঁ এলানি কম জনপ্ৰিয় প্ৰকল্পত কাম কৰে আৰু পৰৱৰ্তী সময়ত প্ৰশংসিত কমেডী হৰৰ ছবি আনটাইটেলড হৰৰ মুভি (২০২১)-ত অভিনয় কৰে। এই শেষৰখন ছবিৰ তেওঁ কাৰ্যবাহী প্ৰযোজকো আছিল।

বাল্যকাল

হ'ল্টৰ জন্ম অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ ব্ৰিচবেনত হৈছিল আৰু তেওঁ ষ্টুয়াৰ্টহোম স্কুলত অধ্যয়ন কৰিছিল।২

কেৰিয়াৰ

২০০০ৰ দশক: আৰম্ভণি আৰু প্ৰাৰম্ভিক স্বীকৃতি

২০০৫ চনত হ'ল্টে নেটৱৰ্ক টেনৰ শিশুৰ টেলিভিছন অনুষ্ঠান এইচ টু অ': জাষ্ট এড ৱাটাৰ-ত এমা গিলবাৰ্টৰ চৰিত্ৰত অভিনয় কৰি প্ৰথমবাৰৰ বাবে টেলিভিছন জগতত ভৰি দিয়ে। এই শ্ব’টোৱে এটা ল’গী এৱাৰ্ড আৰু এটা নিকেলোডিয়ান অষ্ট্ৰেলিয়া কিডছ চয়ছ এৱাৰ্ড লাভ কৰিছিল। ধাৰাবাহিকখনৰ তৃতীয় ছিজনৰ কাম চলি থকাৰ মাজতে হ'ল্টে ২০০৭ চনৰ চিনেমা দ্য মেচেঞ্জাৰছ-ৰ ছিকুৱেল মেচেঞ্জাৰছ ২: দ্য স্কেয়াৰক্ৰ-ত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈ দ্বিতীয় ছিজনৰ পিছত শ্ব’টো ত্যাগ কৰে। তেওঁৰ ঠাইত ইণ্ডিয়ানা ইভান্সৰ চৰিত্ৰ বেলাক অন্তৰ্ভুক্ত কৰা হয়। ২০০৮ চনত ছফিয়াত মেচেঞ্জাৰছ ২-ৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। নৰ্মান ৰিডাছ আৰু হিদাৰ ষ্টিফেনছৰ সৈতে অভিনীত এই ছবিখন ২০০৯ চনৰ ২১ জুলাইত পোনপটীয়াকৈ ডিভিডি যোগে মুক্তি দিয়া হয়।

২০১০ৰ দশক: বিশ্বজুৰি স্বীকৃতি

২০১৪ চনত দ্য পেলে চেণ্টাৰ ফৰ মিডিয়াৰ পেলে ফেষ্টত "দ্য অৰিজিনেলছ"ক সন্মান জনোৱাৰ সময়ত ক্লেয়াৰ হ'ল্ট
২০১৪ চনত দ্য পেলে চেণ্টাৰ ফৰ মিডিয়াৰ পেলে ফেষ্টত "দ্য অৰিজিনেলছ"ক সন্মান জনোৱাৰ সময়ত ক্লেয়াৰ হ'ল্টছবি: iDominick · CC BY-SA 2.0

টেলিভিছন আৰু চলচ্চিত্ৰৰ ভূমিকাৰ উপৰি হ'ল্টে ড্ৰিমৱৰ্ল্ড, ছিজলাৰ আৰু কুইন্সলেণ্ড লাইফছেভিং আদিৰ বিজ্ঞাপনত অভিনয় কৰিছে। বাডীটিভি-এ ২০১১ চনৰ টিভিৰ ১০০ গৰাকী যৌন আবেদনময়ী মহিলাৰ তালিকাত তেওঁক ৫৫ নম্বৰত স্থান দিছিল।৩

২০১১ চনৰ আগষ্ট মাহত হ'ল্টে টিভি ধাৰাবাহিক দ্য ভাম্পায়াৰ ডায়েৰীজ-ত ৰেবেঁকা মিকেলছনৰ চৰিত্ৰত অভিনয় কৰাটো নিশ্চিত কৰা হয়।৪ ২০১৩ চনৰ ১৩ জানুৱাৰীত দ্য চিডব্লিউ-এ ঘোষণা কৰে যে হ'ল্টে দ্য ভাম্পায়াৰ ডায়েৰীজ-ৰ স্পিন-অফ দ্য অৰিজিনেলছ-ৰ বাবে চুক্তিবদ্ধ হৈছে, য’ত তেওঁ ৰেবেঁকা মিকেলছনৰ চৰিত্ৰত পুনৰ অভিনয় কৰে।৫ প্ৰথম ছিজনৰ ষোড়শ খণ্ডৰ পিছত তেওঁ ধাৰাবাহিকখন ত্যাগ কৰে, যিটো ২০১৪ চনৰ ১১ মাৰ্চত আমেৰিকাত সম্প্ৰচাৰিত হৈছিল।৬ অৱশ্যে ২০১৪ চনৰ ১৩ মে’ত প্ৰথম ছিজনৰ শেষ খণ্ডত তেওঁ পুনৰ অভিনয় কৰে আৰু ২০১৮ চনৰ ১ আগষ্টত শেষ খণ্ডটোলৈকে ধাৰাবাহিকখনত অতিথি শিল্পী হিচাপে মাজে মাজে অভিনয় কৰি থাকে।৭৮৯

২০১৪ চনত হ'ল্টে চিবিএছৰ ছুপাৰগাৰ্ল ধাৰাবাহিকৰ সৈতে জড়িত হৈছিল যদিও পিছলৈ তেওঁ ইয়াক অগ্ৰাহ্য কৰে।১০ তেওঁ এনবিচিৰ ইভেণ্ট ছিৰিজ একুৱেৰিয়াছ-ত চাৰমেইন টালীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৬ চনত তেওঁ ৰোমাণ্টিক কমেডী ছবি দ্য ডিভোৰ্চ পাৰ্টি-ত চুজানৰ চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত হয়।১১

২০১৭ চনত হ'ল্টে এচিবিৰ থ্ৰিলাৰ ড্ৰামা টেলিভিছন পাইলট ডুমছডে-ত কায়লাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।১২ সেই বছৰতে হ'ল্টে ম্যানাণ্ডি মূৰ আৰু মেথিউ মডিনৰ বিপৰীতে আণ্ডাৰৱাটাৰ চাৰ্ভাইভেল হৰৰ চিনেমা ৪৭ মিটাৰ ডাউন-ত কেটৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ২০১৭ চনৰ ১৬ জুনত ছবিগৃহত মুক্তি পাইছিল।১৩

২০২০ৰ দশক: প্ৰতিষ্ঠিত অভিনেত্ৰী

২০২১ চনত হ'ল্টে আনটাইটেলড হৰৰ মুভি-ত অভিনয় কৰিছিল। তেওঁ এণ্ডি ছুইম ব্ৰেণ্ডৰ সৈতে সহযোগ কৰি এটা ছুইমছুট কালেকচনো ডিজাইন কৰিছিল।১৪ একে বছৰৰে নৱেম্বৰ মাহত তেওঁ অৰিজিনেলছ-ৰ স্পিন-অফ ধাৰাবাহিক লেগেচিছ-ত ৰেবেঁকা মিকেলছন হিচাপে পুনৰ অভিনয় কৰে।১৫

ব্যক্তিগত জীৱন

২০১৫ চনৰ জুলাই মাহত হ'ল্টে তেওঁৰ বহুদিনীয়া প্ৰেমিক, টেলিভিছন প্ৰযোজক মেট কাপলানৰ সৈতে আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰে।১৬ ২০১৬ চনৰ ২৮ এপ্ৰিলত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।১৭ ২০১৭ চনৰ ২৭ এপ্ৰিলত কাপলানে হ'ল্টৰপৰা বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰে। ইয়াৰ প্ৰত্যুত্তৰত হ'ল্টে ২০১৭ চনৰ ২ মে'ত আৱেদন দাখিল কৰে আৰু লগতে তেওঁৰ নাম কাপলানৰপৰা পুনৰ হ'ল্টলৈ সলনি কৰিবলৈ অনুৰোধ জনায়।১৮

২০১৭ চনৰ ৩ ডিচেম্বৰত হ'ল্টে ৰিয়েল এষ্টেট কাৰ্যবাহী এণ্ড্ৰিউ জবলনৰ সৈতে তেওঁৰ বাগদানৰ কথা ঘোষণা কৰে। ২০১৮ চনৰ ৫ মাৰ্চত হ'ল্টে ইনষ্টাগ্ৰামযোগে প্ৰকাশ কৰে যে তেওঁ গৰ্ভপাতৰ সন্মুখীন হৈছিল।১৯ হ'ল্ট আৰু জবলনে ২০১৮ চনৰ ১৮ আগষ্টত বিবাহপাশত আবদ্ধ হয়।২০ তেওঁলোকৰ তিনিগৰাকী সন্তান আছে: দুজন পুত্ৰ (জন্ম ২০১৯ আৰু ২০২৩)২১২২ আৰু এগৰাকী কন্যা (জন্ম ২০২০)।২৩

২০১৯ চনৰ নৱেম্বৰ মাহত হ'ল্টে ঘোষণা কৰে যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Claire Holt · Actress. IMDb
  2. ↑ (12 January 2012). Australian Television: H2O – Just Add Water. australiantelevision.net
  3. ↑ (2011). TV's 100 Sexiest Women of 2011. BuddyTV.com
  4. ↑ Naoreen, Nuzhat. (9 August 2011). 'Vampire Diaries' Casts Stefan's Ex: 5 Theories On Why She's Coming To Town. MTV
  5. ↑ Andreeva, Nellie. (13 February 2013). 'Vampire Diaries' Claire Holt To Co-Star In 'The Originals' Spinoff. Deadline Hollywood
  6. ↑ Ng, Philiana. (11 March 2014). Claire Holt Exits 'The Originals'. The Hollywood Reporter
  7. ↑ Claire Holt talks 'Originals' finale, whether she'll be back next year. Entertainment Weekly
  8. ↑ (13 August 2015). Claire Holt Is Returning to The Originals! Get the Scoop on When and How She'll Show Up. E!
  9. ↑ Dowling, Dowling. (2 August 2018). 'The Originals' Boss Talks 'Tragic' Series Finale, Looking Ahead to 'Legacies'. Variety
  10. ↑ Steinbeiser, Andrew. (9 December 2014). Claire Holt Not Expected To Play Supergirl. Comicbook.com
  11. ↑ (4 November 2016). 'The Divorce Party' Casting Call for Featured Roles. ProjectCasting.com
  12. ↑ Andreeva, Nellie. (2 March 2017). Claire Holt To Topline 'Doomsday' ABC Drama Pilot. Deadline Hollywood
  13. ↑ McNary, Dave. (25 July 2016). Mandy Moore's Shark Tale '47 Meters Down' Bought From Weinsteins. Variety
  14. ↑ (9 August 2021). Actress Claire Holt on Collaborating with Andie: Channel Your Inner Mermaid. www.theteenmagazine.com
  15. ↑ Swift, Andy. (8 November 2021). Legacies First Look: Claire Holt Brings Rebekah Mikaelson Back to Mystic Falls. TV Line
  16. ↑ (14 July 2015). Claire Holt Is Engaged! Check out the Aquarius Actress's Ring. People
  17. ↑ (29 April 2016). Former 'The Originals' star Claire Holt gets married. AOL
  18. ↑ (4 May 2017). The Originals Actress Claire Holt's Husband Files for Divorce One Day Before 1-Year Anniversary. People
  19. ↑ Claire Holt on Instagram: "I took this photo 10 days ago, as I waited for surgery after my sweet little baby lost its heartbeat. I sent it to my fiancé in the waiting..". Instagram
  20. ↑ (19 August 2018). The Originals' Claire Holt Marries Andrew Joblon: See Her Wedding Dress. US Weekly
  21. ↑ (29 March 2019). Meet James! Claire Holt Welcomes a Son with Husband Andrew Joblon. People
  22. ↑ Claire Holt Welcomes Baby No. 3, a Son, with Husband Andrew Joblon. Peoplemag
  23. ↑ (13 September 2020). Claire Holt Welcomes Daughter Elle: 'She Flew Into the World and Expanded Our Hearts'. PEOPLE.com

সম্পৰ্কিত শ্ৰেণী

অষ্ট্ৰেলিয়ান চলচ্চিত্ৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লেয়াৰ হ'ল্ট” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৭৩ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।