অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কৌশিকী

মা কৌশিকী (অম্বিকা বা চণ্ডিকা নামেৰেও প্ৰসিদ্ধ) এগৰাকী হিন্দু দেৱী। তেওঁ দেৱী পাৰ্বতীৰ কুমাৰী আৰু যোদ্ধা স্বৰূপ। দেৱী মাহাত্ম্যত কৰা বৰ্ণনা অনুসৰি তেওঁ ৰাক্ষস ভাতৃদ্বয় ক্ৰমে শুম্ভ আৰু নিশুম্ভক বধ কৰিবলৈ গৈছিল। তেওঁৰ বাবেই পাৰ্বতীৰ শৰীৰৰ পৰা মাতৃকা সকলৰ উৎপত্তি হোৱা বুলি কোৱা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৩২ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মা কৌশিকী (অম্বিকা বা চণ্ডিকা নামেৰেও প্ৰসিদ্ধ) এগৰাকী হিন্দু দেৱী। তেওঁ দেৱী পাৰ্বতীৰ কুমাৰী আৰু যোদ্ধা স্বৰূপ। দেৱী মাহাত্ম্যত কৰা বৰ্ণনা অনুসৰি তেওঁ ৰাক্ষস ভাতৃদ্বয় ক্ৰমে শুম্ভ আৰু নিশুম্ভক বধ কৰিবলৈ গৈছিল। তেওঁৰ বাবেই পাৰ্বতীৰ শৰীৰৰ পৰা মাতৃকা সকলৰ উৎপত্তি হোৱা বুলি কোৱা হয়।

দেৱী মাহাত্ম্য

দেৱী কৌশিকীৰ কাহিনী দেৱী মাহাতম্যত পোৱা যায়, য'ত তেওঁ অসুৰ সুম্ভ আৰু নিসুম্ভক হত্যা কৰাৰ বাবে দেৱী পাৰ্বতীৰ শৰীৰৰ আৱৰণৰ পৰা সৃষ্টি হৈছিল। যিহেতু পাৰ্বতীৰ ছালৰ পৰা কৌশিকীৰ বিকিৰণ হৈছিল সেয়ে তেওঁ কালিকাৰ দৰে গাঢ় বৰণৰ হৈ পৰিছিল আৰু হিমালয় পৰ্বতমালাত বহি ৰাক্ষসবোৰ তেওঁৰ ওচৰলৈ অহাৰ বাবে অপেক্ষা কৰিছিল। তেওঁ মাতৃকা শিৱদূতী আৰু চামুণ্ডাৰ সহায়ত ৰাক্ষস ভাতৃদ্বয়ৰ লগতে তেওঁলোকৰ সঙ্গী ৰাক্ষসবোৰক হত্যা কৰিছিল।

কালিকা পুৰাণ

কালিকা পুৰাণত বৰ্ণনা কৰা অনুসৰি দেৱী কৌশিকীৰ জন্ম দেৱী মাতংগীৰ শৰীৰৰ পৰা হৈছে।

শিৱ পুৰাণ

শিৱই দেৱী পাৰ্বতীক তেওঁৰ গাঢ় ছালৰ বাবে উপহাস কৰাৰ পিছত, দেৱীয়ে তেওঁৰ চালৰ বগা বৰণ প্ৰাপ্ত কৰাৰ উদ্দেশ্যে গভীৰ তপস্যা আৰম্ভ কৰে। অৱশেষত তেওঁ নিজৰ ক'লা ছালখন ত্যাগ কৰে আৰু ইয়াৰ পৰায়ে দেৱী কৌশিকী অন্ধকাৰৰ দেৱী হিচাপে পুনৰ আবিৰ্ভাৱ হয় আৰু শুম্ভ-নিশুম্ভ সহিত ৰাক্ষসবোৰক হত্যা কৰে। শেষত দেৱী কৌশিকী পুনৰ শুভ্ৰ হৈ শিৱৰ ওচৰলৈ ঘূৰি আহে।

দেৱী ভাগৱত পুৰাণ

দেৱী ভাগৱত পুৰাণৰ বৰ্ণনা অনুসৰি কৌশিকী দেৱীয়ে দেৱী পাৰ্বতীৰ শৰীৰৰ পৰা জন্ম গ্ৰহণ কৰে। ইয়াত আৰম্ভণিতে তেওঁক 'কৌশিকী' বুলি কোৱা হৈছে যদিও কিতাপখনত পিছলৈ তেওঁক দেৱী অম্বিকা বুলি উল্লেখ কৰিছে।১২৩৪৫

অন্যান্য স্বৰূপ

কৌশিকী বিভিন্ন দেৱীৰ পৰিচয়ৰ বাবে ব্যৱহাৰ হোৱা এটা সমজুৱা নাম। অসুৰ বধৰ বিভিন্ন ক্ষণত পাৰ্বতীৰ শৰীৰৰ পৰা এই সকল দেৱীৰ আবিৰ্ভাৱ হৈছিল। তেওঁক বিষ্ণুৰ যোগমায়া বুলিও কোৱা হয়। যিয়ে তেওঁক নন্দ আৰু যশোদাৰ জীয়ৰী হিচাপে অৱতাৰ লাভ কৰি শ্ৰী কৃষ্ণক তেওঁৰ মোমায়েক কংসৰ হাতত বধ হোৱাৰপৰা ৰক্ষা কৰিছিল। কংসই তেওঁৰ কাল স্বৰূপ বাসুদেৱ-দৈৱকীৰ সন্তান বুলি যোগমায়াক বধ কৰিবলৈ লওঁতেই তেওঁ অন্তৰ্ধান হৈ পৰে আৰু কংসৰ পুতৌ জনক অৱস্থাক অপলুঙা কৰি তেওঁ কাল ইতিমধ্যে জন্ম হোৱা বুলি সচকিত কৰে। কৌশিকীক মহাসৰস্বতী আৰু অম্বিকা বুলিও জনা যায়, দেৱী পাৰ্বতীয়ে দেৱতাৰ দ্বাৰা প্ৰশংসিত হোৱাৰ পিছত তেওঁৰ শুভ্ৰ বৰণৰ পৰা মহাসৰস্বতীক সৃষ্টি কৰিছিল। আনহাতে অম্বিকা মাতংগীৰ শাৰীৰিক আৱৰণৰ পৰা (ঋষি মাতঙ্গাৰ জীয়ৰী হিচাপে পাৰ্বতীৰ অৱতাৰ) পৰা বাস্তৱায়িত হৈছিল। আন এটা কম চৰ্চিত স্বৰূপ হৈছে জয়দুৰ্গা। তেওঁ তন্ত্ৰ সম্প্ৰদায়ৰ আৰু চতুৰ্ভূজা।

তথ্যসূত্ৰ

  1. ↑ Wangu, Madhu Bazaz. (2003). Images of Indian goddesses: myths, meanings and models. Abhinav Publications. পৃ. 185. ISBN 81-7017-416-3
  2. ↑ Jones, Constance A.; Ryan, James D. (2007). Encyclopedia of Hinduism. Facts On File. পৃ. 489. ISBN 0-8160-5458-4
  3. ↑ Sinha, A. K. (2009). Approaches to history, culture, art and archaeology. Anamika Publishers. পৃ. 500
  4. ↑ Mitter, Sara S. (1991). Dharma's daughters: contemporary Indian women and Hindu culture. Rutgers University Press. পৃ. 78. ISBN 0-8135-1677-3
  5. ↑ Kinsley, David. (1 December 1975). Freedom from Death in the Worship of Kali. Numen. পৃ. 183

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৌশিকী” প্ৰবন্ধৰ সংশোধন ৬৩২৬৩৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।