কেৰী লিন প্ৰাট (ইংৰাজী ভাষা: Keri Lynn Pratt; জন্ম: ২৩ ছেপ্টেম্বৰ, ১৯৭৮) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী।১ তেওঁ জেক এণ্ড ববিত মিছি বেলকন্যাপ আৰু তেওঁৰ প্ৰথম চিনেমা ড্ৰাইভ মি ক্ৰেজীত ডি ভাইনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছিকৈ পৰিচিত।১
ব্যক্তিগত জীৱন
নিউ হেম্পশায়াৰৰ কনকৰ্ডত জন্মগ্ৰহণ কৰা প্ৰাটে ডেইৰীৰ পিংকাৰটন একাডেমীৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।২ ২০১১ চনৰ অক্টোবৰ মাহত নিউ হেম্পশায়াৰৰ হেম্পষ্টেডত থকা হেম্পষ্টেড কংগ্ৰেগেচনেল চাৰ্চত তেওঁ জন বাৰ্নেছনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩৪
কেৰিয়াৰ
প্ৰাট হেম্পষ্টেড ডান্স একাডেমীৰ ছাত্ৰী আছিল আৰু স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ব্ৰডৱে ডান্স চেণ্টাৰত তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৫ তেওঁ ১৯৯৪ চনৰ মিছ নিউ হেম্পশায়াৰ টিন ইউএছএ আছিল আৰু মিছ টিন ইউএছএ ১৯৯৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ চিএছআই: ক্ৰাইম চীন ইনভেষ্টিগেচন, ইআৰ, হাউচ, বোনছ, ভেৰোনিকা মাৰ্চ, ল এণ্ড অৰ্ডাৰ: স্পেচিয়েল ভিকটিমছ ইউনিট, নিপ/টাক, চেভেন্থ হেভেন, দ্যাট চেভেণ্টিজ শ্ব’ আৰু ছেব্ৰিনা দ্য টিনেজ উইচৰ দৰে ধাৰাবাহিকত অতিথি শিল্পী হিচাপে অভিনয় কৰিছে। ২০০৫ চনত তেওঁ ল এণ্ড অৰ্ডাৰ: স্পেচিয়েল ভিকটিমছ ইউনিটত লৰেন ৱেষ্টলী নামৰ এগৰাকী ১৬বছৰীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল, যদিও সেই সময়ত প্ৰাটৰ বয়স আছিল ২৭ বছৰ।৬
২০০৬ চনত তেওঁ এবিচিৰ টেলিভিছন ধাৰাবাহিক ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছৰ চাৰিটা খণ্ডত কেলিষ্টা ফ্লকহাৰ্ট আৰু জচ হপকিন্সৰ চৰিত্ৰৰ এগৰাকী ইণ্টাৰ্ন হিচাপে অভিনয় কৰিছিল। ২০০৮ চনৰ জুলাই মাহত ২০০৯ চনৰ চিনেমা আই হোপ দে চাৰ্ভ বিয়েৰ ইন হেলত ক্ৰীষ্টিৰ চৰিত্ৰৰ বাবে প্ৰাটক নিৰ্বাচিত কৰা হয়।৭ ২০১০ চনৰপৰা ২০১১ চনৰ ভিতৰত তেওঁ স্মলভিলৰ চাৰিটা খণ্ডত ৰিপ’ৰ্টাৰ কেট গ্ৰাণ্টৰ চৰিত্ৰত অভিনয় কৰিছিল।৮ ২০১২ চনৰপৰা বিশেষ সক্ৰিয় নোহোৱা প্ৰাটে ২০১৪ চনৰ ৱেব ছিৰিজ দ্য অৰিজিনেলছ: দ্য এৱাকেনিংৰ চাৰিটা খণ্ডত অভিনয় কৰিছিল।
তথ্যসূত্ৰ
- ↑ Keri Lynn Pratt Biography @ filmbug.com
- ↑ Barbizon Modeling and Acting Alumni. Barbizon Modeling
- ↑ Style Me Pretty
- ↑ (2013-07-01). Ivory, Gold & Blush Lakefront New Hampshire Wedding. Inside Weddings
- ↑ Missy on Jack & Bobby — Co-creator Brad Meltzer's Official Site
- ↑ Keri Lynn Pratt. IMDb
- ↑ (July 10, 2008). I Hope They Serve Beer in Hell – The girls: Keri and Denise
- ↑ (2010-09-27). Meet Smallville's Newest Intrepid Reporter: Cat Grant · TV Guide. TVGuide.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰী লিন প্ৰাট” প্ৰবন্ধৰ সংশোধন ৫৯৮৩০৫ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।