অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কেৰালা দিৱস

কেৰালা দিৱস Kerala Day, যাক স্থানীয়ভাৱে কেৰালা পিৰাভি (Kerala Piravi) বুলিও কোৱা হয়, দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্য গঠনৰ স্মৃতিত পালন কৰা হয়। ভাৰত স্বাধীন হোৱাৰ কেইবা বছৰৰ পিছত, ১৯৫৬চনৰ ১ নৱেম্বৰ তাৰিখে কেৰালা ৰাজ্য গঠন কৰা হৈছিল।

হালনাগাদ: ৩১ জুলাই ২০২৬ ৫০৪ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কেৰালা দিৱস Kerala Day, যাক স্থানীয়ভাৱে কেৰালা পিৰাভি (Kerala Piravi) বুলিও কোৱা হয়, দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্য গঠনৰ স্মৃতিত পালন কৰা হয়।

ভাৰত স্বাধীন হোৱাৰ কেইবা বছৰৰ পিছত, ১৯৫৬চনৰ ১ নৱেম্বৰ তাৰিখে কেৰালা ৰাজ্য গঠন কৰা হৈছিল। ইয়াৰ পূৰ্বে এই অঞ্চলটো তিনিখন মুখ্য প্ৰদেশ আৰু বিভিন্ন শাসকৰ অধীনত থকা কেইবাটাও পাৰ্শ্বৱৰ্তী অঞ্চলত বিভক্ত আছিল।

ইতিহাস

১৯৫৬ চনৰ পূৰ্বে কেৰালা চাৰিটা অঞ্চলত বিভক্ত আছিল— দক্ষিণ কানাৰা (কাছাৰগড় অঞ্চল), মালাবাৰ, কোচিন আৰু ত্ৰাভানকোৰ।মালাবাৰ অঞ্চলত কান্নানোৰ (বৰ্তমান কান্নুৰ), কোঝিকোড, মালাপ্পুৰম আৰু পালাক্কাডৰ উত্তৰ আৰু উত্তৰ-মধ্য অংশৰ লগতে ত্ৰিশূৰ আৰু কোচিৰ কিছুমান অংশ অন্তৰ্ভুক্ত আছিল। এই অঞ্চলটো প্ৰথমতে কোঝিকোডৰ জামোৰিন, আৰাক্কাল ৰাজ্য, কোলাথুনাডু, তানুৰ ৰাজ্য আৰু ভাল্লুভানাড ৰাজ্যকে ধৰি আন কেইবাখনো সৰু সামন্ত ৰাজ্যৰ অধীনত আছিল। পাছলৈ এই অঞ্চল টিপু চুলতানে জয় কৰে।১২পৰৱৰ্তী সময়ত ইংৰাজ-মহীশূৰ যুদ্ধৰ অন্তত এই অঞ্চলটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়। প্ৰথমে ইয়াক ব্ৰিটিছ বম্বে প্ৰেচিডেন্সীৰ অন্তৰ্ভুক্ত কৰা হৈছিল; পিছলৈ মাদ্ৰাজ প্ৰেচিডেন্সীৰ অধীনলৈ স্থানান্তৰ কৰা হয়।৩৪৫উপকূলীয় মাহে চহৰখন ১৯৫০-ৰ দশকৰ আৰম্ভণিলৈকে ফৰাচী এনক্লেভ বা ফৰাচীসকলৰ অধিকাৰভুক্ত অঞ্চল হিচাপে আছিল। পিছত ইয়াক পুডুচেৰী কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে সংযুক্ত কৰা হয়। কেৰালাৰ মধ্যাঞ্চলত পূৰ্বৰ কোচিন ৰাজ্য অৱস্থিত আছিল, যাৰ প্ৰশাসনিক কেন্দ্ৰ আছিল ত্ৰিশূৰ। দক্ষিণৰ একেবাৰে শেষৰ অংশত আছিল ত্ৰাভানকোৰ ৰাজ্য, যাৰ ৰাজধানী আছিল তিৰুৱনন্তপুৰম। ব্ৰিটিছ শাসনৰ সময়ত কোচিন এখন পৰাধীন ৰাজ্য আছিল। আনহাতে ত্ৰাভানকোৰ ৰাজ্য ব্ৰিটিছৰ সুজাৰেইণ্টি বা সৰ্বোচ্চ কৰ্তৃত্ব স্বীকাৰ কৰি নিজৰ আভ্যন্তৰীণ শাসন চলাইছিল।

বিংশ শতিকাৰ আৰম্ভণিতে কালিকট (কোঝিকোড) অঞ্চলৰ মাপ্পিলা মুছলমানসকলে মূলতঃ হিন্দু জমিদাৰসকল আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।৬ ইয়াৰ পিছৰ বছৰবোৰত ত্ৰাভানকোৰ আৰু কোচিনতো ৰাজনৈতিক অধিকাৰ আৰু জনমুখী চৰকাৰ গঠনৰ দাবীত বিভিন্ন গণআন্দোলন আৰম্ভ হয়। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত ত্ৰাভানকোৰ আৰু কোচিন, যি ভাৰতৰ অংশ আছিল, ১ জুলাই ১৯৪৯ তাৰিখে একত্ৰিত হৈ ত্ৰাভানকোৰ–কোচিন (তিৰু-কোচি) ৰাজ্য গঠন কৰে।৭ পিছলৈ ঐক্য কেৰালা আন্দোলন নামে জনাজাত এক জনআন্দোলনে ভাষাভিত্তিকভাৱে এখন একক কেৰালা ৰাজ্য গঠনৰ দাবী উত্থাপন কৰে। এই আন্দোলনেই পৰৱৰ্তী সময়ত ভাষাভিত্তিক ৰাজ্য পুনৰ্গঠনৰ প্ৰক্ৰিয়াক উল্লেখযোগ্যভাৱে প্ৰেৰণা যোগায়।৮৯

১৯৫৬চনৰ ১ নৱেম্বৰ তাৰিখে ৰাজ্য পুনৰ্গঠন আইন অনুসৰি মাদ্ৰাজ ৰাজ্যৰ দক্ষিণ কানাৰা জিলাৰ কাছাৰগড় তালুক, মালাবাৰ জিলা আৰু ত্ৰাভানকোৰ–কোচিন (দক্ষিণৰ চাৰিটা তালুক বাদ দি, যিবোৰ তামিলনাডুৰ সৈতে সংযুক্ত হৈছিল) একত্ৰিত কৰি কেৰালা ৰাজ্য গঠন কৰা হয়।১০১১ ১৯৫৭ চনত নতুনকৈ গঠিত কেৰালা বিধানসভাৰ প্ৰথম নিৰ্বাচনৰ পিছত ই. এম. এছ. নাম্বূদিৰিপাদৰ নেতৃত্বত এখন কমিউনিষ্ট চৰকাৰ ক্ষমতালৈ আহে।১১ এই চৰকাৰখন বিশ্বৰ অন্যতম প্ৰাচীন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কমিউনিষ্ট চৰকাৰ আছিল। ইয়াৰ আগতে এনে ধৰণৰ উল্লেখযোগ্য উদাহৰণ আছিল ১৯৪৫ চনত ছান মাৰিনো গণৰাজ্য যʼত কমিউনিষ্টসকলে নিৰ্বাচনী সফলতা লাভ কৰিছিল।১২১৩১৪

অগ্ৰগতি

১ নৱেম্বৰ ২০২৫ তাৰিখে কেৰালা দিৱস উপলক্ষে কেৰালা চৰকাৰে ৰাজ্যখনক ভাৰতৰ প্ৰথমখন চূড়ান্ত দৰিদ্ৰতামুক্ত ৰাজ্য বুলি ঘোষণা কৰে।১৫ ২০২১ চনত আৰম্ভ কৰা (চূড়ান্ত দৰিদ্ৰতা নিৰ্মূল প্ৰকল্প)ৰ অধীনত স্থানীয় স্ব-শাসিত সংস্থা, কুডুম্বশ্ৰী আৰু অন্যান্য সংস্থাই ৰাজ্যখনৰ ৬৪,০০৬টা পৰিয়াল চিহ্নিত কৰিছিল, যিসকল চূড়ান্ত দৰিদ্ৰতাৰ মাজত বাস কৰিছিল। দৰিদ্ৰতাৰ মূল্যায়নত খাদ্য সুৰক্ষা, বাসস্থান, স্বাস্থ্য আৰু আয় আদি সূচক ব্যৱহাৰ কৰা হৈছিল। প্ৰতিটো পৰিয়ালৰ বাবে তেওঁলোকৰ প্ৰয়োজন অনুসৰি পৃথক ক্ষুদ্ৰ কাৰ্যপৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। ২০২৫ চনৰ শেষলৈকে ৰাজ্য চৰকাৰে জানিবলৈ দিয়ে যে দৰিদ্ৰ হিচাবে মূল্যায়ন কৰা প্ৰায় সকলো পৰিয়ালকে চূড়ান্ত দৰিদ্ৰতাৰ পৰা মুক্ত কৰি উলিয়াই আনিব পৰা গৈছে। লগতে নীতি আয়োগৰ ২০২৩ চনৰ প্ৰতিবেদন অনুসৰি কেৰালাৰ বহুমাত্ৰিক দৰিদ্ৰতা সূচক মাত্ৰ ০.৫৫%, যিটো ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত সৰ্বনিম্ন।১৬এই সাফল্যৰ জৰিয়তে কেৰালাই সংযুক্ত ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য ১: “দৰিদ্ৰতামুক্ত বিশ্ব”-ৰ সৈতে নিজকে সামঞ্জস্যপূৰ্ণ কৰাৰ লক্ষ্য পূৰণ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লয়। সেই উপলক্ষে ২০২৫চনৰ ১ নৱেম্বৰৰ (কেৰালা পিৰাভি দিৱস)ত এই ঐতিহাসিক সাফল্য আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।১৭১৮

তথ্যসূত্ৰ

  1. ↑ British Museum; Anna Libera Dallapiccola. (22 June 2010). South Indian Paintings: A Catalogue of the British Museum Collection. Mapin Publishing Pvt Ltd. পৃ. 12–. ISBN 978-0-7141-2424-7
  2. ↑ Edgar Thorpe, Showick Thorpe; Thorpe Edgar. The Pearson CSAT Manual 2011. Pearson Education India. পৃ. 99. ISBN 978-81-317-5830-4
  3. ↑ (1827). The Edinburgh Gazetteer. Longman, Rees, Orme, Brown, and Green. পৃ. 63–
  4. ↑ Dharma Kumar. (1965). Land and Caste in South India: Agricultural Labor in the Madras Presidency During the Nineteenth Century. CUP Archive. পৃ. 87–
  5. ↑ K.P. Ittaman. (1 June 2003). History of Mughal Architecture Volume Ii. Abhinav Publications. পৃ. 30–. ISBN 978-81-7017-034-1
  6. ↑ M. Naeem Qureshi. (1999). Pan-Islam in British Indian Politics: A Study of the Khilafat Movement, 1918–1924. BRILL. পৃ. 445–447. ISBN 978-90-04-11371-8
  7. ↑ Gopa Sabharwal. (2007). India Since 1947: The Independent Years. Penguin Books India. পৃ. 23–. ISBN 978-0-14-310274-8
  8. ↑ Gulf Manorama | Kerala Day November First
  9. ↑ Kerala state turns 55 - Economic Times
  10. ↑ Nossiter, Thomas Johnson. (1982). Communism in Kerala: A Study in Political Adaptation. University of California Press. পৃ. 12. ISBN 9780520046672
  11. ↑ Sarina Singh; Amy Karafin; Anirban Mahapatra. (1 September 2009). South India. Lonely Planet. ISBN 978-1-74179-155-6
  12. ↑ K.G. Kumar. (12 April 2007). 50 years of development. The Hindu
  13. ↑ Manali Desai. (27 November 2006). State Formation and Radical Democracy in India. Taylor & Francis. পৃ. 142. ISBN 978-0-203-96774-4
  14. ↑ Madan Gopal Chitkara; Baṃśī Rāma Śarmā. (1 January 1997). Indian Republic: Issues and Perspective. APH Publishing. পৃ. 134–. ISBN 978-81-7024-836-1
  15. ↑ Athira, Lakshmi. (2025-10-27). Tribal groups rubbish Kerala government's 'extreme poverty-free' claim. The New Indian Express
  16. ↑ (2025-10-30). Homes, medicine, food kits: Behind Kerala’s ‘extreme poverty eradication’. The Indian Express
  17. ↑ (2025-10-31). Kerala chief minister Pinarayi Vijayan to declare state extreme-poverty free. The Times of India
  18. ↑ (2025-10-31). Kerala Creates History: Becomes India's First State Declared Extreme Poverty-Free. India Today

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰালা দিৱস” প্ৰবন্ধৰ সংশোধন ৬২১৯০৮ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।