অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কেলান্থে অ'ডোৰা

কেলান্থে অ'ডোৰা হৈছে মাটিত হোৱা এবিধ অৰ্কিডৰ প্ৰজাতি। ইংৰাজীত ইয়াক ফ্ৰেগৰেণ্ট কেলান্থে (Fragrant Calanthe) নামেৰে জনা যায়। এই অৰ্কিডবিধ বাংলাদেশ, ভূটান, কম্বোডিয়া, উত্তৰ-পূব ভাৰত, লাওছ, উত্তৰ থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়। অসমতো কেলান্থে অ'ডোৰা থলুৱাভাৱে পোৱা যায়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

কেলান্থে অ'ডোৰা হৈছে মাটিত হোৱা এবিধ অৰ্কিডৰ প্ৰজাতি। ইংৰাজীত ইয়াক ফ্ৰেগৰেণ্ট কেলান্থে (Fragrant Calanthe) নামেৰে জনা যায়। এই অৰ্কিডবিধ বাংলাদেশ, ভূটান, কম্বোডিয়া, উত্তৰ-পূব ভাৰত, লাওছ, উত্তৰ থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়।১ অসমতো কেলান্থে অ'ডোৰা থলুৱাভাৱে পোৱা যায়।

বিৱৰণ

অৰ্কিডজোপাৰ উচ্চতা ২৫-৫০ চেণ্টিমিটাৰ হ'ব পাৰে। ইয়াৰ দুখিলা বা তিনিখিলা পাত থাকে আৰু ফুলাৰ সময়ত ই ভালদৰে বিকশিত নহয়। পাতৰ মূৰটো জোঙা। ফুলৰ ঠাৰিডাল আগৰ বছৰৰ পত্ৰহীন মূলৰ পৰা ওলায়। ফুলৰ ৰং বগা আৰু একোপাহ ফুল ১-১.৪ চেণ্টিমিটাৰ দীঘল হ'ব পাৰে। অৰ্কিডজোপা সমুদ্ৰপৃষ্ঠৰ ৭০০-১৩০০ মিটাৰ উচ্চতাত গজে।১২

তথ্যসূত্ৰ

  1. ↑ Fragrant Calanthe. flowersofindia.net
  2. ↑ Calanthe odora. indiabiodiversity.org

সম্পৰ্কিত শ্ৰেণী

অৰ্কিডঅসমত পোৱা অৰ্কিডসমূহঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলান্থে অ'ডোৰা” প্ৰবন্ধৰ সংশোধন ৫৪০৯৭৪ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।