অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কেন খাও ৱান

কেন খাও ৱান বা সেউজীয়া তৰকাৰী (แกงเขียวหวาน, Green curry) হৈছে মধ্য থাইলেণ্ডৰ এবিধ থলুৱা ব্যঞ্জন। থাই ভাষাত ইয়াৰ আক্ষৰিক অৰ্থ মিঠা-সেউজ তৰকাৰী।

হালনাগাদ: ২ জুলাই ২০২৬ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কেন খাও ৱান বা সেউজীয়া তৰকাৰী (แกงเขียวหวาน, Green curry) হৈছে মধ্য থাইলেণ্ডৰ এবিধ থলুৱা ব্যঞ্জন। থাই ভাষাত ইয়াৰ আক্ষৰিক অৰ্থ মিঠা-সেউজ তৰকাৰী।

ব্যুৎপত্তি

সেউজীয়া তৰকাৰী বা ইংৰাজীত গ্ৰীণ কাৰী নামটো ব্যঞ্জনবিধৰ সেউজীয়া ৰঙৰ পৰা উদ্ভৱ হৈছে। এই ৰং সেউজীয়া জলকীয়াৰ পৰা আহে।১ থাই নামটোত থকা ৱান অৰ্থাৎ 'মিঠা' শব্দটোৱে তৰকাৰীৰ সোৱাদৰ সলনি ইয়াৰ নিৰ্দিষ্ট সেউজীয়া ৰঙটোকহে নিৰ্দেশ কৰিছে।২ এই ব্যঞ্জনবিধ নাৰিকলৰ গাখীৰ আৰু সতেজ সেউজীয়া জলকীয়াৰ ওপৰত আধাৰিত হোৱাৰ বাবে ইয়াৰ ৰং লৱণু মিশ্ৰিত কোমল সেউজীয়া হয় আৰু সেয়ে এই ৰঙটোক থাই ভাষাত "মিঠা সেউজীয়া" বুলি কোৱা হয়।৩

কেন খাও ৱানৰ উপকৰণসমূহ সঠিকভাৱে নিৰ্দিষ্ট নহয়। এই ব্যঞ্জন আন থাই তৰকাৰীসমূহতকৈ মিঠা নহয় যদিও ৰঙচুৱা তৰকাৰীসমূহতকৈ জ্বলা-মচলা অধিক হয়।৩ চন ১৯০৮-১৯২৬-ৰ ভিতৰৰ সময়ছোৱাত ৰজা ষষ্ঠ ৰাম বা সপ্তম ৰামৰ শাসনকালত কেন খাও ৱানৰ বিকাশ ঘটিছিল।৪

উপকৰণ

পৰম্পৰাগতভাৱে ব্যঞ্জনবিধৰ মূল প্ৰোটিনযুক্ত উপাদান হৈছে মাছ বা 'ফিছ বল'। ইয়াৰ বাহিৰে অন্যান্য উপাদানসমূহ হৈছে নাৰিকলৰ গাখীৰ, মিছামাছ, মান ধনিয়া আদিৰ মিশ্ৰণেৰে তৈয়াৰ কৰা সেউজীয়া তৰকাৰী পেষ্ট, তালচেনি আৰু মাছৰ চছ। থাই বেঙেনা, হাতীভেকুৰী, বাছিলৰ পাত আদি সেউজীয়া বা শুকুলা ৰঙৰ শাক-পাচলিও এই ব্যঞ্জন ৰান্ধোতে ব্যৱহৰ কৰা হয়।৪ কেতিয়াব কোনো ফলো ব্যৱহাৰ কৰা হয়।৩৫৬

নাৰিকলৰ গাখীৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি চছবিধৰ গাঢ়তা ভিন্নধৰণৰ হয়। গ্ৰীণ কাৰী পেষ্ট সাধাৰণতেসতেজ সেউজীয়া জলকীয়া, শ্বেলট পিঁ‌য়াজ, নহৰু, গালংগাল, লেমনগ্ৰাছ, কাফিৰ নেমুৰ পাত, মান ধনিয়াৰ শিপা, জিৰা, বগা জালুক, মিছামাছৰ পেষ্ট আৰু নিমখ খুন্দনাত খুন্দি প্ৰস্তুত কৰা হয়।৩৭

ৰন্ধন

এই পেষ্টবিধ পকাই লোৱা নাৰিকলৰ ক্ৰীমত সুগন্ধি ওলাই তেলত সোমাই নোযোৱালৈকে ভজা হয়। এই কাৰী পেষ্ট সিজাৰ পিছত নাৰিকলৰ গাখীৰ আৰু বাকী থকা উপাদানবোৰ তালচেনি আৰু মাছৰ চছৰ সৈতে যোগ দিয়া হয়। শেষত থাই বাছিল, সতেজ কাফিৰ নেমুৰ পাত, টুকুৰা কৰা ফ্ৰিক চি ফাৰে (সূৰ্যমুখী জলকীয়া)৮ সজাই ইয়াক পৰিৱেশন কৰা হয়। অধিক কাঢ়া সোৱাদৰ কেন খাও ৱানৰ বাবে সামুদ্ৰিক খাদ্য, ফিংগাৰৰুট অথবা বনৰীয়া আদা, বগা হালধি আৰু তুলসী সজাবলৈ অৰ্থাৎ গাৰ্ণিছিঙৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ৩

পৰিৱশন

কেন খাও ৱান বা সেউজীয়া তৰকাৰী সাধাৰণতে ভাতৰ সৈতে পৰিৱেশন কৰা হয়। এই ক্ষেত্ৰত অৱশ্যে ইয়াৰ লগতে আন ব্যঞ্জনো থাকে। ভাতৰ উপৰিও খানম চিন নামৰ চাউলৰ পৰা তৈয়াৰী নুডলছৰ সৈতেও ইয়াক একক ব্যঞ্জন হিচাপে পৰিৱেশন কৰা হয়।৯

তথ্যসূত্ৰ

  1. ↑ Easy Thai Green Curry, an Interview with Kasma Loha-unchit. SheSimmers
  2. ↑ Authentic Thai Green Curry Paste, Krueang Kaeng Khiao Wan – Thai Curry Episode II. The High Heel Gourmet
  3. ↑ David Thompson, Thai Food (edition 2010), Pavilion Books, pages 218-220
  4. ↑ (2016-10-04). แกงเขียวหวานเป็ดย่าง; Thai Green Curry with Roasted Duck and Young Chilies
  5. ↑ Easy Green Curry with Pork Recipe. thaifoodandtravel.com
  6. ↑ Andy Ricker, Pok Pok, Ten Speed Press Berkeley, 2013, pages 161-162
  7. ↑ Green curry with fish dumplings, Gang Kiew-wan Pla Grai. chezpim.com
  8. ↑ Green Curry Chicken / Vegan in 10 mins. (Authentic Thai Recipe). Thai Food Bento 2 Go
  9. ↑ Khanom Jeen! - Austin Bush Photography. Austin Bush Photography

সম্পৰ্কিত শ্ৰেণী

থাইলেণ্ডৰ খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেন খাও ৱান” প্ৰবন্ধৰ সংশোধন ৬১৫২০৯ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।