অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেথ্ৰিন নিউটন

কেথ্ৰিন লাভ নিউটন (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। চিবিএছৰ কমেডী ধাৰাবাহিক গেৰী আনমেৰেড (২০০৮–২০১০)ত লুইজ ব্ৰুকছ, এইচ বি অ’ৰ ৰহস্যময় নাটক ধাৰাবাহিক বিগ লিটল লাইছ (২০১৭–২০১৯)ত এবিগেল কাৰ্লছন আৰু নেটফ্লিক্সৰ কিশোৰ নাটক ধাৰাবাহিক দ্য ছ’চাইটি (২০১৯)ত এলি প্ৰেছমেনৰ চৰিত্ৰত অভিনয়…

হালনাগাদ: ২ মাৰ্চ ২০২৬ ৫০২ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কেথ্ৰিন লাভ নিউটন১ (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। চিবিএছৰ কমেডী ধাৰাবাহিক গেৰী আনমেৰেড (২০০৮–২০১০)ত লুইজ ব্ৰুকছ, এইচ বি অ’ৰ ৰহস্যময় নাটক ধাৰাবাহিক বিগ লিটল লাইছ (২০১৭–২০১৯)ত এবিগেল কাৰ্লছন আৰু নেটফ্লিক্সৰ কিশোৰ নাটক ধাৰাবাহিক দ্য ছ’চাইটি (২০১৯)ত এলি প্ৰেছমেনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত। দ্য চি ডব্লিউ ডাৰ্ক ফেণ্টাচি ছিৰিজ ছুপাৰনেচাৰেল (২০১৪–২০১৮)ত ক্লেয়াৰ নভাকৰ পুৰণি সংস্কৰণ আৰু এ এম চি পিৰিয়ড নাটক ধাৰাবাহিক হল্ট এণ্ড কেচ ফায়াৰ (২০১৬–২০১৭)ত জোয়ানি ক্লাৰ্কৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেও তেওঁ পৰিচিত।২

নিউটনে বেড টিচাৰ (২০১১), থ্ৰী বিলবোৰ্ডছ আউটছাইড এবিং, মিছৌৰী (২০১৭), ব্লকাৰছ (২০১৮), পকেমন ডিটেক্টিভ পিকাচু (২০১৯), ফ্ৰিকি (২০২০), দ্য মেপ অৱ টিনি পাৰফেক্ট থিংছ (২০২১), এণ্ট-মেন এণ্ড দ্য ৱাছপ: কোৱাণ্টুমেনিয়া (২০২৩) আৰু এবিগেল (২০২৪) আদি বিভিন্ন ছবিত অভিনয় কৰিছে।৩ ভয়ানক ছবি পেৰানৰ্মেল এক্টিভিটি ৪ (২০১২)ত অভিনয় কৰাৰ বাবে নিউটনে ফিচাৰ ফিল্মৰ শ্ৰেষ্ঠ আগশাৰীৰ যুৱ অভিনেত্ৰীৰ বাবে ইয়ং আৰ্টিষ্ট বঁটা লাভ কৰে।৪

প্ৰাথমিক জীৱন আৰু শিক্ষা

নিউটনৰ জন্ম ১৯৯৭ চনৰ ৮ ফেব্ৰুৱাৰীত,৫ ফ্ল’ৰিডাৰ অৰলেণ্ডোত ৰবিন আৰু ডেভিদ নিউটনৰ একমাত্ৰ সন্তান হিচাপে হয়।৬ আঠ বছৰ বয়সত তেওঁ গলফ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে।৭

২০১৫ চনত নিউটনে নট্ৰে ডেম হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৮৯ তেওঁ নট্ৰে ডেম হাইস্কুলৰ ছোৱালী গলফ দলৰ সদস্য আছিল আৰু স্কুলখনৰ গলফ দলক তিনিটা লীগ চেম্পিয়নশ্বিপ জয় কৰাত সহায় কৰিছিল।১০১১ তেওঁ নিয়মিতভাৱে ৭০ৰ দশকৰ স্ক’ৰ কৰিছিল আৰু প্ৰতিযোগিতা এখনত ১৮-হোলৰ সৰ্বনিম্ন স্ক’ৰ আছিল ৬৯।৭

অভিনয় কেৰিয়াৰ গঢ়িবলৈ তেওঁ ইউনিভাৰ্চিটি অৱ চাউদাৰ্ন কেলিফৰ্ণিয়া (ইউ এছ চি)ত কলেজত ভৰ্তি লোৱাৰ সিদ্ধান্ত পিছুৱাই দিয়ে।৭ তেওঁ ইউ এছ চিৰ মহিলা গলফ দলৰ “ৱাক-অন” সদস্য হিচাপে ট্ৰাই আউট কৰাৰ কথাও চিন্তা কৰিছিল।১২৭

কেৰিয়াৰ

২০১২ চনত পেৰানৰ্মেল এক্টিভিটি ৪ ছবিৰ বাবে দিয়া এক সাক্ষাৎকাৰত নিউটন
২০১২ চনত পেৰানৰ্মেল এক্টিভিটি ৪ ছবিৰ বাবে দিয়া এক সাক্ষাৎকাৰত নিউটনছবি: GnØ βØdι · CC BY 3.0

চাৰি বছৰ বয়সত নিউটনে টেলিভিছনত অভিষেক ঘটে ছ’প অপেৰা অল মাই চিলড্ৰেনত,১৩ য’ত তেওঁ ২০০১ চনৰ পৰা ২০০৪ চনলৈকে কলবি মেৰিয়ান চেণ্ডলাৰৰ চৰিত্ৰত অভিনয় কৰে। ইফালে তেওঁ দুখন চুটি ছবি এবি ডাউন ইষ্ট (২০০২) আৰু বান-বান (২০০৩)তো অভিনয় কৰে।১৩ ২০০৮ চনত নিউটনক চিবিএছৰ টেলিভিছন ধাৰাবাহিক গেৰী আনমেৰেডত লুইজ ব্ৰুকছৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হয়। বাৰ বছৰ বয়সত তেওঁৰ পৰিয়াল লছ এঞ্জেলছলৈ গুচি যায়,১৪ য’ত তেওঁ নট্ৰে ডেম হাইস্কুলত অধ্যয়ন কৰে।১৫

২০১০ চনত নিউটনে গেৰী আনমেৰেডৰ বাবে “টিভি কমেডী ছিৰিজত শ্ৰেষ্ঠ অভিনয়” আৰু “টিভি ধাৰাবাহিকত শ্ৰেষ্ঠ অভিনয় (কমেডী বা নাটক)” শাখাত দুটা ইয়ং আৰ্টিষ্ট বঁটা লাভ কৰে।১৬ ২০১১ চনৰ বেড টিচাৰ ছবিত তেওঁ চেজ ৰুবিন-ৰচিৰ চৰিত্ৰত অভিনয় কৰে।১৭ ২০১২ চনত ফ্ৰেঞ্চাইজিৰ চতুৰ্থ ছবি পেৰানৰ্মেল এক্টিভিটি ৪ত এলেক্সৰ মুখ্য চৰিত্ৰত অভিনয় কৰে,১৮ আৰু এই ছবিখনত অভিনয়ৰ বাবে ৩৪ সংখ্যক ইয়ং আৰ্টিষ্ট এৱাৰ্ডত বঁটা লাভ কৰে।১৯ দশম ছিজনৰ পৰা আৰম্ভ কৰি তেওঁ চুপাৰনেচাৰেলত ক্লেয়াৰ ন’ভাকৰ চৰিত্ৰত পুনৰাবৃত্তিমূলক ভূমিকা পালন কৰে।

২০১৭ চনত নিউটনে এইচ বি অ’ৰ ধাৰাবাহিক বিগ লিটল লাইছত অভিনয় কৰে, যিটো একে নামৰ লিয়ান মৰিয়াৰ্টিৰ উপন্যাসৰ আধাৰত নিৰ্মিত।২০ তেওঁ থ্ৰী বিলবোৰ্ডছ আউটছাইড এবিং, মিছৌৰীত এঞ্জেলা হেইছৰ চৰিত্ৰত আৰু বেন ইজ বেকত আইভী বাৰ্নছৰ চৰিত্ৰত অভিনয় কৰে।

২০১৯ চনত নিউটন
২০১৯ চনত নিউটনছবি: https://www.flickr.com/photos/greg2600/ · CC BY-SA 2.0

নিউটনে ২০১৯ চনৰ একে নামৰ ভিডিঅ’ গেমৰ আধাৰত নিৰ্মিত পকেমন ডিটেক্টিভ পিকাচুত লুচিৰ চৰিত্ৰত অভিনয় কৰে।২১ ২০১৯ চনৰ ১০ মে’ত প্ৰিমিয়াৰ হোৱা নেটফ্লিক্সৰ ৰহস্যময় নাটক ধাৰাবাহিক দ্য ছ’চাইটিত তেওঁ এলিৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০২০ চনত ক্ৰিষ্টোফাৰ লেণ্ডনৰ পৰিচালনাত নিৰ্মিত ভয়ানক-কমেডী ছবি ফ্ৰিকিত তেওঁ এজন কিশোৰী ছোৱালীৰ চৰিত্ৰত অভিনয় কৰে, যি এগৰাকী ধাৰাবাহিক হত্যাকাৰীৰ সৈতে শৰীৰ সলনি কৰে।২২ ২০২১ চনত ইয়ান চেমুৱেলছৰ পৰিচালনাত নিৰ্মিত দ্য মেপ অৱ টিনি পাৰ্ফেক্ট থিংছত অভিনয় কৰে।২৩ তেওঁ মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ ছবি এণ্ট-মেন এণ্ড দ্য ৱাছপ: কোৱাণ্টুমেনিয়াত কেছি লেংৰ চৰিত্ৰত অভিনয় কৰে।২৪

২০২৪ চনত নিউটনে ২০ জানুৱাৰীত চানডেন্স চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা ক’লা কমেডী ছবি উইনাৰত ব্ৰিটানি উইনাৰৰ চৰিত্ৰত অভিনয় কৰে।২৫ তেওঁ ৯ ফেব্ৰুৱাৰীত মুক্তি পোৱা কমেডী-ভয়ানক ছবি লিছা ফ্ৰেংকেনষ্টাইনতো মুখ্য চৰিত্ৰত অভিনয় কৰে।২৬ ইয়াৰ উপৰিও তেওঁ অভাৰলুক চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা ভেম্পায়াৰ-আধাৰিত ভয়ানক ছবি এবিগেলত অভিনয় কৰে।২৭

ফিল্ম'গ্ৰাফি

চলচ্চিত্ৰ

বছৰশিৰোনামচৰিত্ৰটোকা
২০০২এবি ডাউন ইষ্টমাহালা বাৰ্জেছচুটি ছবি
২০০৩বান-বানক্ল’ই
২০১১বেড টিচাৰচেজ ৰুবিন-ৰ’ছি
২০১২পেৰানৰ্মেল এক্টিভিটি ৪আলেক্সান্দ্ৰা “আলেক্স” নেলচন
২০১৫দ্য মাৰ্শাল আৰ্টছ কিডৰিনা
২০১৬ম’ন’কেটি
২০১৭লেডি বাৰ্ডডাৰ্লিন বেল
২০১৭থ্ৰী বিলবৰ্ডছ আউটছাইড এবিং, মিছৌৰিএঞ্জেলা হেইছ
২০১৮ব্লকাৰ্ছজুলি ডেকাৰ
২০১৮বেন ইজ বেকআইভী বাৰ্নছ
২০১৯পকেমন ডিটেক্টিভ পিকাচুলুচি ষ্টিভেন্স
২০২০ফ্ৰিকিমিলি কেছলাৰ / ব্লিছফিল্ড বুচাৰ
২০২১দ্য মেপ অৱ টিনি পাৰ্ফেক্ট থিংছমাৰ্গাৰেট
২০২১আননৌন ডাইমেনশ্যন: দ্য ষ্ট’ৰি অৱ পেৰানৰ্মেল এক্টিভিটিনিজেইতথ্যচিত্ৰ চলচ্চিত্ৰ
২০২৩এণ্ট-ম্যান এণ্ড দ্য ৱাছপ: কোৱাণ্টুমেনিয়াকেছি লেং
২০২৪উইনাৰব্ৰিটানি উইনাৰ
২০২৪লিছা ফ্ৰেংকেনষ্টাইনলিছা স্ব’ল’জ
২০২৪এবিগেলছেমি / জেছিকা হাৰ্নি
২০২৪গ্ৰিফিন ইন সামাৰক্ল’ই
২০২৬ৰেডি অৰ নট ২: হিয়াৰ আই কাম †ফেইথ মেকক’লেইসম্পূৰ্ণ
—ড্ৰিমকুইল †মাৰ্গো কেছনিৰ্মাণোত্তৰ
—এভেঞ্জাৰ্ছ: ডুমছডে †কেছি লেংনিৰ্মাণোত্তৰ
—দ্য ডেভিল্‌ছ মাউথ †চাৰ্লিনিৰ্মাণোত্তৰ
—ছামো লাইভছ †—নিৰ্মাণোত্তৰ

দূৰদৰ্শন

বছৰশিৰোনামচৰিত্ৰটোকা
২০০২–২০০৩অল মাই চিলড্ৰেনকলবি মেৰিয়ান চেণ্ডলাৰ২টা খণ্ড
২০০৮–২০১০গেৰী আনমেৰেডলুইজ ব্ৰুকছমুখ্য চৰিত্ৰ
২০১৩মেঢ মেনমেণ্ডিখণ্ড: “দ্য কুৱালিটি অৱ মাৰ্চি”
২০১৩–২০১৪ডগ উইথ এ ব্লগএমিলি এডামছ৩টা খণ্ড
২০১৪–২০১৮চুপাৰনেচাৰেলক্লেয়াৰ ন’ভাকপুনৰাবৃত্তিমূলক চৰিত্ৰ, ৬টা খণ্ড
২০১৬এ হাউচকিপাৰ্‌ছ ৰিভেঞ্জল’ৰা ব্লেকৱেলটেলিভিছন চলচ্চিত্ৰ
২০১৬–২০১৭হল্ট এণ্ড কেচ ফায়াৰজ’নি ক্লাৰ্কপুনৰাবৃত্তিমূলক চৰিত্ৰ (ছিজন ৩–৪), ১০টা খণ্ড
২০১৭–২০১৯বিগ লিটল লাইছএবিগেইল কাৰ্লছনমুখ্য চৰিত্ৰ
২০১৭লিটল উইমেনএমি মাৰ্চমিনিচিৰিজ
২০১৯দ্য ছ’চাইটিএলি প্ৰেছমেনমুখ্য চৰিত্ৰ
২০২৩মাৰ্ভেল ষ্টুডিঅ’ছ: এছেম্বল্ডনিজেইখণ্ড: “দ্য মেকিং অৱ এণ্ট-ম্যান এণ্ড দ্য ৱাছপ: কোৱাণ্টুমেনিয়া”
২০২৪হেকছবেলা ড’নাল্ডছন১টা খণ্ড
২০২৫ডক্টৰ অডিছিহান্নাখণ্ড: “স্প্ৰিং ব্ৰেক”

সংগীত ভিডিঅ’

  • "গুডবাইজ" (২০১৯) — প’ষ্ট মেলোন (ফিট. ইয়াং ঠাগ); মহিলা চৰিত্ৰ

সন্মান আৰু মনোনয়ন

বছৰবঁটাশ্ৰেণীকৰ্মফলাফলRef.
২০০৯৩০তম ইয়ং আৰ্টিষ্ট এৱাৰ্ডছটিভি ধাৰাবাহিকত শ্ৰেষ্ঠ অভিনয় (কমেডী বা নাটক) – সহায়ক কনিষ্ঠ অভিনেত্ৰীগেৰী আনমেৰেডমনোনীত২৮
২০১০৩১তম ইয়ং আৰ্টিষ্ট এৱাৰ্ডছটিভি ধাৰাবাহিকত শ্ৰেষ্ঠ অভিনয় (কমেডী বা নাটক) – সহায়ক কনিষ্ঠ অভিনেত্ৰীগেৰী আনমেৰেডবিজয়ী২৯
২০১১৩২তম ইয়ং আৰ্টিষ্ট এৱাৰ্ডছটিভি ধাৰাবাহিকত শ্ৰেষ্ঠ অভিনয় (কমেডী বা নাটক) – সহায়ক কনিষ্ঠ অভিনেত্ৰীগেৰী আনমেৰেডমনোনীত৩০
২০১৩৩৪তম ইয়ং আৰ্টিষ্ট এৱাৰ্ডছফিচাৰ চলচ্চিত্ৰত শ্ৰেষ্ঠ অভিনয় – মুখ্য কনিষ্ঠ অভিনেত্ৰীপেৰানৰ্মেল এক্টিভিটি ৪বিজয়ী৩১
২০২০২৬তম স্ক্ৰীণ এক্টৰ্ছ গিল্ড এৱাৰ্ডছনাটকীয় ধাৰাবাহিকত দলীয় শ্ৰেষ্ঠ অভিনয়বিগ লিটল লাইছমনোনীত৩২
২০২০১ম ক্ৰিটিকছ চয়েছ ছুপাৰ এৱাৰ্ডছভয়ানক ছবিত শ্ৰেষ্ঠ অভিনেত্ৰীফ্ৰিকিমনোনীত৩৩
২০২০১ম ক্ৰিটিকছ চয়েছ ছুপাৰ এৱাৰ্ডছচলচ্চিত্ৰত শ্ৰেষ্ঠ খলনায়কফ্ৰিকিমনোনীত৩৩
২০২৪ফেংগোৰিয়া চেইনছ’ এৱাৰ্ডছশ্ৰেষ্ঠ সহায়ক অভিনয়এবিগেলমনোনীত৩৪

তথ্যসূত্ৰ

  1. ↑ Highfill, Samantha. (December 4, 2017). Wayward Sisters: First look at the Supernatural spin-off. Entertainment Weekly. Dotdash Meredith
  2. ↑ Shefter, David. (May 1, 2012). Teen Actress Newton Hopes to Star in Women's Open. United States Golf Association
  3. ↑ Davids, Brian. (February 1, 2024). Kathryn Newton Talks 'Lisa Frankenstein', Young Avengers, 'Big Little Lies 3', and 'Freaky Death Day'. The Hollywood Reporter
  4. ↑ 34th Annual Young Artist Awards. Young Artist Awards
  5. ↑ Grebey, James. (April 11, 2024). What Else Has Lisa Frankenstein and Abigail Star Kathryn Newton Been In?. Syfy Wire
  6. ↑ Shefter, David. (1 May 2012). After appearing in "Gary Unmarried," "Bad Teacher," 15-year-old seeks role on golf's biggest stage. United States Golf Association
  7. ↑ Kaspriske, Ron; Iooss, Walter Jr. Think Young, Play Hard: Kathryn Newton. Golf Digest
  8. ↑ NEWTON, KATHRYN. (2015-06-01). The moment b4 I really graduated. #imadeit #classof2015pic.twitter.com/tdfqIutz3e. @kathrynnewton
  9. ↑ (2018-10-12). Starring Kathryn Newton · kathrynnewton.net. Starring Kathryn Newton
  10. ↑ (2013-09-05). HIGH SCHOOL ROUNDUP: Record-setting round for Kathryn Newton, Notre Dame girls golf team. Daily News
  11. ↑ (2013-10-10). Roundup: Katelyn Reynolds, Kathryn Newton lead Notre Dame girls golf team past Harvard-Westlake. Daily News
  12. ↑ Bonner, Mehera. (2017-02-21). The Surprising Perk of Playing Reese Witherspoon's Daughter on TV. Marie Claire
  13. ↑ (May 1, 2012). After appearing in "Gary Unmarried," "Bad Teacher," 15-year-old seeks role on golf's biggest stage. United States Golf Association
  14. ↑ (18 May 2018). Big Little Lies Star Kathryn Newton Is Taking Over Screens Big and Small. Vogue
  15. ↑ (17 June 2015). The Best Golfer in Hollywood: Kathryn Newton can light it up on screen or on the course. Golf Digest
  16. ↑ 31st Annual Young Artist Awards – 2010. www.youngartistawards.org
  17. ↑ (October 19, 2012). I Felt Invincible: Kathryn Newton on Paranormal Activity 4. CraveOnline
  18. ↑ (August 31, 2012). It's scream season already as scary movies crowd calendar. USA Today
  19. ↑ 34th Annual Young Artist Awards. Young Artist Awards.org
  20. ↑ (January 5, 2016). Alexander Skarsgård and James Tupper Join HBO's 'Big Little Little Lies'. Variety
  21. ↑ Kroll, Justin. (November 29, 2017). 'Big Little Lies' Actress Kathryn Newton to Star in Live-Action Pokemon Movie. Variety
  22. ↑ N'Duka, Amanda. (August 29, 2019). Vince Vaughn, Kathryn Newton Topline Chris Landon Body-Swapping Blumhouse Thriller. Deadline Hollywood
  23. ↑ Donnelly, Matt. (February 13, 2020). Amazon Studios Boards 'Map of Tiny Perfect Things' From Akiva Goldsman and FilmNation (EXCLUSIVE). Variety
  24. ↑ Kathryn Newton On Starring In "Ant-Man and the Wasp: Quantumania". Vogue Hong Kong
  25. ↑ Guy, Zoe. (2024-01-24). Winner Finds Humor in a Whisteblower Thriller. Vulture
  26. ↑ Focus Features' Lisa Frankenstein Horror-Comedy to Hit Theaters February 9, 2024. www.focusfeatures.com
  27. ↑ Anderson, Derek. (2024-03-06). The Overlook Film Festival 2024 Lineup Includes CUCKOO, ABIGAIL, 10th Anniversary Screening of Mike Flanagan's OCULUS, and More!. Daily Dead
  28. ↑ [44]
  29. ↑ [16]
  30. ↑ [45]
  31. ↑ [19]
  32. ↑ [46]
  33. ↑ [47]
  34. ↑ [48]

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেথ্ৰিন নিউটন” প্ৰবন্ধৰ সংশোধন ৫৮৩৮৭৫ (২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।