অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

খেলমা জনগোষ্ঠী

উত্তৰ-পূব ভাৰতৰ প্ৰাচীন কুকি জনগোষ্ঠীসমূহৰ ভিতৰত খেলমা বা সাকাচেপ অন্যতম। তেওঁলোকে ডিমা হাচাও, কাৰ্বি আংলং, জয়ন্তিয়া পাহাৰকে ধৰি অসমৰ কেইবাটাও অঞ্চলত বাস কৰে। তাৰোপৰি নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাতো বসবাস কৰে।।

হালনাগাদ: ১৬ অক্টোবৰ ২০২৪ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

উত্তৰ-পূব ভাৰতৰ প্ৰাচীন কুকি জনগোষ্ঠীসমূহৰ ভিতৰত খেলমা বা সাকাচেপ অন্যতম। তেওঁলোকে ডিমা হাচাও, কাৰ্বি আংলং, জয়ন্তিয়া পাহাৰকে ধৰি অসমৰ কেইবাটাও অঞ্চলত বাস কৰে। তাৰোপৰি নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাতো বসবাস কৰে।।১

সংস্কৃতি

তেওঁলোকৰ জীৱন-ধাৰণৰ পদ্ধতি আৰু অভ্যাস চিন-কুকি জনসংখ্যাৰ আন জনগোষ্ঠীৰ সৈতে ওতঃপ্ৰোতভাৱে মিল আছে। ডিমা হাচাও জিলাৰ বাসিন্দাসকলৰ ভিতৰত খেলমা অন্যতম সৰু সম্প্ৰদায়। ভাষা, ৰীতি-নীতি আৰু পৰম্পৰাৰ ফালৰ পৰা খেলমা বংশৰ বিয়াতে আৰু হাৰংখোলৰ লগত বহুত মিল আছে। পূৰ্বতে চুবুৰীয়া ভৈয়ামৰ থলুৱা লোকৰ দৰে মৃতদেহ দাহ কৰিছিল। কিন্তু পিছলৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। কিছুমান ক্ষেত্ৰত পৰম্পৰাগত প্ৰভাৱো খ্ৰীষ্টান বিশ্বাস আৰু আচাৰ-ব্যৱহাৰৰ সৈতে জড়িত হৈ পৰিছে।

তথ্যসূত্ৰ

  1. ↑ Soppitt, C. A. (1893). A Short Account of the Kuki–Lushai Tribes of the North-East Frontier (Districts Cachar, Sylhet, Naga Hills and Dima Hasao etc.) With An Outline Grammar of the Rangkhol-Lushai Language and a Comparison of Lushai With Other Dialects. (Reprint, 1976). Firma-KLM Pvt. Ltd

সম্পৰ্কিত শ্ৰেণী

উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খেলমা জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৪৩৮৪১০ (১৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।