অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

কীব'ৰ্ড

কীব'ৰ্ড বা চাবিফলক (Keyboard) এটি ইনপুট ডিভাইচ্, ইয়াৰ সহায়ত কম্পিউটাৰলৈ বা আন কোনো যন্ত্ৰলৈ বাৰ্তা প্ৰেৰণ কৰা হয়।

হালনাগাদ: ২৯ অক্টোবৰ ২০২৩ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কীব'ৰ্ড বা চাবিফলক১ (Keyboard) এটি ইনপুট ডিভাইচ্, ইয়াৰ সহায়ত কম্পিউটাৰলৈ বা আন কোনো যন্ত্ৰলৈ বাৰ্তা প্ৰেৰণ কৰা হয়।২

বুৰঞ্জী

টাইপ ৰাইটাৰৰ কীব'ৰ্ড

১৮৭৫ত মেঠিউ ৰ'পাৰে টাইপ ৰাইটাৰৰ (QWERTY) কীব'ৰ্ডৰ ধাৰণা সৃষ্টি কৰে টাইপ ৰাইটাৰত ব্যৱহাৰ কৰিবলৈ। খ্ৰিষ্টফাৰ চ'ল্সেও কীব'ৰ্ডত বৰঙনি যোগায়।৩

QWERTY কীব'ৰ্ড

টাইপ ৰাইটাৰৰ উদ্ভাৱক খ্ৰিষ্টফাৰ চ'ল্সে প্ৰথম বৰ্তমান ব্যৱহাৰ কৰা ধৰণে কীব'ৰ্ডখন ডিজাইন কৰে। QWERTY কীব'ৰ্ডৰ এল্ফাবেটিকেল কীবোৰৰ প্ৰথম শাৰীৰ বাঁওফালৰ পৰা ৬টা আখৰেই হ'ল Q, W, E, R, T, Y।৪

কীসমূহ

কীব'ৰ্ডত এল্ফাবেটিক, নিউমাৰিকেল, কাৰ্চৰ, স্পেচিয়েল, ফাংচন- এইকেইটা প্ৰকাৰৰ কী থাকে।

এল্ফাবেটিক আৰু নিউমাৰিকেল কী

এল্ফাবেটিক কী আখৰ লিখিবলৈ ব্যৱহাৰ কৰা হয়। নিউমাৰিকেল পেডৰ নিউমাৰিকেল কী নিউমাৰিকেল লক ব্যৱহাৰ কৰি সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা যায় অন্যথা এই কীসমূহক কাৰ্চৰ কীৰ দৰে ব্যৱহাৰ কৰিব পাৰি। অন্য নিউমাৰিকেল কী সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা যায়৷৫

ফাংচন কী

ফাংচন কীক নিজৰ মতে প্ৰগ্ৰাম কৰি ল'ব পাৰি।৬

কাৰ্চৰ কী

কাৰ্চৰ কীসমূহ স্ক্ৰীনত কাৰ্চৰডাল লৰাবলৈ ব্যৱহাৰ কৰা হয়৷৭

স্পেচিয়েল কী

স্পেচিয়েল কী যেনে টেব, প্ৰিণ্ট স্ক্ৰীন আদিৰ বিভিন্ন বেলেগ বেলেগ ব্যৱহাৰ আছে৷৮

তথ্যসূত্ৰ

  1. ↑ keyboard meaning. xobdo.org
  2. ↑ Fisher, Tim. (1 June 2020). What Is a Keyboard?. lifewire.com
  3. ↑ invention.yukozimo.com/who-invented-the-keyboard Typewriters and keyboards
  4. ↑ invention.yukozimo.com/who-invented-the-keyboard The QWERTY concept
  5. ↑ ace.schoolnet.org.za/cd/skill/keyb/keyboard.htm Numeric keyboard
  6. ↑ আৰ্কাইভ কপি
  7. ↑ আৰ্কাইভ কপি
  8. ↑ ace.schoolnet.org.za/cd/skill/keyb/keyboard.htm এই পৃষ্ঠাত বিভিন্ন স্পেচিয়েল কীৰ ভিন ভিন ব্যৱহাৰৰ বিষয়ে তথ্য পোৱা যাব

সম্পৰ্কিত শ্ৰেণী

কম্পিউটাৰ হাৰ্ডৱেৰলিখন সঁজুলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কীব'ৰ্ড” প্ৰবন্ধৰ সংশোধন ৩৮৯২৮৪ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।