কম্পিউটাৰ মাউচ এবিধ ইনপুট ডিভাইচ, অৰ্থাৎ মাউচৰ সহায়ত কম্পিউটাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰি।১
উদ্ভাৱন

১৯৬০ৰ দশকত Douglas Englebart (ডৌগ্লাচ এংগ্লেবাৰ্ট) আৰু Bill English (বিল ইংলিচ)-এ কম্পিউটাৰক বাৰ্তা দিয়াৰ এটি উন্নত উপায় হিচাপে মাউচ উদ্ভাৱন কৰে। জি-ইউ-আই আৰু মাউচে কম্পিউটাৰত কাম কৰা অতিকৈ সহজ কৰি পেলালে। ই কম্পিউটাৰক অধিক জনপ্ৰিয় কৰাতো সহায় কৰিলে।২
অংগ
এটি সাধাৰণ মাউচত ২ বাটন আৰু এটা স্ক্ৰল হুইল থাকে। এই কেইতাৰ সহায়ত 'ক্লিক' কৰা যায়।৩ মাইক্ৰচফ্ট ৱিণ্ড'জ ব্যৱহাৰ কৰিলে বাওঁফালৰ বাটানেৰে ফাইল চয়ন কৰিব বা খুলিব পাৰি। সোঁ ফালৰ বাটানটোৰ সহায়ত এখন তালিকা দৃশ্যমান কৰিব পাৰি, আৰু স্ক্ৰলৰ সহায়ত স্ক্ৰীন উপৰ তল কৰিব পাৰি।
মাউচটো ধৰা
মাউচটো যদিও সোঁ হাতেৰে ধৰিবলৈ নিৰ্মাণ কৰা হয়, বাঁও হাতেৰে ধৰা মাউচো উপলব্ধ। মাউচ হাতৰ তলুৱাৰ জোখৰ। তৰ্জনিৰে বাটান টিপা হয় আৰু মধ্যমাৰে স্ক্ৰলটো ঘূৰোৱা হয়। হাতৰ তলুৱাৰে যদিও মাউচটো লৰাব পাৰি, কান্ধ লৰাইহে মাউচটো আগ-পিছ কৰা হয়।৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কম্পিউটাৰ মাউচ” প্ৰবন্ধৰ সংশোধন ৩৮০৩৭৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।