অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কাৰিভেলা

কাৰিভেলা (বা কাৰি ভেলা):Karivela (or Kari Vela), ভাৰতৰ কেৰালাৰ পালাক্কাড জিলাত প্ৰচলিত এক পৰম্পৰাগত লোক-আচাৰ। এই অনুষ্ঠানত বহু স্বেচ্ছাসেৱকে নিজৰ শৰীৰ কাঠকয়লাৰ গুড়ি ৰে সম্পূৰ্ণ ক’লা কৰি ৰাজপথেৰে শোভাযাত্ৰা কৰি যায় (মালয়ালমত কাৰি অৰ্থাৎ ক’লা)।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

কাৰিভেলা (বা কাৰি ভেলা):Karivela (or Kari Vela), ভাৰতৰ কেৰালাৰ পালাক্কাড জিলাত প্ৰচলিত এক পৰম্পৰাগত লোক-আচাৰ।১ এই অনুষ্ঠানত বহু স্বেচ্ছাসেৱকে নিজৰ শৰীৰ কাঠকয়লাৰ গুড়ি ৰে সম্পূৰ্ণ ক’লা কৰি ৰাজপথেৰে শোভাযাত্ৰা কৰি যায় (মালয়ালমত কাৰি অৰ্থাৎ ক’লা)।২

কাৰিভেলা সাধাৰণতে নেম্মাৰা ভেলা আৰু কুথিৰা ভেলা আদি উৎসৱৰ অংশ হিচাপে অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰা স্বেচ্ছাসেৱকসকলে উৎসৱত সমবেত হোৱা দৰ্শনাৰ্থীসকলক নিয়ন্ত্ৰণ আৰু শৃংখলা ৰক্ষাৰ দায়িত্ব পালন কৰিবলৈ প্ৰহৰী হিচাপে কাম কৰে।২

নেনমাৰা ভাল্লাঙ্গি ভেলা, যি নেল্লিক্কুলংগাৰা ভগৱতী মন্দিৰত নেম্মাৰা আৰু ভাল্লাঙ্গি নামৰ দুটা স্থানীয় অঞ্চলৰ উদ্যোগত অনুষ্ঠিত হয়, তাত কাৰিভেলা অন্যতম লোক-সাংস্কৃতিক পৰম্পৰা পৰিবেশন কৰা দেখা যায়। এই উৎসৱত কাৰিভেলাৰ উপৰিও কুম্মাট্টিক্কালি, আণ্ডিভেলা, সুসজ্জিত হাতীৰ শোভাযাত্ৰা, পঞ্চবাদ্যম আৰু আতচবাজীও অনুষ্ঠিত হয়।৩

শৰীৰ ক’লা কৰি নিজকে সজাই পৰাই লোৱা এই পৰম্পৰাক কাৰিভেশম বুলিও কোৱা হয়। এই আচাৰ পালাক্কাড জিলা আৰু থ্ৰিছূৰ জিলাৰ কিছু অংশত বিষু ভেলা উৎসৱৰ সময়ত পালন কৰা হয়। বিষু ভেলাই উৎসৱ শস্য চপোৱা ঋতুৰ সমাপ্তি আৰু নতুন খেতি ৰোপণৰ আৰম্ভণিৰ প্ৰতীক হিচাপে পালন কৰা হয়।৪ এই লোকাআচাৰত অংশগ্ৰহণ কৰিলে আগন্তুক বছৰে সৌভাগ্য কঢ়িয়াই আনে বুলি বহু লোকৰ বিশ্বাস।৪

তথ্যসূত্ৰ

  1. ↑ T, Anilkumar. (4 April 2023). Dance of men for a goddess. The New Indian Express
  2. ↑ Thattamangalam Village Office. village.kerala.gov.in. Government of Kerala Revenue Department
  3. ↑ Nenmara Vallangi Vela. Kerala Tourism. Department of Tourism, Government of Kerala
  4. ↑ (11 April 2025). Happy Vishu: Ever heard of Vishu vela, a central Kerala festivity?. Onmanorama

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰিভেলা” প্ৰবন্ধৰ সংশোধন ৬২৫১১৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।