অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কাছাৰগোড শাৰী

কাছাৰগোড শাৰী (: Kasaragod saree), হৈছে কেৰালাৰ কাছাৰগোড জিলাৰ শালিয়া সম্প্ৰদায়ৰ তাঁতীসকলে প্ৰস্তুত কৰা এবিধ পৰম্পৰাগত কপাহী শাৰী। এই শাৰীসমূহ হাতেৰে বোৱা আৰু মজবুত তথা দীৰ্ঘদিন ব্যৱহাৰ কৰিব পৰা।।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কাছাৰগোড শাৰী (: Kasaragod saree), হৈছে কেৰালাৰ কাছাৰগোড জিলাৰ শালিয়া সম্প্ৰদায়ৰ তাঁতীসকলে প্ৰস্তুত কৰা এবিধ পৰম্পৰাগত কপাহী শাৰী। এই শাৰীসমূহ হাতেৰে বোৱা আৰু মজবুত তথা দীৰ্ঘদিন ব্যৱহাৰ কৰিব পৰা।। এইবোৰ পৰম্পৰাগত কেৰালা শাৰীৰ পৰা পৃথক আৰু ওচৰ-চুবুৰীয়া কৰাৱলি অঞ্চলৰ শাৰী বোৱাৰ শৈলীৰ প্ৰভাৱ ইয়াত দেখা যায়।১

ইতিহাস

এই তাঁতশিল্পৰ পৰম্পৰাৰ উৎপত্তি ১৮শ শতিকাৰ পৰাই পোৱা বুলি অনুমান কৰিব পৰা যায়। কৰাৱলিৰ পৰা তামিলনাডুলৈ প্ৰব্ৰজন কৰা শালিয়া সম্প্ৰদায়ৰ লোকসকলে এই পৰম্পৰা আৰম্ভ কৰিছিল। ইয়াৰ উপৰি পদ্মশালিয়া সম্প্ৰদায়ৰ লোকসকলেও মহীশূৰ ৰাজ্যৰ পৰা এই অঞ্চললৈ প্ৰব্ৰজন কৰি ইয়াত বসতি স্থাপন কৰিছিল আৰু এই তাঁতশিল্পৰ বিকাশত অৰিহণা যোগাইছিল।২

তাৎপৰ্য

কেৰালাত প্ৰচলিত চাৰিটা পৰম্পৰাগত তাঁতশিল্পৰ ভিতৰত কাছাৰগোড শাৰী অন্যতম। আন তিনিটা বিদ্যমান তাঁতশিল্প হৈছে বালাৰামপুৰম, কুথামপল্লী আৰু চেণ্ডামঙ্গলম।৩

এই শাৰীৰ মূল অংশ সাধাৰণতে একৰঙী বা ৰেখাযুক্ত হয় আৰু ৰং কৰা সূতা ব্যৱহাৰ কৰা হয়। শাৰীৰ পাৰি জেকাৰ্ড বা ডবি পদ্ধতিৰে হাতেৰে তৈয়াৰ কৰা হয়, যাৰ বাবে ইয়াৰ পাৰিবোৰ অতি আকৰ্ষণীয় হয়। এই শাৰীসমূহ সাধাৰণতে ৬০–১০০ পৰিসৰৰ উচ্চ সূতাসংখ্যা ব্যৱহাৰ কৰি বোৱা হয় আৰু ভেট্‌ ডাই ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত শাৰীসমূহ দীৰ্ঘদিন টিকি থাকে।৪ বৰ্তমান ৰেচমৰ সৈতে মিশ্ৰিত সূতা ব্যৱহাৰ কৰা এই শাৰীৰ নতুন সংস্কৰণো পোৱা যায়।

কাছাৰগোড ৱিভাৰ্ছ কো-অপাৰেটিভ প্ৰডাকচন এণ্ড ছেল ছ’চাইটি লিমিটেড ১৯৩৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমানেও এই প্ৰতিষ্ঠানটোৱে শাৰী উৎপাদন আৰু বিপণন কৰাৰ লগতে তাঁত বোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰি এই পৰম্পৰাক জীয়াই ৰাখিছে।৫এই শাৰীসমূহ দৈনন্দিন ব্যৱহাৰ আৰু পৰিধানৰ বাবে উপযোগী হোৱাৰ বাবে ইয়াৰ চাহিদা একেৰাহে এতিয়াও স্থিৰভাৱে আছে।৬

ভৌগোলিক স্বীকৃতি

২০০৯ চনত কেৰালা চৰকাৰে কাছাৰগোড শাৰীৰ বাবে ভৌগোলিক স্বীকৃতি (Geographical Indication বা GI) লাভৰ বাবে আবেদন জনায়। ভাৰত চৰকাৰে ২০১০ চনৰ পৰা কাছাৰগোড শাৰীক আনুষ্ঠানিকভাৱে ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।৭

চাওক

  • কুথামপুল্লী শাৰী

তথ্যসূত্ৰ

  1. ↑ Kasaragod: Exploring North Kerala. www.outlookindia.com/outlooktraveller/
  2. ↑ Kasaragod Sarees (Kerala) (GI Regn No. 170) · Textiles Committee. textilescommittee.nic.in
  3. ↑ Weaving tradition of Kasaragod Sarees. Kerala Tourism
  4. ↑ (2020-08-05). Kasaragod Cotton. Isha Sadhguru
  5. ↑ P. Sudhakaran. (Dec 28, 2013). Kasargod Saree: Reviving a tradition · Bengaluru News - Times of India. The Times of India
  6. ↑ P. Sudhakaran. (Dec 28, 2013). Kasargod Saree: Reviving a tradition · Bengaluru News - Times of India. The Times of India
  7. ↑ Details · Geographical Indications · Intellectual Property India. ipindiaservices.gov.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাছাৰগোড শাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৬৯১৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।