কটেজিং হৈছে যুক্তৰাজ্যত উৎপত্তি হোৱা এটা সমকামী স্লেংগ বা অপশব্দ, ইয়াৰ অৰ্থ হৈছে ৰাজহুৱা লেভেটৰীত (এটা "কটেজ" ১ বা "টি-ৰুম" ), ২ বা অন্য ঠাইত যৌন সঙ্গীৰ সন্ধান কৰা পুৰুষৰ মাজত হোৱা বেনামী যৌন সম্পৰ্ক। ৩ ৪ এই শব্দটোৰ মূল হৈছে স্বয়ংসম্পূৰ্ণ ইংৰাজী শৌচাগাৰ ব্লক যিবোৰ দেখাত সৰু সৰু কটেজৰ দৰে; পোলাৰীৰ ইংৰাজী ভাষাত এইটো যৌন মুখামুখিৰ কথা উল্লেখ কৰি সমকামী পুৰুষৰ ডাবল এনটেণ্ডাৰত পৰিণত হয়। ৫
"কটেজ" শব্দটোৰ অৰ্থ সাধাৰণতে সৰু, আৰামদায়ক, গাঁৱলীয়া ঘৰ, ভিক্টোৰিয়ান যুগত ৰাজহুৱা শৌচাগাৰক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল বুলি নথিভুক্ত কৰা হৈছে আৰু ১৯৬০ চনৰ ভিতৰত ইয়াৰ ব্যৱহাৰ এই অৰ্থত একচেটিয়াভাৱে সমকামী স্লেংগ শব্দত পৰিণত হৈছিল। ৬ ৭ এই ব্যৱহাৰ প্ৰধানকৈ ব্ৰিটিছ, যদিও বিশ্বৰ আন আন ঠাইত এই শব্দটো মাজে মাজে একে অৰ্থৰে ব্যৱহাৰ কৰা হয়। ৮ ১৯৭০ চনৰ আৰম্ভণিতে আমেৰিকাত সমকামী পুৰুষৰ মাজত এই কামৰ বাবে ব্যৱহাৰ কৰা লেভেটৰীবোৰক টি-ৰুম বুলি কোৱা হৈছিল।
স্থানসমূহ

বহুল ব্যৱহৃত ৰাজহুৱা ঠাই যেনে বাছ ষ্টেচন, ৰেলৱে ষ্টেচন, বিমানবন্দৰ আৰু বিশ্ববিদ্যালয় চৌহদ আদিত কটেজ আছিল বা আছে ৷ ৯ প্ৰায়ে জনপ্ৰিয় কটেজৰ কিউবিকলৰ মাজৰ দেৱালত গ্ল'ৰি হ'ল কৰা হয়। ১০ ভৰিৰ সহায়ত দিয়া সংকেত, দুটা ষ্টলৰ মাজৰ ডিভাইডাৰৰ তললৈ ভৰি এখন অলপ সুমুৱাই দিয়া আদি কাৰ্যই, পৰৱৰ্তী ষ্টলত থকাজনৰ দৃষ্টি আকৰ্ষণ কৰা বা পৰৱৰ্তী কিউবিকলত থকা ব্যক্তিজনৰ সৈতে সংযোগ স্থাপন কৰিব বিচৰা বুলি বুজাবলৈ প্ৰয়োগ হয়। কিছুমান বহুল ব্যৱহৃত কটেজত এটা শিষ্টাচাৰ গঢ় লৈ উঠে আৰু এজন ব্যক্তিয়ে কোনো বিৰোধপক্ষ আহি আছে নেকি বুলি সকীয়াই দিবলৈ লুকাউট হিচাপেও কাম কৰিব পাৰে।
১৯৮০ চনৰ পৰা কৰ্তৃত্বশীল অধিক ব্যক্তিয়ে নিজৰ অধীনস্থ ঠাইত কটেজৰ অৱস্থিতি সম্পৰ্কত অধিক সচেতন হৈছে; তেনেদৰে, তেওঁলোকে জনপ্ৰিয় কটেজৰ কিউবিকলৰ উচ্চতা হ্ৰাস কৰিছে (বা আনকি দুৱাৰো আঁতৰাই পেলাইছে) বা ভৰিৰ সংকেত ৰোধ কৰিবলৈ কিউবিকলৰ মাজৰ দেৱালবোৰ মজিয়ালৈকে সম্প্ৰসাৰণ কৰিছে। ১১ ১২
সংযোগস্থলী হিচাপে কটেজ

সমকামী মুক্তি আন্দোলনৰ আগতে সেই সময়ত বহুসমকামী আৰু বাইচেক্সুৱেল পুৰুষে নিজৰ যৌন পৰিচয় গোপনে ৰাখিব লগা হৈছিল আৰু বৈধ মদ্যপান বয়সৰ তলৰ লোকৰ বাবে প্ৰায় কোনো ৰাজহুৱা সমকামী সামাজিক গোট নাছিল। ১৩ সেইবাবেই, সমকামী বাৰত সোমাবলৈ অনুমতি নোপোৱা অতি কম বয়সীয়া পুৰুষে আন সমকামী পুৰুষক লগ পোৱা কিছুমান ঠাইৰ ভিতৰত কটেজেই আছিল অন্যতম। ১৪
ইণ্টাৰনেট ব্যৱস্থাই বৰ্তমান কটেজিঙৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিলে।১৫ বৰ্তমান সময়ত কিছুমান অনলাইন গোট গঠন কৰা হৈছে য'ত পুৰুষসকলে স্থানৰ সবিশেষ আদান-প্ৰদান কৰে তথা নিৰাপদ আৰু লগপোৱাৰ সময়ৰ ব্যৱস্থা কৰি যৌন সম্পৰ্কৰ সুবিধা প্ৰদান কৰা আদি দিশসমূহৰ বিষয়ে আলোচনা কৰে। ১০ ১৬ চাইবাৰকটেজ শব্দটো কিছুমান সমকামী আৰু বাইচেক্সুৱেল পুৰুষে ব্যৱহাৰ কৰে যিয়ে বাস্তৱ জীৱনৰ বেনামী যৌন মুখামুখিৰ ব্যৱস্থা কৰিবলৈ ভাৰ্চুৱেল স্থানত কটেজিং কৰাৰ ৰোল প্লে কৰে আৰু নষ্টালজিয়াৰ মাদকতা ল'বলৈ ব্যৱহাৰ কৰে। ২
১৯৭০ চনত প্ৰকাশিত ল'ড হামফ্ৰেৰ টিৰুম ট্ৰেড আছিল বেনামী যৌনতাৰ বাবে আগবঢ়োৱা সামাজিক স্থানৰ ৰাজহুৱা "প্ৰস্ৰাৱগাৰ" (যিহেতু আমেৰিকাত শৌচাগাৰক ইউফেমিষ্টিকভাৱে জনা যায়) আৰু পুৰুষসকলৰ মাজত—হয়তো সমকামী বা বিষমকামী—যিসকলে তেওঁলোকৰ পত্নী, ধৰ্ম বা সামাজিক জীৱনে কৰিব নোৱাৰা যৌন ইচ্ছা পূৰণ কৰিব বিচৰাৰ মাজত এক সমাজবিজ্ঞানসন্মত বিশ্লেষণ আৰু পৰ্যবেক্ষণ। ১৭ উদ্ভাৱনৰ বাবে এফালে প্ৰশংসা আৰু আনফালে "ষ্ট্ৰেইট" পুৰুষক চিনাক্ত কৰি তেওঁলোকৰ গোপনীয়তাক বিপদত পেলোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা এই অধ্যয়নে ৰাজহুৱা শৌচাগাৰৰ বহুমাত্ৰিকতা আৰু আত্মপৰিচয় গোপনে ৰখা ষ্ট্ৰেইট পুৰুষৰ মাজত সমকামী যৌনতাৰ জটিলতাক পোহৰলৈ আনিছিল।

মাটিৰ তলৰ টয়লেট ব্লক, টেইলৰ স্কোৱাৰ, ছিডনী
১৮৮৩ চনত জনসাধাৰণৰ বাবে মুকলি কৰা ছিডনীৰ টেইলৰ স্কোৱাৰৰ উত্তৰ মূৰত অৱস্থিত এটা মাটিৰ তলৰ শৌচাগাৰ ব্লক ছিডনীত ১৯৯৮ চনত বন্ধ হৈ পৰা লৈকে দশক দশক ধৰি মানুহে যাদৃচ্ছিকভাৱে লগ পোৱা আৰু যৌন সম্পৰ্ক স্থাপন কৰাৰ জনপ্ৰিয় স্থান আছিল।
২০২৪ চনত টয়লেট ব্লকটো কিউট'পিয়া ছিডনীৰ অংশ হৈ পৰে, ১৮ ১৯ ছিডনীত কুইয়াৰ সংস্কৃতিৰ সৈতে জড়িত বস্তুৰ বিস্তৃত সংগ্ৰহ থকা এটা সংগ্ৰহালয় ২০ ২১ আৰু টয়লেট ব্লকটোৱে "১৯৮০ আৰু ৯০ দশকৰ ছিডনীৰ গে বিট, চৌনা আৰু ক্ৰুজিং সংস্কৃতিৰ অন্বেষণ কৰা প্ৰদৰ্শনী" আয়োজন কৰিছিল।
আইনী মৰ্যাদা

ৰাজহুৱা প্ৰস্ৰাৱগাৰত যৌন কাৰ্য বহু ন্যায়িক অধিকাৰক্ষেত্ৰই নিষিদ্ধ কৰিছে। সম্ভৱতঃ কটেজিঙৰ লগত জড়িত বিপদে ইয়াক কিছুমানৰ বাবে আকৰ্ষণীয় কাৰ্য্যকলাপ কৰি তুলিছে। ২২
ঐতিহাসিকভাৱে যুক্তৰাজ্যত ৰাজহুৱা সমকামীতাৰ ফলত প্ৰায়ে গুৰুতৰ অশ্লীলতাৰ অভিযোগ আহে, যিটো অপৰাধ কেৱল পুৰুষে কৰা যৌন কাৰ্য্যৰ সৈতে জড়িত আৰু বিশেষকৈ সমকামী কাৰ্যকলাপৰ ক্ষেত্ৰত প্ৰযোজ্য। ২৩ ২৪ পায়ুসংগম কৰাটো এটা পৃথক আৰু বহুত বেছি গুৰুতৰ অপৰাধ আছিল যিটো বাগাৰীৰ সংজ্ঞাৰ অধীনত আহিছিল। ব্ৰিটেইনৰ আইন অনুসৰি ১৫৩৩ চনৰ পৰা ১৮৬১ চনৰ ভিতৰত বাগাৰী মৃত্যুদণ্ডৰ অপৰাধ আছিল যদিও ইয়াৰ ফলত মৃত্যুদণ্ডৰ শাস্তি খুব কমেইহে হৈছিল। ১৯৬৭ চনৰ যৌন অপৰাধ আইনখনে ২১ বছৰৰ ওপৰৰ পুৰুষৰ মাজত ব্যক্তিগত স্থানত যৌন সম্পৰ্ক স্থাপনৰ অনুমতি দিছিল যদিও এই আইনখনে ৰাজহুৱা লেভেটৰীসমূহক "ব্যক্তিগত" স্থান হিচাপে ব্যৱহাৰৰ অনুমতি দিয়া নছিল। যৌন অপৰাধ আইন ২০০৩ য়ে এই দিশটোৰ ঠাইত "ৰাজহুৱা লেভেটৰীত যৌন কাৰ্যকলাপ" অপৰাধৰ ব্যৱস্থা কৰে য'ত একক হস্তমৈথুনো অন্তৰ্ভুক্ত কৰা হয়।
কটেজিঙৰ বাবে মানুহক আদালতলৈ অনা কিছুমান গোচৰত ফান্দত পৰাৰ বিষয়টো উত্থাপন হৈছিল। ২২ এই অপৰাধমূলক যৌন সম্পৰ্ক ৰাজহুৱাস্থানত হৈছিল যদিও প্ৰায়ে বন্ধ লেভেটৰীৰ দুৱাৰৰ আঁৰত কৰা হৈছিল, সেয়েহে আৰক্ষীয়ে কেতিয়াবা আণ্ডাৰকাভাৰ আৰক্ষী বিষয়া হিচাপে আন পুৰুষক যৌন সম্পৰ্কৰ বাবে তেওঁলোকৰ ওচৰলৈ যাবলৈ প্ৰলোভিত কৰাৰ প্ৰয়াসত সমকামীৰ ৰূপ লৈ শৌচাগাৰলৈ সঘনাই গৈছিল। তাৰ পিছত এই লোকসকলক আমন্ত্ৰণ বা অনুৰোধ আৰু কিছুমান ক্ষেত্ৰত অশ্লীল আক্ৰমণৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।
তথ্যসূত্ৰ
- ↑ "cottage noun a public lavatory used for homosexual encounters (UK)."
- ↑ Mowlabocus. (2008). Revisiting old haunts through new technologies. International Journal of Cultural Studies. Sage Publications. পৃ. 419–439
- ↑ Sex Tips for Gay Guys by Dan Anderson; Published by Macmillan, 2002
- ↑ https://www.theguardian.com/theguardian/1999/jun/21/features11.g23
- ↑ Fantabulosa: A Dictionary of Polari and Gay Slang by Paul Baker; Published by Continuum International Publishing Group, 2004
- ↑ (1909). https://archive.org/details/passingenglishof0000ware. ISBN 0-85409-932-8
- ↑ (1960)
- ↑ Maupin, A. (1984). ((Babycakes)). Harper Collins. পৃ. 105. ISBN 0-06-092483-7
- ↑ (8 Apr 2008). https://news.bbc.co.uk/2/hi/uk_news/northern_ireland/7329383.stm
- ↑ Chris Ashford. (2007). Commons Publications: Memorandum by Chris Ashford, Senior Lecturer in Law, University of Sunderland
- ↑ Tom Geoghegan. (27 Sep 2005). A public inconvenience. BBC News
- ↑ (16 Aug 2006). Council vows to fight public sex. BBC News
- ↑ David Northmore. (11 April 1998). Finding private passion in a public place; Why is it that some gay men go in search of sexual encounters in lavatories?. The Independent
- ↑ Prejudice and Pride: Discrimination Against Gay People in Modern Britain by Bruce Galloway; Published by Routledge, 1983
- ↑ (26 October 2008). https://www.theguardian.com/lifeandstyle/2008/oct/26/internet-sex-web-desire
- ↑ Ashford. (2006). The only gay in the village: Sexuality and the net. Information & Communications Technology Law. Taylor & Francis. পৃ. 275–289
- ↑ Humphreys. (2011). Tearoom Trade: a study of homosexual encounters in public places. Transaction Publishers. ISBN 978-0-202-36942-6
- ↑ (27 March 2024). https://www.starobserver.com.au/news/the-substation-at-lgbtq-museum-qtopia-sydney-now-open/229557
- ↑ Locations. Qtopia Sydney
- ↑ (17 February 2023). https://www.abc.net.au/news/2023-02-17/qtopia-queer-museum-opens-for-sydney-worldpride/101990952
- ↑ (3 January 2024). https://www.starobserver.com.au/news/national-news/new-south-wales-news/the-polson-effect/227884
- ↑ (1 November 2009). http://www.advocate.com/Print_Issue/Features/Cruise_Control
- ↑ Walter Bluhm. (23 June 1965). Police Observation. The Times
- ↑ Helen Chappell. (17 October 1984). Far from gay / Prejudice against homosexuals
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কটেজিং” প্ৰবন্ধৰ সংশোধন ৬১৩৩৪২ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।