মোগল সাম্ৰাজ্যৰ স্থপতি
৪ প্ৰবন্ধ
-
ওস্তাদ আহমদ লাহোৰী
ওস্তাদ আহমদ লাহোৰী (প্ৰায় ১৫৮০-১৬৪৯) যাক আহমদ মিমাৰ (অৰ্থ 'আহমদ স্থপতি') নামেৰেও জনা যায়, মোগল সাম্ৰাজ্যৰ এজন স্থপতি আৰু অভিযন্তা আছিল। তেওঁ ছাহজাহানৰ ৰাজত্বকালত মুখ্য স্থপতি হিচাপে কাম কৰিছিল।
-
আতাউল্লাহ ৰছিদী
আতাউল্লাহ ৰছিদী বিন আহমদ ম’মাৰ আছিল ১৭ শতিকাৰ এজন স্থপতি আৰু বৰ্তমানৰ ভাৰতৰ মোগল সাম্ৰাজ্যৰ এজন গণিত লেখক। তেওঁ ঔৰংগাবাদৰ বিবি কা মকবৰা আৰু শ্বাহজাহানাবাদৰ কিছুমান অট্টালিকাৰ ডিজাইন কৰিছিল। এজন গণিত লেখক হিচাপে তেওঁ আৰবী ভাষাৰ খুলাছাত আল-হিছাব আৰু সংস্কৃত ভাষাৰ বীজগণিত ফাৰ্চী ভাষালৈ অনুবাদ কৰে।
-
শ্বাহ কালিম আল্লাহ জাহানাবাদী
খোৱাজা শ্বাহ কালিম-উল্লাহ জাহানাবাদী (شاه كليم الله جهانابادي) বা নুৰ আল্লাহ বা আহমদ আল-মিমাৰ আল-ইদ্দিকী (১৬৫০-১৭২৯) মোগল যুগৰ শেষৰফালৰ এজন আগশাৰীৰ চিষ্টি সন্ত আছিল আৰু তেওঁক চিষ্টি ধাৰা আৰু মিৰ ছয়ীদ আলী হামাদানী ছুফী পন্থ পুনৰুজ্জীৱিত কৰাৰ সহায়ক বুলি গণ্য কৰা হয়।
-
ওস্তাদ ইছা
ওস্তাদ ইছা শ্বিৰাজী (পাৰ্চী: استاد عيسى شیرازی) আছিল ছাফাৱী পাৰস্যৰ (বৰ্তমান ইৰাণ) শ্বিৰাজ চহৰৰ এজন পাৰ্চী স্থপতি, এওঁক প্ৰায়ে ভাৰতৰ আগ্ৰাত থকা তাজমহলৰ সহকাৰী স্থপতি হিচাপে বৰ্ণনা কৰা হয়।