অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

এল আৰ চি (ফাইল ফৰমেট)

এল আৰ চি (LRC; LyRiCs-ৰ সংক্ষিপ্ত ৰূপ) হ’ল এনে এক কম্পিউটাৰ ফাইল ফৰমেট যিয়ে এটা অডিঅ’ ফাইলৰ সৈতে গীতৰ কথা সংযোগ কৰে। যেতিয়া এটা অডিঅ’ ফাইল এল আৰ চি (lrc) ফাইলৰ সৈতে মোবাইল, কম্পিউটাৰ বা আধুনিক ডিজিটেল অডিঅ’ প্লেয়াৰত বজোৱা হয় তেতিয়া তাত গীতৰ কথা প্ৰদৰ্শিত হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

এল আৰ চি (LRC; LyRiCs-ৰ সংক্ষিপ্ত ৰূপ) হ’ল এনে এক কম্পিউটাৰ ফাইল ফৰমেট যিয়ে এটা অডিঅ’ ফাইলৰ সৈতে গীতৰ কথা সংযোগ কৰে। যেতিয়া এটা অডিঅ’ ফাইল এল আৰ চি (lrc) ফাইলৰ সৈতে মোবাইল, কম্পিউটাৰ বা আধুনিক ডিজিটেল অডিঅ’ প্লেয়াৰত বজোৱা হয় তেতিয়া তাত গীতৰ কথা প্ৰদৰ্শিত হয়। এল আৰ চি (lrc) ফাইলটোৰ নাম সাধাৰণতে অডিঅ’ ফাইলৰ সৈতে একে হ’ব লাগে। উদাহৰণস্বৰূপে, অসমীয়া গান.mp3 আৰু অসমীয়া গান.lrc। LRC ফৰমেট subtitle-ৰ সৈতে একে আৰু ই পাঠ-ভিত্তিক।

ফৰমেট

সাধাৰণ ফৰমেট

সাধাৰণ এল আৰ চি ফৰ্মেট টাইৱান স্থিত কুও (জোহান) শ্বিয়াং-ছিয়াঙৰ গীতৰ কথা প্ৰদৰ্শকৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল। ই প্ৰথম নহ’লেও, প্ৰগ্ৰেমসমূহৰ ভিতৰত প্ৰথম আছিল, যিয়ে কাৰিওকে (Karaoke)-ৰ পৰিৱেশনক অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিল। ইয়াত সাধাৰণতে গীতৰ কথাৰ এটা সম্পূৰ্ণ শাৰী প্ৰদৰ্শন হয়। অৱশ্যে আধুনিক কাৰিওকে মেচিনত দেখাৰ দৰে ইয়াত গীতৰ কথা নিৰ্দিষ্ট সময়ত এটা মাথোঁ শব্দ প্ৰদৰ্শন কৰাটোও সম্ভৱ; যিটো কৰিবলৈ প্ৰতিটো শাৰীৰ পৰিৱৰ্তে প্ৰতিটো শব্দত এটা টাইম টেগ লগাব লাগে। কুওৰ গীতৰ কথা প্ৰদৰ্শকক ১৯৯৪ চনত সৃষ্টি কৰিছিল আৰু ই Winamp-ৰ প্লাগ-ইন আছিল।১

লাইনৰ সময় টেগসমূহ [mm:ss.xx] ফৰমেটত থাকে; য’ত mm মানে হৈছে মিনিট, ss হৈছে চেকেণ্ড আৰু xx হৈছে এটা চেকেণ্ডৰ শতাংশ।

  • সাধাৰণ উদাহৰণ:

[ve:version of program] [00:20.25]গীতৰ প্ৰথম শাৰী [00:25.10]গীতৰ দ্বিতীয় শাৰী [00:30.17]গীতৰ তৃতীয় শাৰী ... ... [mm:ss.xx]গীতৰ অন্তিম শাৰী

গীতৰ কথাৰ আগত আইডি টেগ দেখা দিব পাৰে২ যদিও কিছুমান প্লেয়াৰে ইয়াক চিনাক্ত নকৰিব পাৰে বা আওকাণ কৰিব পাৰে।

[ar:Lyrics artist]

[al:Album where the song is from]

[ti:Lyrics (song) title]

[au:Creator of the Songtext] [length:How long the song is] [by:Creator of the LRC file]

[offset:+/- Overall timestamp adjustment in milliseconds, + shifts time up, - shifts down]

[re:The player or editor that created the LRC file]

[ve:version of program]

  • আইডি টেগৰ সৈতে উদাহৰণ:

[ti: চিৰ চেনেহী মোৰ ভাষা জননী] [by: অসমীয়া ৱিকিপিডিয়া] [length: 4:14]

[ve:version of program]

[00:20.25]চিৰ চেনেহী মোৰ ভাষা জননী [00:25.10]চিৰ চেনেহী মোৰ ভাষা জননী [00:30.17]ধন্যে পুণ্যে হৃত-পাৱনী [00:34.39]আই ধন্যে পুণ্যে হৃত-পাৱনী [00:39.98]চিৰ চেনেহী মোৰ ভাষা জননী [00:44.88]চিৰ চেনেহী মোৰ ভাষা জননী ... ... [mm:ss.xx]গীতৰ অন্তিম শাৰী

তথ্যসূত্ৰ

  1. ↑ Kuo's Lyrics Displayer for Winamp. www.fortunecity.com
  2. ↑ www.mobile-mir.com/en/HowToLRC.php (dead, but archived)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এল আৰ চি (ফাইল ফৰমেট)” প্ৰবন্ধৰ সংশোধন ৩৮০২৯০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।