এলিসা ইলেইন ডিয়াজ১ (জন্ম: ৭ ছেপ্টেম্বৰ ১৯৮৫)১ এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ টেলিভিছনৰ বিভিন্ন চৰিত্ৰৰ বাবে পৰিচিত, যেনে চিবিএছৰ ডে-টাইম ছোপ অপাৰেটৰ এজ দ্য ৱৰ্ল্ড টাৰ্ণছ-ত চেলিয়া অৰ্টেগা, এবিচি ফেমিলি চেনেলৰ ধাৰাবাহিক দ্য নাইন লাইভছ অফ ক্ল’ই কিং-ত জেচমিন, লাইফটাইমৰ আৰ্মী ৱাইভছ-ত গ্ল’ৰিয়া ক্ৰুজ, শ্ব’টাইমৰ ৰে ডনোভান-ত টেৰেছা, চিবিএছৰ ধাৰাবাহিক জু-ত ডৰিয়েলা মাৰ্জান আৰু এবিচিৰ ধাৰাবাহিক দ্য ৰুকী-ত ডিটেকটিভ এঞ্জেলা লোপেজ।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৮৫ চনৰ ৭ ছেপ্টেম্বৰত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ নৰ্থৰিজত ডিয়াজৰ জন্ম হৈছিল।১ তেওঁ কলম্বিয়ান আৰু মেক্সিকান মূলৰ।২ সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাত তেওঁ নিজৰ বিদ্যালয়ৰ নিৰ্মাণ হাকলবেৰী ফিন-ত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল।৩
কৰ্মজীৱন
ডিয়াজ কেইবাখনো ধাৰাবাহিকত তেওঁৰ সঘনাই দেখা দিয়া চৰিত্ৰসমূহৰ বাবে পৰিচিত, যাৰ ভিতৰত আছে আৰ্মী ৱাইভছ, ৰে ডনোভান আৰু ছোপ অপাৰেটৰ ধাৰাবাহিক এজ দ্য ৱৰ্ল্ড টাৰ্ণছ। তেওঁ ৰেড ডন-ৰ ৰিমেক সংস্কৰণত অভিনয় কৰি চলচ্চিত্ৰ জগতত খোপনি পুতিবলৈ সক্ষম হয়। ইয়াৰ উপৰি তেওঁ সাউথলেণ্ড, চিএছআই: এনৱাই আৰু লাই টু মি-ৰ দৰে টেলিভিছন শ্ব’ত অতিথি শিল্পী হিচাপে অভিনয় কৰিছে। তেওঁ হাউ দ্য গাৰ্চিয়া গাৰ্লছ স্পেণ্ট দেয়াৰ ছামাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে বেন ১০: এলিয়েন স্বৰ্ম৪ আৰু দ্য জেনচেন প্ৰজেক্ট-ৰ দৰে টেলিভিছন ছবিত অভিনয় কৰিছে।৫
২০১১ চনত এবিচি ফেমিলিৰ ধাৰাবাহিক দ্য নাইন লাইভছ অফ ক্ল’ই কিং-ত জেচমিন নামৰ মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ নিৰ্বাচিত হয়।৬ ২০১২ চনত তেওঁ আৰ্মী ৱাইভছ-ত গ্ল’ৰিয়া ক্ৰুজৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। ২০১৩ চনৰ মাৰ্চ মাহৰপৰা আৰম্ভ হোৱা সপ্তম ছিজনৰপৰা তেওঁক ধাৰাবাহিকখনৰ নিয়মীয়া শিল্পী হিচাপে অন্তৰ্ভুক্ত কৰা হয়।৭ ইয়াৰ উপৰি তেওঁ দ্য ভেম্পায়াৰ ডায়েৰীজ-তো অভিনয় কৰিছে।৮ ২০১৬ চনৰ মাৰ্চ মাহত ডিয়াজে চিবিএছৰ ড্ৰামা ধাৰাবাহিক জু-ৰ দ্বিতীয় ছিজনৰ বাবে ডৰিয়েলা নামৰ এটা চৰিত্ৰত অভিনয়ৰ সুযোগ পায়।৯ ২০১৮ চনত তেওঁ নেটফ্লিক্স ধাৰাবাহিক নাৰ্কোছ: মেক্সিকো-ত ডিইএ এজেণ্ট কিকি কামাৰেনাৰ পত্নী মিকা কামাৰেনাৰ চৰিত্ৰত অভিনয় কৰিছিল। বৰ্তমান তেওঁ এবিচিৰ ড্ৰামা ধাৰাবাহিক দ্য ৰুকী-ত এলএপিডি প্ৰশিক্ষণ বিষয়া/ডিটেকটিভ এঞ্জেলা লোপেজ হিচাপে মুখ্য চৰিত্ৰত অভিনয় কৰি আছে।১০
ব্যক্তিগত জীৱন
ডিয়াজ গায়ক তথা গীতিকাৰ গুস্তাভো গেলিণ্ডোৰ সৈতে বাগদানত আবদ্ধ। ২০২০ চনৰ ২৮ ডিচেম্বৰত ডিয়াজে নিজৰ ইনষ্টাগ্ৰামযোগে ঘোষণা কৰিছিল যে তেওঁলোকৰ প্ৰথম সন্তান ভূমিষ্ঠ হৈছে। তেওঁৰ গৰ্ভধাৰণৰ কথাটো দ্য ৰুকী ধাৰাবাহিকখনৰ তেওঁৰ চৰিত্ৰ এঞ্জেলা লোপেজৰ কাহিনীভাগতো অন্তৰ্ভুক্ত কৰা হৈছিল।১১
তথ্যসূত্ৰ
- ↑ Alyssa Diaz. TV Guide
- ↑ (October 18, 2018). The Rookie: 10/10 baddie. ABC
- ↑ The Latest With Maya. (2020-04-17). Alyssa Diaz- My 100th Interview
- ↑ Lowry, Brian. (November 22, 2009). Review: 'Ben 10: Alien Swarm'. Variety
- ↑ Lowry, Brian. (July 14, 2010). Review: 'The Jensen Project'. Variety
- ↑ (January 31, 2011). ABC Family Announces Pick-Up of "Switched at Birth," "The Nine Lives of Chloe King" and "The Great State of Georgia". ABC Family
- ↑ Ausiello, Michael. (November 17, 2012). Army Wives Exclusive: Major Character Getting Killed Off Amid Season 7 Shake-Up. TVLine
- ↑ Jeffery, Morgan. (September 7, 2012). 'Vampire Diaries' casts '90210' star Blake Hood, Alyssa Diaz. Digital Spy
- ↑ Petski, Denise. (March 1, 2016). 'Zoo': Josh Salatin & Alyssa Diaz Join Season 2 Cast Of CBS Summer Series. Deadline Hollywood
- ↑ ABC Press
- ↑ Elissa Bain. (2021-03-31). Is Alyssa Diaz pregnant? The Rookie star confuses fans!
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিসা ডিয়াজ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৯০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।