এপল্টন হাও ডেনফ'ৰ্থ ১৯ শতিকাত অসমলৈ আহি বসবাস কৰা এগৰাকী আমেৰিকান। ১৮৪৮ চনত অসমৰ গুৱাহাটীলৈ আহে। ১৮৫৫ চনত দুবছৰমান শিৱসাগৰত থাকি পুনৰ গুৱাহাটীলৈ আহে। ১৮৫৭ চনৰ ভাৰতৰ প্ৰথম স্বাধীনতা বিদ্ৰোহৰ কালত মিলিটেৰী কুচ-কাৱাজ কৰিছিল। ১৮৫৫-৫৬-আৰু ৫৭ চনৰ জানুৱাৰী মাহলৈ 'অৰুণোদই' কাকতৰ সম্পাদক আছিল। ১৮৫৭ চনত নগাঁৱলৈ আহে। কিন্তু শাৰীৰিক অৱনতিৰ বাবে সেই বছৰেই দেশলৈ ওভতে। জি. মাথিৰ Hindu Objections to Christian Religion Answered নামৰ প্ৰচাৰ পুস্তিকাখনি আনুমানিক ১৮৭০ চনত অসমীয়ালৈ অনুবাদ কৰে১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৩৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এপল্টন হাও ডেনফ'ৰ্থ” প্ৰবন্ধৰ সংশোধন ১১৩৮১৫ (২ ফেব্ৰুৱাৰী ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।