গ্ৰীচৰ ব্যক্তি
১০ প্ৰবন্ধ
-
হোমাৰ
পশ্চিমীয়া দ্ৰুপদী কিংবদন্তীত হোমাৰ (; প্ৰাচীন গ্ৰীক:, Hómēros) হৈছে মহাকাব্য "ইলিয়াড" আৰু "ওডিছী"ৰ লেখক যাক সৰ্বশ্ৰেষ্ঠ প্ৰাচীন গ্ৰীক কবি হিচাপে গণ্য কৰা হয়। পশ্চিমীয়া সভ্যতাক গঢ় দিয়াত থকা বৰঙণিৰ উপৰিও সাহিত্যৰ ইতিহাসত এই মহাকাব্য দুখনৰ প্ৰভাৱ অপৰিসীম। হোমাৰৰ জীৱনৰ সময় বিতৰ্কিত।
-
এৰিষ্ট'টল
আৰিস্ত’তেলেছ (Ἀριστοτέλης,; Aristotelēs,; ৩৮৪ – ৩২২ খ্ৰীঃপূঃ), আৰস্তু বা এৰিষ্ট’টল এগৰাকী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম ৩৮৪ খৃঃপূঃত গ্ৰীক দেশৰ এখন প্ৰাচীন নগৰ ষ্টেজাইৰাত হৈছিল। তেওঁৰ শৈশৱ অৱস্থাতে পিতৃ নিকোমাকাচৰ (Nicomachus) মৃত্যু হৈছিল। ফলস্বৰূপে তেওঁ এজন অভিভাৱকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল।
-
প্লেটো
প্লাত’ন (Πλάτων,; Platōn,; /৪২৩ খ্ৰীঃপূঃ – ৩৪৮/৩৪৭ খ্ৰীঃপূঃ), আফ্লাতুন বা প্লেটো এজন ধ্ৰুপদী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম হৈছিল ৪২৮ বা ৪২৭ খ্ৰীষ্টপূৰ্বত গ্ৰীচৰ এথেন্স চহৰত। তেওঁৰ শিক্ষক আছিল বিখ্যাত দাৰ্শনিক চক্ৰেটিছ। প্লেটোৰ জীৱনত চক্ৰেটিছৰ প্ৰভাৱ আছিল অনন্য।
-
ছক্ৰেটিছ
ছ’ক্ৰাতেছ (Σωκράτης,; Sōcratēs,; – ৩৯৯ খ্ৰী.পূ.), ছুক্ৰাৎ বা ছক্ৰেটিছ আছিল এগৰাকী ধ্ৰুপদী গ্ৰীক আথেনীয় দাৰ্শনিক। প্লেটোৰ লিখনিসমূহত থকা মতে নীতিশিক্ষাৰ ক্ষেত্ৰত ছক্ৰেটিছৰ অৱদান অপৰিসীম।
-
হিপ'ক্ৰেটিছ
হিপ'ক্ৰেটিছ (Hippocrates বা Hippocrates of Cos বা Hippokrates of Kos), (খ্ৰী.পূ. ৪৬০ - খ্ৰী.পূ. ৩৭০) প্ৰাচীন গ্ৰীক চিকিৎসক। এখেতক পাশ্চাত্য চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়। হিপ'ক্ৰেটিছেই চিকিৎসা-বিজ্ঞানক দৰ্শন আৰু ধৰ্ম শাস্ত্ৰৰ আয়ত্ত্বৰ বাহিৰলৈ আনি স্বকীয় বৈশিষ্ট্যৰ বিজ্ঞান বুলি চিহ্নিত কৰে।
-
পাইথেগাৰাছ
পাইথেগাৰাছ (; আনুমানিক খ্ৰীষ্টপূৰ্ব ৫৭০ – খ্ৰীষ্টপূৰ্ব ৪৯৫) আছিল প্ৰাচীন গ্ৰীচৰ গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় জনা নাযায়। তেওঁৰ জন্ম হৈছিল গ্ৰীচৰ ছামোছত।
-
আৰ্কিমিডিছ
আৰ্কিমিডিছ (Archimedes) এগৰাকী গ্ৰীক গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী, প্ৰকৌশলী, জ্যোতিৰ্বিজ্ঞানী তথা দাৰ্শনিক আছিল। খ্ৰীষ্টপূৰ্ব ২৮৭ ত চিচিলি দ্বীপৰ ছিৰাকিকিউজত আৰ্কিমিডিছৰ জন্ম হয়। তেওঁৰ পিতৃ জ্যোতিৰ্বিজ্ঞানী আছিল। আলেকজেন্দ্ৰিয়াত তেওঁ পঢ়া-শুনা কৰিছিল।
-
ইউক্লিড
ইউক্লিড (আনুমানিক খ্ৰী:পূ: ৩৩০-খ্ৰী:পূ: ২৭৫) আছিল এজন মহান গ্ৰীক গণিতজ্ঞ। তেওঁক ‘জ্যামিতিৰ পিতা’ বুলিও অভিহিত কৰা হয়।
-
আটালাণ্টা
আটালাণ্টা (; Ἀταλάντη Atalantē) হৈছে গ্ৰীক কাহিনীৰ এটা কন্যা চৰিত্ৰ। তেওঁ অতি শক্তিশালী আৰু দ্ৰুত আছিল। তেওঁ দৌৰিব, চিকাৰ কৰিব আৰু কুস্তি কৰিব পাৰিছিল। তেওঁ এটা ডাঙৰ বনৰীয়া গাহৰি চিকাৰত সহায় কৰিছিল।
-
এগ্ন’ডাইছ
এগ্ন’ডাইছ বা এগ্ন’ডাইক (Agnodice; Agnodikē; খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকা) এগৰাকী কিংবদন্তি ব্যক্তি, যাক প্ৰাচীন এথেন্সৰ প্ৰথম মহিলা ধাত্ৰী বা চিকিৎসক হিচাপে কৃতিত্ব দিয়া হয়। তেওঁৰ কাহিনী ৰোমান লেখক গাইয়াছ জুলিয়াছ হাইজিনাছৰ ফেবুলেত উল্লেখ কৰা হৈছে।