অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

এক্টিয়া (শ্ৰুতিকথা)

এক্টিয়া (/ækˈtiːə/; প্ৰাচীন গ্ৰীক: Ἀκταία, ইংৰাজী: Actaeä বা Aktaia, আক্ষৰিক অৰ্থ: 'উপকূলৰ বাসিন্দা'; প্ৰাচীন গ্ৰীক: ἀκτή, ইংৰাজী: akté, আক্ষৰিক অৰ্থ: 'সাগৰৰ পাৰ') গ্ৰীক শ্ৰুতিকথা অনুসৰি তলত উল্লেখ কৰা চৰিত্ৰ সমূহক বুজায়: এক্টিয়া: শিলাময় তীৰৰ নেৰেইড।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

এক্টিয়া (/ækˈtiːə/; প্ৰাচীন গ্ৰীক: Ἀκταία, ইংৰাজী: Actaeä বা Aktaia, আক্ষৰিক অৰ্থ: 'উপকূলৰ বাসিন্দা'; প্ৰাচীন গ্ৰীক: ἀκτή, ইংৰাজী: akté, আক্ষৰিক অৰ্থ: 'সাগৰৰ পাৰ') গ্ৰীক শ্ৰুতিকথা অনুসৰি তলত উল্লেখ কৰা চৰিত্ৰ সমূহক বুজায়:১

এক্টিয়া:২ শিলাময় তীৰৰ নেৰেইড। গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা।৩৪৫ হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত এক্টিয়াও আছিল।৬

এক্টিয়া: লিবিয়াৰ এগৰাকী ৰাজকুমাৰী৷ তেওঁ আছিল ৰজা ডানাউছ আৰু পিয়েৰিয়াৰ কন্যা ডানাইডসকলৰ (Danaïdes) অন্যতম। পিতৃৰ আদেশত ইজিপ্তাছৰ পুত্ৰ পেৰিফাছক বিয়া কৰাই তেওঁলোকৰ বিয়াৰ নিশা হত্যা কৰে।৭

অন্যান্য ব্যৱহাৰ

এক্টিয়া: এথেন্সৰ এখন ঐতিহাসিক অঞ্চল আটিকাৰ পূৰ্বৰ নাম, যাৰ প্ৰথম ৰজা আছিল এক্টিয়াছ। এথেন্সৰ ৰজা ক্ৰেনাউছৰ কন্যা আথিছৰ সন্মানত পিছলৈ এই ঠাইৰ নাম নাম সলনি কৰা হয়।৮

তথ্যসূত্ৰ

  1. ↑ Bell, Robert E. (1991). Women of Classical Mythology: A Biographical Dictionary. ABC-CLIO. পৃ. 4. ISBN 978-0-87436-581-8
  2. ↑ Hyginus, Fabulae Preface (Latin ed. Micyllus; Scheffero; Staveren; Bunte)
  3. ↑ হোমাৰ, ইলিয়াড 18.40; Hesiod, থিঅ'গনি 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
  4. ↑ হোমাৰ, ইলিয়াড 18.41; Apollodorus, 1.2.7; Hesiod, থিঅ'গনি 240
  5. ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 11, 12. ISBN 978-0-7864-7111-9
  6. ↑ Homer, Iliad 18.39
  7. ↑ Hyginus, Fabulae Preface (Latin ed. Micyllus; Scheffero; Staveren; Bunte)
  8. ↑ Pausanias, 1.2.6

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এক্টিয়া (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৬৩২২৮১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।