ইৰোম্বা (Eromba) ভাৰতৰ মণিপুৰৰ লোকসকলৰ এবিধ পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা খাদ্যবিশেষ। ৰাজ্যখনৰ মেইটেই সম্প্ৰদায়ৰ লোকসকলে শুকুৱাই ৰাখি কিণ্বন পদ্ধতিৰে সংৰক্ষণ কৰা মাছ আৰু থলুৱাভাৱে উপলব্ধ পাচলি ব্যৱহাৰ কৰি এই খাদ্যবিধ প্ৰস্তুত কৰে। আলু, ভেণ্ডি, জলকীয়া, কচু, বাঁহৰ গাজ আদি ইৰোম্বাত সাধাৰণতে ব্যৱহাৰ হোৱা উপাদান। আমিষভোজী মণিপুৰী লোকসকলৰ বাবে ই এক নিয়মীয়া খাদ্য। ভাত আৰু ৰুটী আদিৰ সৈতে ইৰোম্বা আনুষংগিক খাদ্য হিচাপে গ্ৰহণ কৰা হয়।১
ইৰোম্বা শব্দটো মণিপুৰী ভাষাৰ 'ইৰো টানা লন্বা'ৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ পনীয়া কৰি লৰাই বা মিহলাই থকা।২
প্ৰস্তত প্ৰণালী

ইৰোম্বা হৈছে এক চাটনি য'ত যথেষ্ট ৰঙা জলকীয়া বা উমোৰোকৰ সৈতে ঙাৰি (কিণ্বিত মাছ), জুইত শুকুৱাই ৰখা মাছৰ সৈতে পাচলি ভাপত দি বা সিজাই তৈয়াৰ কৰা হয় আৰু শেষত ইয়াক বিভিন্ন শাক, ধনিয়া আদিৰে সজোৱা হয়। ইয়াৰ মূল উপাদান শুকান মাছক 'ঙাৰি' (বা ছিডল) নামেৰে জনা যায়। সতেজ পানীৰ সৰু মাছ ৰ'দত শুকুৱাই বিশেষভাৱে প্ৰস্তত কৰা 'ঙাৰি চাফু' বা মাটিৰ কলহত ৰখা হয়। ইয়াত নিমখ দিয়া নহয়। ইৰোম্বা প্ৰস্তুত কৰিবলৈ ঙাৰি বা শুকান মাছবোৰ ভালদৰে ধুই বাকলি এৰুৱাই পৰিষ্কাৰ কৰি লোৱা হয়। এটা পাত্ৰত ঙাৰিৰ সৈতে কেঁচা জলকীয়া সিজাই লোৱা হয়। আন এটা পাত্ৰত বিলাহী, আলু, কলডিল, নহৰু, নাপাকপি নামৰ শাক৩ আৰু অন্যান্য পাচলি দি সিজোৱা হয়। এতিয়া দুয়োভাগ মিশ্ৰণ একেলগে ভালদৰে পিটিকি মিহলাই ইয়াত ধনীয়া আৰু পিঁয়াজ কুটি দিয়া হয়। ইয়াৰ পিছত মিশ্ৰণটো কুহুমীয়া পানী মিহলাই প্ৰয়োজন অনুসৰি পাতলীয়া কৰা হয়।১ ব্যঞ্জনবিধত তেলৰ ব্যৱহাৰ কৰা নহয়।১ ইয়াৰ পিছত ইৰোম্বা ভাত বা অন্যান্য খাদ্য যেনে ভজা মিছামাছ, অমলেট আদিৰ সৈতে খাব পৰাকৈ প্ৰস্তুত হৈ উঠে। ইৰোম্বাত সাধাৰণতে ভোট জলকীয়া ব্যৱহাৰ কৰা হয়।৩ য়ংচাক (বীন), ছয়বাম (বাঁহ গাজ), য়েনডেম (ঢেমেচী শাক), বেলান্দ্ৰী (ভেণ্ডি), লাফু (কল পচলা), পান (কচু) আদি ইৰোম্বাৰ সচৰাচৰ উপাদান। অৱশ্যে ইৰোম্বা প্ৰস্তুত কৰিবলৈ পাচলিৰ প্ৰকাৰ ইয়াতেই সীমাৱদ্ধ নহয়। ইয়াত যিকোনো পাচলি ব্যৱহাৰ কৰিব পৰা যায়।২
পৰম্পৰাগতভাৱে কিণ্বিত মাছ সিজাই প্ৰস্তুত কৰিলেও কোনো কোনো সময়ত ভজা মাছৰ সৈতেও ইৰোম্বা ৰান্ধিব পৰা যায়। ইয়াৰ বাবে কেৰাহীত তেল গৰম কৰি ইয়াত জলকীয়া, কেঁচা পিঁয়াজৰ পাত আৰু মিছামাছ দিয়া হয়। ভজা হোৱাৰ পিছত ইয়াক বেলেগে ৰাখি সেই তেলতেই মাছসমূহ ভাজি লোৱা হয়। ইয়াৰ পিছত এটা পাত্ৰত জলকীয়াকেইটা মোহাৰি ভাঙি বাকী উপাদানসমূহ একেলগে মিহলাই পেলোৱা হয়। এই পদ্ধতিৰে প্ৰস্তুত কৰা ইৰোম্বা চাটনিৰ বিপৰীতে মাছৰ চচসদৃশ।৪
তথ্যসূত্ৰ
- ↑ (27 September 2019). Eromba: the popular manipuri delicacy. foodiestreasure.com
- ↑ Biaki Hangshing. (1 January 2014). Ethnic Dishes from MANIPUR Eromba and Singju. www.friedeye.com
- ↑ (7 June 2022). Eromba: The Mainstay Of Manipuri Cuisine; 5 Traditional Lunch Places In Imphal. Reema Gowalla. slurrp.com
- ↑ (9 May 2017). 11 Incredible North East Indian Recipes You Have To Try In Your Kitchen. Neha Borkar. indiatimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰোম্বা” প্ৰবন্ধৰ সংশোধন ৩৫৪৪২১ (১৬ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।