ইফ টুমৰ' কামছ (If Tomorrow Comes) ১৯৮৫ চনত ছিডনী শ্বেলডন ৰচিত এক অপৰাধ-কাহিনী মূলক উপন্যাস। মিছা অপৰাধত জেললৈ যাবলগীয়া হোৱা এক সাধাৰণ মহিলাই কিদৰে পিছত তাইক জেললৈ পঠিওৱা সকলৰ ওপৰত প্ৰতিশোধ লয় আৰু এক পাকৈত ঠগ হৈ পৰে তাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে।
কাহিনী সাৰাংশ
কাহিনীৰ মূল নায়িকা ট্ৰেছী হুইটনী ফিলাডেলফিয়াৰ এক বেংকত কম্পিউটাৰ নিয়ন্ত্ৰক হিচাপে কৰ্মৰত এক বুদ্ধিমতী,ৰূপহী গাভৰু। কাহিনীৰ আৰম্ভণিতে ট্ৰেছীৰ মাতৃ ডৰিচ হুইটনীয়ে নিউ অৰলীয়েনচৰ পৰা ফোন কৰে আৰু তাৰ পিছত আত্মহত্যা কৰে। ফিলাডেলফিয়াৰ এক ধনী পৰিয়ালৰ উত্তৰাধিকাৰী চালৰ্ছ ষ্টেনহোপ তৃতীয়ৰ লগত ট্ৰেচী প্ৰণয়সূত্ৰে বান্ধ খায় আৰু ইয়াৰ ফলশ্ৰুতিত ট্ৰেছী সন্তান সম্ভৱা হয়। দুয়ো বিবাহৰ সিদ্ধান্ত লয় কিন্তু চাৰ্লছৰ মাক দেউতাকে ট্ৰেছীক সিমান পছন্দ নকৰে। নিউ অৰলীয়েনচৰ পুলিছ বিভাগৰ এজন বিষয়াই ট্ৰেছীক মাকৰ মৃত্যুৰ বাতৰি দিয়ে। তালৈ গৈ ট্ৰেছীয়ে গম পায় যে এণ্টনী অৰচাট্টি নামৰ এজন মাফিয়া নেতাৰ সোঁহাত স্বৰূপ জো ৰোমানোই মাকক ব্যৱসায়ত খুব বেয়াকৈ ঠগাই দেউলীয়া কৰি পেলোৱাত হে মাক মৰিবলৈ বাধ্য হয়। তাই মাকক ন্যায় দিবৰ বাবে এটা পিষ্টল কিনি জো ৰোমানোক সকলো কথা প্ৰকাশ কৰিবলৈ ধমকি দিবলৈ যায়। তাত ভুলতে তাইৰ পিষ্টলৰ পৰা এটা গুলী ওলাই ৰোমানোৰ গাত লাগে। ট্ৰেছীয়ে চিকিত্সা সাহায্যৰ বাবে ফোন কৰে আৰু পলাবৰ চেষ্টা কৰে। কিন্তু ৰোমানোৱে পুলিছত ট্ৰেছীৰ বিৰূদ্ধে হত্যাৰ চেষ্টা আৰু এক বিখ্যাত ছবি চুৰি কৰাৰ অভিযোগ জাপি দিয়ে। পেৰী পোপ নামৰ এক উকীলে তাইক কয় যে কোৰ্টত লৰেঞ্চ নামৰ ন্যায়াধীশজনৰ ওচৰত দোষ স্বীকাৰ কৰিলে পোপে তাইক মোকলাব পাৰিব কাৰণ সিহঁত দুয়োও অৰচাট্টিৰ বিৰোধী। কিন্তু ট্ৰেছীয়ে দোষ স্বীকাৰ কৰাত লৰেঞ্চে তাইক ১৫ বছৰৰ কাৰাদণ্ড দিয়ে আৰু ট্ৰেছীয়ে গম পায় যে সিহঁত দুয়োও অৰচাট্টিৰে গোলাম। তাই চাৰ্লছক ফোন কৰে কিন্তু চাৰ্লছে এক "অপৰাধী"ক সহায় কৰিবলৈ অমান্তি হয়। গৰ্ভস্থ সন্তানটিৰ সৈতে ট্ৰেছীক কাৰাগাৰলৈ লৈ যোৱা হয়।
ট্ৰেছীক লোলা,পলিতা আৰু কাৰাগাৰৰ এক নেতাস্বৰূপ এগৰাকী কৃষ্ণাঙ্গ মহিলা আৰ্ণেষ্টাইন লিটলচেপৰ সৈতে এটা কোঠাতে থোৱা হয়। তাই ডেনিয়েল কুপাৰকো লগ পায় যিয়ে ট্ৰেছীয়ে চুৰি কৰা বুলি ভবা ছবিখনৰ বীমা প্ৰতিষ্ঠানত কাম কৰে। প্ৰথমদিনাই ট্ৰেছীক কোঠাত থকা আন তিনিজনীয়ে বলাত্কাৰ কৰে ফলত ট্ৰেছীৰ সন্তানটিৰ মৃত্যু ঘটে। সেই সময়খিনিতে তাই সিদ্ধান্ত কৰে যে তাই অৰচাট্টি,ৰোমানো,পোপ,লৰেঞ্চ আৰু চাৰ্লছৰ ওপৰত প্ৰতিশোধ লৈ হে এৰিব আৰু তেতিয়াৰে পৰা তাই পলোৱাৰ পৰিকল্পনা কৰে। ট্ৰেছীক কাৰাগাৰৰ অধীক্ষকৰ সৰু ছোৱালী এমীক চোৱা চিতা কৰাৰ ভাৰ দিয়া হয়। তাই আৰ্ণেষ্টাইনৰ সৈতে বন্ধু হৈ লয় আৰু পলাবলৈ সহায় কৰিবলৈ অনুৰোধ কৰে। কিন্তু পলাবলৈ খোজাৰ দিনাই এমী এটা খালত পৰে আৰু তাইক বচাবলৈ সাতুৰিব নজনা সত্ত্বেও ট্ৰেছী খালত জঁপিয়াই পৰে। এই ঘটনাই সকলোৰে সমমৰ্মিতা আদায় কৰে আৰু ট্ৰেছীক মুক্ত কৰি দিয়া হয়।
বাহিৰ ওলাই ট্ৰেছীয়ে আৰ্ণেষ্টাইনৰ সহযোগত নিজৰ বেংকিং জ্ঞান প্ৰয়োগ কৰি অৰচাট্টি আৰু ৰোমানোৰ মাজত ব্যৱসায়িক বিভেদ সৃষ্টি কৰে যাৰ ফলত অৰচাট্টিয়ে ৰোমানোক মাৰি পেলায়। ঠিক তেনেদৰে তাই পেৰী পোপ আৰু অৰচাট্টিৰ মাজতো সংঘাত মাতি আনে আৰু লৰেঞ্চক ৰাছিয়াত থাকোঁতে এনে কিছুমান বে-আইনী বাৰ্তা পঠাই যে তাক ৰাছিয়াত দহ বছৰ কাৰাবাসৰ শাস্তি দিয়া হয়। অৰচাট্টিৰ কৰ্পদকশূন্য অৱস্থা দেখি আন এক দলে অৰচাট্টিৰ ঠাই দখল কৰিবলৈ আগবাঢ়ি আহে। ইয়াৰ পিছত ট্ৰেছীয়ে চাৰ্লছৰ ওপৰত প্ৰতিশোধ লবলৈ গৈ দেখে যে চাৰ্লছ তেওঁৰ পত্নীৰ সৈতে সুখী নহয় আৰু তাই অনুভৱ কৰে যে এয়াই চাৰ্লছৰ কাৰণে পৰ্যাপ্ত শাস্তি। ইয়াৰ পিছত ট্ৰেছীৰ বিপৰ্য্যয়ৰ সময় আৰম্ভ হয় কাৰণ অপৰাধী বুলি এক চেকা লগা হেতুকে কোনোৱে তাইক চাকৰি নিদিয়ে। তাই নিউয়ৰ্কৰ এক সোণাৰীৰ ওচৰলৈ যায় যিয়ে তাইক এক মোটা অংকৰ বিনিময়তে এটা ঘৰত চুৰি কৰিবলৈ পঠিয়াই। ট্ৰেছীয়ে পুলিছক মুৰ্খ সাজি কামফেৰা সম্পন্ন কৰে যদিও বাটতে এফ.বি.আইৰ সদস্য দুজনে তাইৰ পৰা চুৰি কৰা অলংকাৰসমূহ লৈ যায়। কিন্তু ট্ৰেছীয়ে গম পায় যে সিহঁত প্ৰকৃততে সোণাৰিয়ে পঠিওৱা মানুহহে আৰু দুয়োকে বুৰ্বক সাজি ট্ৰেছীয়ে অতি বুদ্ধিমত্তাৰে অলংকাৰখিনি পুনৰ হাত কৰে আৰু এনেকৈয়ে জেফ ষ্টিভানছৰ সৈতে ট্ৰেছীৰ সাক্ষাত্ হয়। এনকৈয়ে পৃথিৱীৰ এক বুদ্ধিমান ঠগ হিচাপে ট্ৰেছীৰ জীৱন আৰম্ভ হয় য'ত তেওঁ কেবা মিলিয়ন ডলাৰ মূল্যৰ অলংকাৰ,ছবি,হীৰা আদি চুৰি কৰে। এই চুৰি সমূহ পেচাতকৈও বেছি নিচা হৈ পৰে আৰু ডেনিয়েল কুপাৰকে ধৰি সমগ্ৰ বিশ্বৰ পুলিছেও তাইক ধৰিব নোৱাৰে। এনেকৈয়ে বহুতো সম্পত্তি গঢ়াৰ পিছত ট্ৰেছী আৰু জেফে চুৰি বৃত্তি বাদ দি ব্ৰাজিললৈ গৈ বিয়াত বহিবলৈ সিদ্ধান্ত কৰে। কিন্তু প্লেনত ট্ৰেছীৰ কাষৰ আসনত মেক্সমিলিয়ান পিয়েৰপণ্ট নামৰ ধনী ব্যক্তি এজন বহে আৰু ট্ৰেছীয়ে তেওঁৰ পৰা চুৰি কৰিবনে নাই এই কৌতূহল বাহাল ৰাখি উপন্যাসখন শেষ হয়।
অভিযোজন
১৯৮৬ চনত ইয়াৰ কাহিনীৰ ওপৰত ভিত্তি কৰি তিনিটা খণ্ডৰ এক টিভি শৃংখলা নিৰ্মাণ কৰা হয় য'ত মেডোলিন স্মিথ অচবৰ্ণ, টম বেৰেংগাৰ, ডেভিড কেইথ, লিয়াম নেচন আদিয়ে অভিনয় কৰে।
মতামত
গুডৰীডছ ডট কমে ইয়াক পাঁচটাৰ ভিতৰত ৩.৯টা তৰা দিয়ে। তাত লিখা হৈছে যে "এক নিৰ্দোষী মহিলাৰ পৰা বুদ্ধিমতী আৰু শক্তিশালী ঠগলৈ নায়িকাৰ এই ৰূপান্তৰ বিশ্বাসযোগ্য আৰু গ্ৰহণযোগ্য"।১ মাউথশ্বাটে ইয়াক ৪টা তৰা২ আৰু গুগলবুকছে ৩.৫টা তৰা৩ দিয়ে। ইনোটছ ডট কমত "ঘটনাবহুল কাহিনীয়ে কিছুসময়ৰ বাবে কৌতূহল পিয়াসী সকলক যথেষ্ট আমোদ দিব" যদিও "শ্বেলডনৰ এক মহিলাৰ কাৰাগাৰৰ ভিতৰচ'ৰাৰ বৰ্ণনা বা ডেনিয়েল কুপাৰৰ অতীতৰ ৰহস্যই কাহিনীক কোনো গভীৰতা প্ৰদান নকৰে" বুলি কোৱা হৈছে।৪ অলৰীডাৰ্ছৰ শ্বাৰ্মিন ৰহমানে ইয়াক শ্বেলডনৰ শ্ৰেষ্ঠতম উপন্যাসসমূহৰ এখন বুলি কয়।৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ If Tomorrow Comes by Sidney Sheldon - Reviews, Discussion, Bookclubs, Lists. Goodreads.com
- ↑ IF TOMORROW COMES - SIDNEY SHELDON Reviews and Ratings - MouthShut.com. M.mouthshut.com
- ↑ If Tomorrow Comes - Sidney Sheldon - Google Books. Books.google.co.in
- ↑ If Tomorrow Comes Summary - Sidney Sheldon - Magill Book Reviews. Enotes.com
- ↑ If Tomorrow Comes by Sidney Sheldon Detailed Book Review. Allreaders.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইফ টুমৰ' কামছ” প্ৰবন্ধৰ সংশোধন ৪২২০৭৭ (২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।