ইথান'ল, হৈছে সুৰাজাতীয় পানীয়ত থকা প্ৰধান এলক'হল, ইষ্টৰ দ্বাৰা শৰ্কৰাৰ কিন্বনৰ ফলত উৎপাদিত হয়। ই এক প্ৰকাৰৰ নিউৰ'টক্সিক১২ চাইক'এক্টিভ দ্ৰাগ আৰু মানহে অতীজৰে পৰা ব্যৱহাৰ কৰা ৰিক্ৰিয়েশ্বনেল দ্ৰাগ। ইয়াৰ মাত্ৰাধিক পানৰ ফলক এলক'হল বিষক্ৰিয়া হ'ব পাৰে।
ইথান'ল হৈছে এক প্ৰকাৰৰ পৰিবৰ্তনশীল, জলনক্ষম, সামান্য গন্ধযুক্ত বৰণহীন তৰল। ইয়াক এণ্টিচেপ্টিক, দ্ৰাৱক, আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ নিম্ন শীতলীভৱন গুণৰ বাবে মাৰ্কাৰী যুক্ত থাৰ্ম'মিটাৰ আবিস্কাৰ হোৱাৰ পূৰ্বতে থাৰ্ম'মিটাৰতো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ গাঠনিক সংযুতি হৈছে, CH3CH2OH, চুটিকৈ প্ৰায়ে C2H5OH, বা EtOH ৰূপতো লিখা হয়।
তথ্যসূত্ৰ
- ↑ (June 2000). 10th Special Report to the U.S. Congress on Alcohol and Health: Highlights from Current Research. National Institute of Health. National Institute on Alcohol Abuse and Alcoholism. পৃ. 134
- ↑ Brust, J. C. M. (2010). Ethanol and Cognition: Indirect Effects, Neurotoxicity and Neuroprotection: A Review. International Journal of Environmental Research and Public Health. পৃ. 1540–57
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইথান'ল” প্ৰবন্ধৰ সংশোধন ৩৮০০৯৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।