জাপানৰ সংস্কৃতি
৯ প্ৰবন্ধ
-
ইকেবানা
ইকেবানা (生け花, 活け花) হৈছে জাপানী পুষ্পসজ্জাৰ কলা। ইয়াক কাডো (華道, বুলিও কোৱা হয়। ইকেবানাৰ উৎপত্তিৰ বিষয়ে জাপানীসকলৰ প্ৰাচীন প্ৰথাৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁলোকে চিৰসেউজ গছ স্থাপন কৰি দেৱতাক আমন্ত্ৰণ কৰিবলৈ যোৰিছিৰো (依代 ) হিচাপে ফুলেৰে সজাই তোলে।
-
জাপানী খাদ্য
জাপানী খাদ্যই, জাপানৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ লগত বিকশিত হৈছে আৰু এই খাদ্যই আঞ্চলিক আৰু শতিকাজুৰি চলি অহা পৰম্পৰাগত খাদ্যসমূহক সামৰি লয়।
-
মোচি
মোচি (ইংৰাজী: Mochi, জাপানী: 餅) হৈছে মোচিগম নামৰ এবিধ জাপ’নিকা আঠাযুক্ত চাউল আৰু কেতিয়াবা অন্যান্য উপাদান যেনে পানী, চেনি আৰু গোমধানৰ আটা মিহলাই তৈয়াৰ কৰা এবিধ পিঠা সদৃশ জাপানী খাদ্য। ভাপত দিয়া চাউলখিনি গুড়ি কৰি ঢিলা কৰা হয় আৰু বিচৰা ধৰণৰ আকৃতিত ঢালি সাঁচ দিয়া হয়।
-
ইকিগাই
ইকিগাই (生き甲斐, Ikigai) হ’ল এটি জাপানী ধাৰণা, যি এজন ব্যক্তিক জীয়াই থকাৰ উদ্দেশ্য প্ৰদান কৰে। এজন ব্যক্তি সজীৱ হৈ থাকি সুখী, সুস্থ আৰু দীৰ্ঘায়ু জীৱন কটোৱাৰ ই এক জাপানী কলা।
-
কোকেছি
কোকেছি (Kokeshi; こけし, 小芥子) হৈছে হাত বা ভৰি নথকা কাঠৰ সৰল জাপানী পুতলা। এই পুতলাসমূহ শিশুৰ বাবে খেলনা হিচাপে ১৫০ বছৰতকৈ অধিক সময় ধৰি নিৰ্মাণ কৰা হৈছে। কোকেছি মূলতঃ উত্তৰ হনছুৰ টোহোকু অঞ্চলৰ পৰা অহা কাঠৰ পৰা হাতেৰে নিৰ্মিত, ইয়াৰ এটা সাধাৰণ দেহাৱয়ব আৰু শিৰ থাকে আৰু মুখখনক সংজ্ঞায়িত কৰিবলৈ…
-
ছাকে
ছাকে (Sake) হৈছে জাপানত তৈয়াৰ হোৱা এবিধ চাউলৰ সুৰা। ই হৈছে চাউল কিণ্বন কৰি তৈয়াৰ কৰা জাপানী মূলৰ এবিধ সুৰাযুক্ত পানীয় যাক ব্ৰাণ আঁতৰাবলৈ পালিশ কৰা হয়। এই জাপানী চাউলৰ ছাকে বীয়েৰৰ দৰে এক ব্ৰিউয়িং প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰা হয়।
-
জাপানী চাহ অনুষ্ঠান
জাপানী চাহ অনুষ্ঠান (茶道, "'চাডো"') বা চা-নো-য়ু (茶の湯) হৈছে জাপানী সংস্কৃতিৰ এক ৰীতি বা কলা য'ত মাচা (抹茶) অৰ্থাৎ চূৰ্ণ কৰা সেউজীয়া চাহ পাৰম্পৰিকভাৱে প্ৰস্তুত তথা পৰিৱেশন কৰা হয়। জেন বৌদ্ধ ধৰ্মই জাপানী চাহ অনুষ্ঠানৰ বিকাশত এক প্ৰাথমিক প্ৰভাৱ হিচাপে ভূমিকা গ্ৰহণ কৰিছিল।
-
বাকু (পৌৰাণিক কাহিনী)
বাকু (Baku) জাপানীসকলৰ মাজত প্ৰচলিত এক অতিপ্ৰাকৃতিক সত্তা, যিয়ে অতৃপ্ত সপোন গ্ৰাস কৰে বুলি কোৱা হয়। চীনা ম’ৰ পৰাই এইবোৰৰ উৎপত্তি হৈছে। কিংবদন্তি অনুসৰি দেৱতাসকলে আন সকলো প্ৰাণী সৃষ্টি শেষ কৰাৰ সময়ত বাকী থকা অতিৰিক্ত টুকুৰাবোৰৰ দ্বাৰা এইবোৰ সৃষ্টি কৰা হৈছিল।
-
ৰামেন নুডল্চ
ৰামেন নুডল্চ হৈছে জাপানৰ এবিধ খাদ্য। ইয়াত চীন দেশৰ ঘেঁহুৰ নুডলছ জোলৰ লগত পৰিবেশন কৰা হয়। সাধাৰণ সোৱাদসমূহ হ'ল সৰিয়হ আৰু মিছ', য'ত শেষত কাটি লোৱা গাহৰিৰ মাংস (চাছু), ন'ৰি (শুকান সাগৰীয় শাক-পাচলি), মেনমা (বাঁহৰ গাজ), আৰু স্কেলিয়ন আদিৰে পৰিবেশন কৰা হয়।