কৃষি সম্বন্ধীয় দেৱ-দেৱী
৭ প্ৰবন্ধ
-
পনমাগ্যি
পনমাগ্যি বা পনমাগ্যি শ্বিনমা নামেৰেও জনাজাত এক বাৰ্মিজ ধান আৰু উৰ্বৰতাৰ নাট (আত্মা) যিটো পৰম্পৰাগতভাৱে উজনি ম্যানমাৰৰ কৃষকসকলে পূজা কৰে।
-
আ নিয়া
আ নিয়া (Áine) জহকাল, ধন আৰু সাৰ্বভৌমত্বৰ আইৰিছ দেৱী। তেওঁ গ্ৰীষ্মৰ মাজভাগ আৰু সূৰ্য্যৰ সৈতে জড়িত, আৰু কেতিয়াবা ৰঙা ঘোঁৰাৰ দ্বাৰাও ইয়াক প্ৰতিনিধিত্ব কৰা হয়। আৰু একাধিক আইৰিছ পৰিয়ালে তেওঁক পূৰ্বপুৰুষ বুলি দাবী কৰে।
-
আহিয়া এঞ্জকু
ইগবো পৌৰাণিক কাহিনীত আহিয়া এঞ্জকু, যাক ইফেজিঅ’কু, আহা এঞ্জকু বুলিও কোৱা হয়, নাইজেৰিয়াৰ ইগবো লোকসকলে পূজা কৰা এগৰাকী দেৱী। এঞ্জকু নামৰ অৰ্থ গণ্যমান্য, উৰ্বৰতা, উৎপাদনশীলতা, সম্পদ, জীৱনতকৈ শ্ৰেষ্ঠ, দূৰদৰ্শী আৰু নেতৃত্ব গুণ বহন কৰা।
-
ডেয়া ডিয়া
ডেয়া ডিয়া (লেটিন ভাষাত: "দিনৰ পোহৰৰ দেৱী", বা "উজ্জ্বল দেৱী") প্ৰাচীন ৰোমান ধৰ্মৰ উৰ্বৰতা আৰু শস্য বৃদ্ধিৰ দেৱী আছিল। কেতিয়াবা চেৰেছ আৰু কেতিয়াবা গ্ৰীকৰ সমতুল্য ডিমিটাৰৰ সৈতে তেওঁক একে লগ কৰা হৈছিল। চেৰেছৰ উৎসৱ অম্বৰভালিয়াৰ সময়ত তেওঁক পূজা কৰা হৈছিল।
-
বুঞ্জি
বুঞ্জি হৈছে পৰম্পৰাগত কংগো ধৰ্মৰ এগৰাকী সৰ্প জল আত্মা আৰু বৰষুণৰ দেৱী যাক প্ৰথমে এংগোয় ৰাজ্যৰ ৱোয়ো লোকসকলে পূজা কৰিছিল।
-
লামাৰিয়া
লামাৰিয়া জৰ্জিয়াৰ পৌৰাণিক কাহিনীৰ এগৰাকী দেৱী, বিশেষকৈ শ্বান জনগোষ্ঠীৰ উপগোটৰ। স্বান প্যান্থেয়নৰ আন বহুতো দেৱতাৰ দৰে তেওঁৰ নামটোও খ্ৰীষ্টান মূৰ্তিৰ পৰা লোৱা হৈছে; তেওঁৰ ক্ষেত্ৰত যীচুৰ মাতৃ মৰিয়ম। লামাৰিয়া অগ্নিকুণ্ডৰ দেৱী, গৰু-ম'হৰ ৰক্ষক আৰু মহিলাৰ ৰক্ষক – বিশেষকৈ প্ৰসৱৰ সময়ত।
-
হাউ জি
হাউ জি আছিল এজন চীনা সংস্কৃতিৰ কিংবদন্তি নায়ক, যিয়ে জিয়া বংশৰ সময়ত বাজৰা বা কণী ধানৰসৈতে মানুহৰ পৰিচয় কৰাই দিয়াৰ কৃতিত্ব লাভ কৰে। ঘেঁহুৰ প্ৰচলনৰ পূৰ্বে উত্তৰ চীনৰ মূল প্ৰধান শস্য আছিল বাজৰা।