য়েমেনৰ মহিলা সমাজকৰ্মী
১৪ প্ৰবন্ধ
-
ছাদা নাছেৰ
ছাদা নাছেৰ (Shada Nasser; জন্ম: ১ মে', ১৯৬৪, এডেন) য়েমেনৰ প্ৰথমগৰাকী মহিলা অধিবক্তা আৰু য়েমেনৰ আদালতত মুখ ঢাকি নোপোৱা প্ৰথমগৰাকী মহিলা অধিবক্তা। ১৯৮৯ চনত প্ৰাগৰ চাৰ্লছ বিশ্ববিদ্যালয়ৰ পৰা নাছেৰে আইনৰ ডিগ্ৰী লাভ কৰি মানৱ অধিকাৰ আৰু প্ৰতিৰক্ষা অধিবক্তা হিচাপে কাম কৰিবলৈ য়েমেনলৈ উভতি যায়।
-
নুজোদ আলী
{{Infobox person | name = নুজোদ আলী | image = | alt = | caption = | birth_name = | birth_date = ১৭ জুন ১৯৯৮ | birth_place = | death_date = | death_place = | nationality = য়েমেনী | other_names = নুজোম | spouse = ফায়েজ আলী থামাৰ (২০০৮–২০০৮), অজ্ঞাত (২০১৪) | known_for = সৰ্বকনিষ্ঠ বিবাহ-বিচ্ছেদিত…
-
অমল বাশা
অমল বাশা (জন্ম ১৯ নৱেম্বৰ, ১৯৬২) এগৰাকী য়েমেনৰ মহিলা অধিকাৰ কৰ্মী, চিষ্টাৰছ আৰব ফ'ৰাম ফৰ হিউমেন ৰাইটছ (SAF)ৰ অধ্যক্ষ। এছ এ এফৰ অধ্যক্ষ হিচাপে তেওঁ "মহিলা, বন্দী আৰু শৰণাৰ্থীৰ অধিকাৰ ৰক্ষা কৰে আৰু অধিক ৰাজনৈতিক স্বাধীনতাৰ বাবে যুঁজে।" বাশাই কায়ৰোৰ আমেৰিকান বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান, অৰ্থনীতি…
-
আজিজা আব্দুল্লাহ আবু লাহুম
আজিজা আব্দুল্লাহ আবু লাহুম (Azizah Abd Allah Abu Lahum) (জন্ম ১৯৪৫) য়েমেনৰ এগৰাকী ঔপন্যাসিকা আৰু লেখক। নিহম জিলাৰ এটা বিশিষ্ট শ্বেখ পৰিয়ালত তেখেতে জন্মগ্ৰহণ কৰিছিল৷ তেখেতৰ আনুষ্ঠানিক স্কুলীয়া শিক্ষা নাছিল যদিও সাংস্কৃতিকভাৱে সচেতন পৰিৱেশত ডাঙৰ-দীঘল হৈছিল।
-
আলা অল-ইৰায়নী
আলা অল-ইৰায়নী (Alaa Al-Eryani; জন্ম:- ১৯৯০) য়েমেনৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ, লেখিকা আৰু নাৰীবাদী কৰ্মী।
-
ছামিয়া আল আঘবৰী
ছামিয়া আল-আঘবাৰী (Samia al-Aghbari)এগৰাকী য়েমেনী ব্লগাৰ৷ তেওঁ য়েমেন চৰকাৰ আৰু উগ্ৰবাদৰ সক্ৰিয় সমালোচক। ৰাষ্ট্ৰপতি আলী আব্দুল্লা ছালেহে ক্ষমতা ত্যাগ কৰিবলৈ বাধ্য হোৱা ৰাজপথৰ প্ৰতিবাদত তেওঁ বিশিষ্ট ভূমিকা পালন কৰিছিল।
-
ছুমায়া আলী ৰাজা
ছুমায়া আলী ৰাজা (Sumaya Ali Raja, জন্ম-প্ৰায় ১৯৫৪) এগৰাকী য়েমেনী সাংবাদিক আৰু ৰাজনৈতিক কৰ্মী।২০০৫ চনৰ ডিচেম্বৰ মাহত তেওঁ য়েমেনৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিজকে ঘোষণা কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
-
জামালা আল-বৈধানী
জামালা আল-বৈধানী (Jamala al-Baidhani, ১৯৭৭ – ১৫ ডিচেম্বৰ ২০১২) আছিল এগৰাকী য়েমেনৰ কৰ্মী যি মহিলা আৰু বিশেষভাৱে সক্ষম মহিলাসকলৰ নাগৰিক অধিকাৰৰ সমৰ্থন কৰিছিল। য়েমেনৰ প্ৰথমটো গোট আল-তাহাদী এছ’চিয়েশ্যন ফৰ ডিচেবলড ফিমেলছৰ তেওঁ প্ৰতিষ্ঠাপক, যিটো গোট বিশেষভাৱে সক্ষম ছোৱালীক সহায় কৰাৰ বাবে নিয়োজিত।
-
মাহিয়া নাজিব
মাহিয়া নাজিব (Mahia Nagib, ১৯২৬-১৯৮২) য়েমেনৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী, সম্পাদিকা আৰু সাংবাদিক আছিল। ১৯৬০ চনত তেওঁ ফাটাত শ্বামছান [মাউণ্ট শ্বামছানৰ কুমাৰী] প্ৰতিষ্ঠা কৰে আৰু তেওঁক এডেনৰ প্ৰথম মহিলা মাহেকীয়া আলোচনীৰ মহিলা সম্পাদিকা হিচাপে পৰিগণিত হয়। মাহিয়া নাজিবে আদনত জন্মগ্ৰহণ কৰিছিল।
-
মাৰিয়া আল-মাছানী
মাৰিয়া আল-মাছানী (Maria Al-Masani,জন্ম-১৯৮৪) এগৰাকী য়েমেন আৰু কানাডাৰ ফেশ্বন ডিজাইনাৰ আৰু জনসংযোগৰ কাৰ্যবাহী যিয়ে মানৱ অধিকাৰ উলংঘাৰ লিপিবদ্ধ কৰা ব্লগ য়েমেন ৰাইটছ মনিটৰৰ সহ-প্ৰতিষ্ঠাপক আছিল। ২০১২ চনত চিএনএনৰ ইনছাইড মিডল ইষ্টে তেওঁক আঠজন 'পৰিৱৰ্তনৰ এজেণ্ট'ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে৷
-
হিন্দ অল-ইৰায়নী
হিন্দ অল-ইৰায়নী (Hind Al-Eryani) এগৰাকী য়েমেনৰ সমাজকৰ্মী আৰু সাংবাদিক। তেওঁ মহিলাৰ অধিকাৰ, লিংগ সংখ্যালঘুকে ধৰি এলজিবিটিকিউ+ আৰু য়েমেনত শান্তিৰ পোষকতা কৰে৷ তেওঁ এই বিষয়সমূহৰ সমৰ্থনত বহুতো প্ৰবন্ধ লিখিছে। তেওঁ ড্ৰাগছৰ দৰে পদাৰ্থৰ বিৰুদ্ধেও যুঁজিছে।
-
হুৰিয়া মাছহৌৰ
হুৰিয়া মাছহৌৰ ( Hooria Mashhour, জন্ম-১৯৫৪) য়েমেনৰ এগৰাকী মানৱ অধিকাৰ আৰু মহিলা অধিকাৰ কৰ্মী। ২০১২ চনৰ পৰা আৰম্ভ হোৱা বিপ্লৱৰ পিছৰ য়েমেনত মানৱ অধিকাৰ মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। সুৰক্ষাৰ চিন্তাত ২০১৪ চনত তেওঁ এই পদ এৰি এডেনলৈ গুচি যায়।
-
ৰাধিয়া ইহছান
ৰাধিয়া ইহছান (Radhia Ihsan, ১৯৩৩-২০২০), য়েমেনৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী, ৰাজনীতিবিদ (য়েমেনী সমাজবাদী পাৰ্টি) আৰু লেখিকা আছিল। ছিৰিয়াত কলেজলৈ গৈ তেওঁ বাগদাদত আইন অধ্যয়ন কৰিছিল, আৰু পাকিস্তানৰ পঞ্জাব বিশ্ববিদ্যালয়ত ইছলামিক অধ্যয়ন কৰিছিল।
-
ৰাধ্যা আল-মুতাৱাকেল
ৰাধ্যা আল-মুতাৱাকেল (Radhya Al-Mutawakel; জন্ম:- ১২ এপ্ৰিল ১৯৭৬) এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু য়েমেনত মানৱ অধিকাৰ ৰক্ষা আৰু সুৰক্ষাৰ বাবে কাম কৰা এটা স্বতন্ত্ৰ সংস্থা মৱাটানা অৰ্গেনাইজেচন ফৰ হিউমেন ৰাইটছৰ সহ-প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ।