জামালা আল-বৈধানী (Jamala al-Baidhani, ১৯৭৭ – ১৫ ডিচেম্বৰ ২০১২) আছিল এগৰাকী য়েমেনৰ কৰ্মী যি মহিলা আৰু বিশেষভাৱে সক্ষম মহিলাসকলৰ নাগৰিক অধিকাৰৰ সমৰ্থন কৰিছিল। য়েমেনৰ প্ৰথমটো গোট আল-তাহাদী এছ’চিয়েশ্যন ফৰ ডিচেবলড ফিমেলছৰ তেওঁ প্ৰতিষ্ঠাপক, যিটো গোট বিশেষভাৱে সক্ষম ছোৱালীক সহায় কৰাৰ বাবে নিয়োজিত।১
জীৱনী
য়েমেনৰ আল বাইধা অঞ্চলৰ আল এঅফ গাঁৱত আল-বৈধানীৰ জন্ম হৈছিল।২ সাত বছৰ বয়সত মেনিনজাইটিছত আক্ৰান্ত হোৱালৈকে তেওঁ সক্ৰিয় শিশু আছিল৷ ৰোগৰ সৈতে জড়িত জটিলতাৰ বাবে তেওঁ পক্ষাঘাতগ্ৰস্ত হৈছিল। সুস্থ হোৱাৰ পিছত আল-বৈধানীয়ে ঘূৰি ফুৰিবলৈ হুইল চেয়াৰ ব্যৱহাৰ কৰে।৩ ১৯৯৫ চনত তেওঁ সমাজ পৰিক্ৰমা মন্ত্ৰালয়ত কাম কৰিবলৈ আৰম্ভ কৰে আৰু কলেজলৈও যায়।২ সমাজ বিজ্ঞানত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।.১
আল-বৈধানীয়ে ১৯৯৬ চনত য়েমেন চৰকাৰত অক্ষমতাৰ অধিকাৰৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে,২ কিন্তু পিছলৈ তেওঁ অনুভৱ কৰে যে চৰকাৰত কাম কৰাৰ সময়ত তেওঁ বিশেষভাৱে সক্ষম মহিলাসকলৰ বাবে সেৱা আগবঢ়োৱাৰ লক্ষ্যত উপনীত হ'ব পৰা নাই।৩ য়েমেনত অক্ষমতা থকা বেছিভাগ লোকেই অক্ষম ব্যক্তি সংস্থা (DPO) আৰু বেচৰকাৰী সংস্থা (NGO)ৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।৪ আল-বৈধানীয়ে ১৯৯৮ চনত ডিপিঅ' হিচাপে আল-তাহাদী প্ৰতিষ্ঠা কৰে।১ ২০০৬ চনত তেওঁ যুৱ উন্নয়নৰ বাবে আলেছৰাৰ এন জি অ' গঠন কৰে, যিয়ে বিশেষভাৱে সক্ষমসকলৰ বাবে স্বেচ্ছাসেৱী কামৰ সমন্বয়ত সহায় কৰে।১
২০০৭ চনত য়েমেনত থকা আমেৰিকাৰ দূতাবাসে তেওঁক "সাহসী মহিলা" হিচাপে সন্মান জনায়।১ ২০০৮ চনত ছানাত থকা কুৱেইটৰ দূতাবাসে আল-বৈধানীক তেওঁৰ এন জি অ'ৰ কামৰ বাবে ৩০,০০০ ডলাৰ প্ৰদান কৰে।৫
২০১২ চনত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৈতে জড়িত জটিলতাৰ বাবে ছানাত আল-বৈধানীৰ মৃত্যু হয়।৬ তেওঁক মাজেল আল-ডেমা কবৰস্থানত সমাধিস্থ কৰা হয়।৬ ২০১৩ চনত মৰণোত্তৰভাৱে আল-বৈধানীক দ্বিতীয়টো বালকুইছ বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ জৰিয়তে "য়েমেনৰ মহিলাসকলৰ উন্নয়নত ব্যতিক্ৰমী অৱদান" আগবঢ়োৱা মহিলাসকলক সন্মান জনোৱা হয়।৭
তথ্যসূত্ৰ
- ↑ (8 March 2010). Speech in Honor of International Women's Day. Embassy of the United States in Sana'a Yemen
- ↑ Jamal Saleh Al Baidani. Al Tahadi
- ↑ Al-Mohattwari, Asma. (8 March 2014). Death Stole Them but Their Work Immortalized Them. National Yemen
- ↑ (2009). Looking the Other Way: Disability in Yemen. Social Development Division - Social Policy Section. United Nations ESCWA
- ↑ (17 November 2008). Kuwait Embassy in Yemen Extends Donation to Disabled Society. Kuwait News Agency
- ↑ Al-Yarisi, Amal. (17 December 2012). Woman Who Dedicated Life to Disabled Dies. Yemen Times
- ↑ (July 2014). Winners of Balquis Awards 2012-2014. Yemen LNG Journal. পৃ. 5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামালা আল-বৈধানী” প্ৰবন্ধৰ সংশোধন ৬০৭১০৩ (১৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।