অসমত যথেষ্ট পৰিমানে বৰষুন হয়। যাৰ ফলত বন -জংঘল বহুত হোৱা দেখা পোৱা যায়। গতিকে এই ভূখণ্ডত পোক পৰুৱাও আগণন। সকলোৰে পৰিচিত কিছুসংখ্যক পোক পৰুৱা নাম তলত উল্লেখ কৰা হ'ল - আনপোতনি, আমৰলি, আলহী পৰুৱা, উই, উই চিৰিঙা, উৰহ, ককা, কাকতি ফৰিং, কালিন্দী ভোমোৰা, কুকুৰ মাখি, কুণকুণি মাখি, কুঁজী বিচা, কুম জেলেকুৱা, কুমাৰণি, কেৰেলুৱা, খৰিকা গান্ধী, গগিনী, গান্ধী পোক, গুণগুণি, গোম চেলা, গুৰি পৰুৱা, গুবৰুৱা, চগা, চৰহা, চাম চৰিয়া, চিনাজোন, জেঠী, জেলুক, জেলেকীয়া, কেচু, জোক, টকৌ, টৌকা পৰুৱা, টোপোলাকটা, ডাঁহ,ঢৰীয়া তামুলী পৰুৱা, তামুলী ফৰিং, তেলেনী পৰুৱা, দিনকণা, পইতাচোৰা, বগা পৰুৱা, বৰ কেৰেলুৱা, বৰ মকৰা, বাঘ মকৰা, বিছা পখিলা, বোন্দাকেচু, ভালুক মকৰা, ভুতুনী মহ, ভেনা মাখি, নজাৰলি, মহ, মাখি, মাটিছেলা, মোৱা পোক, ৰঙা পোক, লেকলৌ পৰুৱা, শুকানি পৰুৱা, শুকানি ফৰিং, শূল পোক, সোন পৰুৱা আদি।
সহায়ক গ্ৰন্থ: আসমীয়া সংস্কৃতিৰ কণিকা
সম্পাদক: ড॰ নাৰায়ণ দাস ড॰ পৰমানন্দ ৰাজবংশী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ পোক-পৰুৱা” প্ৰবন্ধৰ সংশোধন ৩২৩০৫১ (২ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।