অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পঞ্চাপ্সৰা

প্ৰাচীন সংস্কৃত মহাকাব্য ৰামায়ণৰ তৃতীয় কাণ্ডত উল্লেখিত হ্ৰদ হৈছে পঞ্চাপ্সৰা। এই নামৰ অৰ্থ হৈছে (হ্ৰদৰ) পাঁচগৰাকী অপ্সৰা, হিন্দু পৌৰাণিক কাহিনীৰ সৰগৰ অপেশ্বৰী। এই হ্ৰদটো হিন্দু ধৰ্মৰ বিষ্ণুৰ সপ্তম অৱতাৰ ৰামে দণ্ডকাৰণ্যৰ মাজেৰে যাত্ৰা কৰাৰ সময়ত পায়।

হালনাগাদ: ১৮ ডিচেম্বৰ ২০২৫ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

প্ৰাচীন সংস্কৃত মহাকাব্য ৰামায়ণৰ তৃতীয় কাণ্ডত উল্লেখিত হ্ৰদ হৈছে পঞ্চাপ্সৰা। এই নামৰ অৰ্থ হৈছে (হ্ৰদৰ) পাঁচগৰাকী অপ্সৰা, হিন্দু পৌৰাণিক কাহিনীৰ সৰগৰ অপেশ্বৰী। এই হ্ৰদটো হিন্দু ধৰ্মৰ বিষ্ণুৰ সপ্তম অৱতাৰ ৰামে দণ্ডকাৰণ্যৰ মাজেৰে যাত্ৰা কৰাৰ সময়ত পায়। মাণ্ডকৰ্ণী ঋষিয়ে তেওঁৰ তপস্যাৰ শক্তিৰ দ্বাৰা এই হ্ৰদটো সৃষ্টি কৰা বুলি কোৱা হয়।১২

কিম্বদন্তি

ৰামায়ণত মাণ্ডকৰ্ণী ঋষিয়ে তেওঁৰ কঠোৰ সাধনাৰ স্থান দণ্ডকাৰণ্যত এই হ্ৰদটো সৃষ্টি কৰিছিল বুলি কিম্বদন্তি বৰ্ণনা কৰা হৈছে। তপস্যাৰ শক্তিৰ প্ৰতি শংকিত হৈ পৰা ইন্দ্ৰই তেওঁক তপস্যাৰ পৰা আঁতৰাই মোহিত আৰু প্ৰলোভিত কৰিবলৈ পাঁচগৰাকী অপ্সৰা পঠিয়াইছিল, য’ত তেওঁ হ্ৰদৰ পাৰত থিয় হৈ দহ সহস্ৰাব্দ ধৰি কেৱল বায়ু সেৱন কৰা বুলি কোৱা হৈছে। অপ্সৰাসকলে নিজৰ লক্ষ্যত সফল হ’ল, আৰু ঋষিৰ পত্নী হৈ পৰিল। তেওঁলোকে হ্ৰদটোৰ ভিতৰত এটা গুপ্ত ঘৰত বাস কৰিছিল, যিটো ঘৰ তেওঁলোকৰ নামেৰেই ৰখা হৈছিল।৩৪ ঋষিজন নিজেই হ্ৰদটোৰ মাজৰ এটা দ্বীপৰ ওপৰত থকা এটা ৰাজপ্ৰসাদত বাস কৰা বুলি উল্লেখ আছে। ৰামে এই হ্ৰদৰ চাৰিওফালে বতাহত ভাঁহি অহা সংগীতৰ সুৰ পৰ্যবেক্ষণ কৰা বুলি বৰ্ণনা কৰা হৈছে, যিটোত এজন ভৱিষ্যদ্বক্তাই তেওঁক কৈছিল যে, ই অপ্সাৰৰ গীতৰ পৰাই উদ্ভৱ হৈছে।৫

তথ্যসূত্ৰ

  1. ↑ Valmiki Ramayana translated by Ralph T. H. Griffith (1870–1874). Commentaries to Book III, Canto XI
  2. ↑ Archived copy Lonar Crater Lake (Special Volume No.1) Proceedings: Symposium on Multi Disciplinary Approach to Understand the Lonar Lake (12–14 December 2008)
  3. ↑ Dowson John. A Classical Dictionary Of Hindu Mythology And Religion Geography History And Literature. পৃ. 196
  4. ↑ Hari Prasad Shastri. The Ramayana of Valmiki, translated by Hari Prasad Shastri - 3 Volumes Combined - 1709 Pages, with complete Outline. পৃ. 518
  5. ↑ Gray, J. E. B. (1989). Indian tales and legends. Oxford; New York: Oxford University Press. পৃ. 109. ISBN 978-0-19-274138-7

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ স্থানসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্চাপ্সৰা” প্ৰবন্ধৰ সংশোধন ৫৬৫১৪৪ (১৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।