অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অভিষেক ধৰ

অভিষেক ধৰ (ইংৰাজী: Abhishek Dhar; জন্ম: ৩১ আগষ্ট ১৯৭০) পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান আৰু ঘনীভূত প্ৰাৱস্থাৰ পদাৰ্থ বিজ্ঞানৰ বিশেষজ্ঞ ভাৰতীয় পদাৰ্থবিজ্ঞানী। তেওঁ বাংগালুৰুৰ আন্তৰ্জাতিক তাত্ত্বিক বিজ্ঞান কেন্দ্ৰৰ অধ্যাপক।

হালনাগাদ: ১৩ জানুৱাৰী ২০২৬ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অভিষেক ধৰ (ইংৰাজী ভাষা: Abhishek Dhar; জন্ম: ৩১ আগষ্ট ১৯৭০) পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান আৰু ঘনীভূত প্ৰাৱস্থাৰ পদাৰ্থ বিজ্ঞানৰ বিশেষজ্ঞ ভাৰতীয় পদাৰ্থবিজ্ঞানী। তেওঁ বাংগালুৰুৰ আন্তৰ্জাতিক তাত্ত্বিক বিজ্ঞান কেন্দ্ৰৰ অধ্যাপক। ১

শিক্ষা আৰু কৰ্মজীৱন

অভিষেক ধৰে কলকাতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থবিজ্ঞানত স্নাতক আৰু কলকাতাৰেই ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ ১৯৯৮ চনত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ পৰা তাত্ত্বিক পদাৰ্থ বিজ্ঞানত গৱেষণাৰে পি এইচ ডি লাভ কৰে। তেওঁৰ ডক্টৰে'ট উপদেষ্টা আছিল দীপক ধৰ। ইয়াৰ পিছত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, ৰমণ গৱেষণা প্ৰতিষ্ঠান, আৰু ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়া, চাণ্টা ক্ৰুজত পোষ্ট ডক্টৰে'ট গৱেষণা কৰিছিল। পৰৱৰ্তী পৰ্যায়ত অভিষেক ধৰে প্ৰথমে ৰমণ গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক হিচাপে যোগদান কৰি পিছলৈ বাংগালুৰুস্থিত আন্তঃৰাষ্ট্ৰীয় তাত্ত্বিক বিজ্ঞান কেন্দ্ৰত অধ্যাপক হিচাপে যোগদান কৰে আৰু বৰ্তমান উক্ত প্ৰতিষ্ঠানতে কৰ্মৰত হৈ আছে। ২

গৱেষণা

অধ্যাপক অভিষেক ধৰে পৰিসাংখ্যিক পদাৰ্থবিজ্ঞানৰ বিশুদ্ধ তত্ত্বগত, আৰু অন্য অ-সাম্য স্থিৰাৱস্থাসম্পন্ন তন্ত্ৰৰ ক্ষেত্ৰত পৰিসাংখ্যিক পদাৰ্থবিজ্ঞানৰ প্ৰায়োগিক অধ্যয়নৰ গৱেষণা কৰে। তেওঁৰ গৱেষণাৰ ক্ষেত্ৰসমূহৰ ভিতৰত নিম্ন-মাত্ৰিক তন্ত্ৰ আৰু মুক্ত কোৱান্টাম তন্ত্ৰসমূহত বিষম তাপ পৰিবহণ অন্যতম, আৰু এই ক্ষেত্ৰত কোৱান্টাম লেঞ্জভিন সমীকৰণৰ প্ৰয়োগৰ মাধ্যমেৰে এই অধ্যয়নৰ বিকাশত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ইয়াৰ লগতে অধ্যাপক ধৰে পৰিবহণৰ বৃহৎ বিচ্যুতি আৰু তাৰতম্য উপপাদ্য, পৰিসাংখ্যিক পদাৰ্থবিজ্ঞানৰ মৌলিক দিশসমূহ, কোৱাণ্টাম বলবিজ্ঞানত ভৌতিক মাপনৰ সমস্যা, আৰু সক্ৰিয় পদাৰ্থৰ বিভিন্ন আৰ্হিসমূহৰ সম্পৰ্কেও অধ্যয়ন কৰে।

সন্মান-স্বীকৃতি

নিম্ন-মাত্ৰিক ব্যৱস্থাত ধ্ৰুপদী আৰু কোৱাণ্টাম পৰিবহণ, আৰু অসাম্য তন্ত্ৰত তাৰতম্য উপপাদ্য ক্ষেত্ৰৰ অধ্যয়নলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অধ্যাপক ধৰক ২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় তাত্ত্বিক পদাৰ্থবিজ্ঞান পুৰস্কাৰ ৩, আৰু ২০০৯ চনত শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰা হয় ৪। তেওঁ ভাৰতীয় বিজ্ঞান একাডেমী (২০১২)৫, ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (২০১৮)৬, আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (২০২০)ৰ ফেল'৭।

তথ্যসূত্ৰ

  1. ↑ People. International Centre for Theoretical Sciences
  2. ↑ ICTS Activity Report 2015-17
  3. ↑ ICTP Prize Winners 2008
  4. ↑ Brief Profile of the Shanti Swarup Bhatnagar prize Awardee
  5. ↑ Prof. Abhishek Dhar elected as IAS fellow
  6. ↑ Abhishek Dhar elected as a fellow of the National Academy of Sciences, India
  7. ↑ Abhishek Dhar awarded INSA Fellowship

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় পদাৰ্থ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিষেক ধৰ” প্ৰবন্ধৰ সংশোধন ৫৬৯৪৮১ (১৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।