অতসী বৰুৱা (ইংৰাজী: Atasi Barua; ৪ ছেপ্টেম্বৰ ১৯২১ – ২৬ জুন ২০১৬) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী আছিল। তেওঁ বিংশ শতিকাৰ অন্যতম বিশিষ্ট ভাৰতীয় মহিলা চিত্ৰশিল্পী আছিল। তেওঁৰ কৰ্মৰাজি ভাৰত, নেপাল আৰু শ্ৰীলংকাৰ বাহিৰেও কলম্বো, তেহৰাণ, কায়ৰো, বেংকক, টকিঅ' আৰু আমেৰিকাৰ দৰে বিভিন্ন ঠাইত প্ৰদৰ্শিত কৰা হৈছে।১ তেওঁৰ চিত্ৰসমূহত সাধাৰণতে ধ্ৰুপদী বিষয়বস্তু থকাৰ বিপৰীতে তেওঁৰ কৌশলসমূহত বাস্তৱবাদৰ মিশ্ৰণ ঘটা দেখা যায়। তেওঁৰ শিল্প কৰ্মত বৌদ্ধ ধৰ্মৰ বহু কিংবদন্তিৰ উল্লেখ দেখা পোৱা যায়।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯২১ চনৰ ৪ ছেপ্টেম্বৰত পশ্চিমবংগত অতসী বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ মাতৃৰ সৰুজবাসিনী দেৱী আৰু পিতৃৰ নাম আছিল অসিত কুমাৰ হালদাৰ। তেওঁ আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰপৌত্ৰী ভতিজী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰেই প্ৰকৃততে তেওঁৰ নামকৰণ কৰিছিল।২ তেওঁ শান্তিনিকেতনত জন্মগ্ৰহণ কৰিছিল। তেওঁ লক্ষ্ণৌৰ লা মাৰ্টিনিয়েৰ কলেজত (La Martiniere College) অধ্যয়ন কৰিছিল।২
কেৰিয়াৰ
সৰুৰে পৰাই অতসী বৰুৱাই ছবি আঁকিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ বাল্যকালতেই মাতৃৰ মৃত্যুৰ হৈছিল। তেওঁৰ পিতৃও এজন সুপৰিচিত চিত্ৰশিল্পী আছিল আৰু দেউতাকে চিত্ৰৰ প্ৰতি থকা তেওঁৰ আবেগক অহৰহ উৎসাহিত কৰিছিল আৰু প্ৰেৰণা যোগাইছিল। বিভিন্ন কৌশলৰ প্ৰশিক্ষণ লৈ তেওঁ অতি সোনকালেই এগৰাকী প্ৰতিভাৱান চিত্ৰ শিল্পী হিচাপে পৰিগণিত হয়।২
ইংলেণ্ডৰ পৰা “বাৰ এট ল” (Bar At Law) ডিগ্ৰী লাভ কৰা চট্টগ্ৰামৰ বাসিন্দা তথা বিশিষ্ট বৌদ্ধ পণ্ডিত ড° আৰবিন্দ বৰুৱাৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। ডাঃ আৰবিন্দ বৰুৱা আছিল শ্ৰীঅৰবিন্দৰ ব্যক্তিগত চিকিৎসক নিৰোদবৰণৰ পৈতৃক খুলশালীয়েক। বৌদ্ধ ধৰ্মৰ সৈতে তেওঁৰ পৰিচয়ে তেওঁক অপৰিসীম প্ৰেৰণা দিছিল, যিটো তেওঁৰ চিত্ৰত দেখা পোৱা যায়। বুদ্ধৰ জীৱন, অজন্তাৰ গুহা চিত্ৰ আৰু আন বহুতো বিষয়বস্তুৰ চিত্ৰণ আদি হৈছে তেওঁৰ শিল্প কৰ্মৰ কিছুমান মুখ্য বিষয়বস্তু।২
কলিকতাৰ একাডেমী অৱ ফাইন আৰ্টছৰ একাদশ বাৰ্ষিক প্ৰদৰ্শনীত নগদ পুৰস্কাৰ লাভ কৰাৰ পিছত তেওঁৰ চিত্ৰকলাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ চিত্ৰকলা কলিকতাত একক প্ৰদৰ্শনীও অনুষ্ঠিত হৈছিল, য'ত অ' চি গাংগুলি আৰু অবানি চি বেনাৰ্জীৰ দৰে বহু সমালোচকে তেওঁক প্ৰশংসা কৰিছিল।২
তেওঁ আৰু তেওঁৰ স্বামীয়ে বহু দেশ ভ্ৰমণ কৰিছিল আৰু দক্ষিণ এছিয়াৰ বহু সন্মিলনত অংশগ্ৰহণ কৰিছিল। তেখেতে লগ পোৱা বহুতো সুপৰিচিত ব্যক্তিত্ব আৰু পণ্ডিতৰ প্ৰতিকৃতিও তেওঁ নিৰ্মাণ কৰিছিল, আৰু লগতে চহীও কৰিছিল। ইয়াৰে কিছুমান হ'ল জামিনী ৰয়, নন্দলাল বসু, বি আৰ আম্বেদকাৰ, হো চি মিন, অ' চি গংগুলী, নবনীতা দেৱ সেন আৰু কালিদাস নাগ।২
তাইৰ শিল্পকৰ্মৰ বেছিভাগেই আছিল লাইন ড্ৰয়িং। ভগৱান বুদ্ধৰ জীৱনৰ পৰা প্ৰেৰণা লৈ মহা বোধি ছ’চাইটিয়ে তেওঁক অনুৰোধ কৰাৰ পিছত ১২খন চিত্ৰত বুদ্ধ দেৱৰ জীৱনৰ বুৰঞ্জী লিখিছিল আৰু তাৰ পিছত সেইবোৰ এখন চিত্ৰকল্প পুথিত প্ৰকাশ কৰিছিল। দিগম্বৰ জৈন মন্দিৰৰ পৰাও তেওঁক ২৩ নং তীৰ্থংকৰ, পাৰ্শ্বনাথৰ ওপৰত ধাৰাবাহিক চিত্ৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল।২
মৃত্যু
২০১৬ চনৰ ২৬ জুন তাৰিখে ৯৫ বছৰ বয়সত নিজা বাসগৃহত অতসী বৰুৱাৰ মৃত্যু হয়।৩
তথ্যসূত্ৰ
- ↑ Tiwari, Vinita. (15 January 2019). Gallery 88 to showcase artwork of father-daughter duo Asit Kumar Haldar and Atasi Barua. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Das, Shilpi. (17 March 2019). Rediscovering the art of Atasi Barua. The Heritage Lab
- ↑ Rediscovering the art of Atasi Barua Theheritage Lab
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অতসী বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪১৬১৯৭ (৩১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।