অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

শেন (হিন্দু ধৰ্ম)

শেন (সংস্কৃত: श्येन) হিন্দু পৌৰাণিক কাহিনীত অগ্নিৰ দেৱতা অগ্নিৰ সৈতে চিনাক্ত কৰা এটা ঐশ্বৰিক চৰাই, যিয়ে পৃথিৱীত থকা সকলো বস্তুকে সজীৱ আৰু পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যেৰে পৃথিৱীলৈ সোম (অমৃত) অনাৰ বাবে স্বৰ্গলৈ আৰোহণ কৰে।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৬ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

শেন (সংস্কৃত ভাষা: श्येन) হিন্দু পৌৰাণিক কাহিনীত অগ্নিৰ দেৱতা জুইৰ সৈতে চিনাক্ত কৰা এটা ঐশ্বৰিক চৰাই, যিয়ে পৃথিৱীত থকা সকলো বস্তুকে সজীৱ আৰু পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যেৰে পৃথিৱীলৈ সোম (অমৃত) অনাৰ বাবে স্বৰ্গলৈ আৰোহণ কৰে। ইয়াৰদ্বাৰা বৈদিক আচাৰ-ব্যৱহাৰত শেনৰ আকৃতিৰ (অগ্নিৰ সত্তাৰ প্ৰতীক) ইটাৰদ্বাৰা নিৰ্মিত অগ্নি-বেদী (অগ্নি চয়ন)কো বুজোৱা হয়। যজু্বেদত সৃষ্টিকৰ্তা আৰু সৃষ্টিক প্ৰতিনিধিত্ব কৰা এই অগ্নিবেদী নিৰ্মাণৰ সময়ত পাঠ কৰিবলগীয়া প্ৰাৰ্থনা আৰু মন্ত্ৰৰ বিধান আছে। পুৰাণত শেনে বিষ্ণুৰ বাহন গৰুড় হৈ পৰে, যাৰ উল্লেখ মহাভাৰতৰ আদি পৰ্বতো পোৱা যায় আৰু যিজনে নাগৰ মাতৃ আৰু ঋষি (মুনি) কাশ্যপৰ সহপত্নী কদ্ৰুৰ আদেশত স্বৰ্গৰপৰা অমৃত লৈ আহিছিল।১২

সাহিত্যত

শেন আৰু সুপৰ্ণ দুয়োটাই ঈগল আৰু বাজক বুজায়, যি দুটা আটাইতকৈ দ্ৰুততম চৰাই (চিকাৰৰ ক্ষেত্ৰত)। ঋকবেদৰ মন্ত্ৰত (I.164.20) - द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते – প্ৰকৃততে এই দুবিধ সুপৰ্ণাৰ উল্লেখ আছে যিবোৰক সোণালী অৰিঅ'ল, সুন্দৰ ডেউকা আৰু ঈগল বুলি চিনাক্ত কৰা হৈছে। বৈদিক দেৱতা ইন্দ্ৰক উদ্দেশ্যি মন্ত্ৰত আছে- प्र सु ष विभ्यो मरुतो विरस्तु प्र श्येनः श्येनेभ्य आशुपत्वा | अचक्रया यत्स्वधया सुपर्णो हव्यं भरन्मनवे देवजुष्टम् ||

ঋষি বামদেৱে শেনক সুপৰ্ণ বুলি উল্লেখ কৰিছে যিয়ে দেৱতাসকলৰ প্ৰিয় নৈবেদ্য সোমক লৈ আনে।৩ ঋগবেদত এই শব্দটো ঘোঁৰাক বুজাবলৈও ব্যৱহাৰ কৰা হৈছে।৪

কেতু অগ্নেয় আৰু বৎসৰ সৈতে শেন অগ্নিৰ অন্যতম এক পুত্ৰ, যিসকলৰ সকলোৱেই ঋষি।৫

শেনে আত্মনক বুজায়, ইয়াৰ অন্তৰ্গত একমাত্ৰ বাস্তৱতাক উপলব্ধি কৰাৰ শক্তি।৬

শেনক আনৰ ক্ষতি কৰাৰ উদ্দেশ্যেৰে কৰা কু-যজ্ঞ (যজ্ঞ) বুলি কোৱা হয়।৭

আঠাইশ দিন ধৰি চলি থকা কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণিতে, পাণ্ডৱসকলে ভীষ্মৰ "মকৰ ব্যুহ"ৰ দ্বাৰা সুৰক্ষিত হৈ থিয় হৈ যুদ্ধৰ বাবে সাজু হোৱা বুলি জানি তেওঁলোকে অজেয় "শেন ব্যুহ" গ্ৰহণ কৰিছিল। ভীমে এই ব্যুহৰ মুখত নেতৃত্ব দি আৰু অৰ্জুন চৰাই আকৃতিৰ ব্যুহৰ ডিঙিত আৰু যুধিষ্ঠিৰ পিছফালে পহৰা দি থাকে।৮

তথ্যসূত্ৰ

  1. ↑ Robert Cox. (November 1997). The Pillar of Celestial Fire. 1st World Publishing. পৃ. 143. ISBN 9781887472302
  2. ↑ Roshan Dalal. (18 April 2014). Hinduism. Penguin. পৃ. 132. ISBN 9788184752779
  3. ↑ Roshan Dalal. (15 April 2014). The Vedas. Penguin. পৃ. 511. ISBN 9788184757637
  4. ↑ A. J. Karandikar. (1978). Vedic Astronomy & Mythology. Gokul Masik Prakashan. পৃ. 101
  5. ↑ Shrikant Prasoon. (3 September 2009). Rishis and Rishikas. Pustak Mahal. পৃ. 120. ISBN 978-8122310726
  6. ↑ (1967). The Hymns of the Sama Veda Sanhita. Dharma Deva Martanda. পৃ. 454
  7. ↑ Deepak Sarma. (2011). Classical Indian Philosophy. Columbia University Press. পৃ. 200. ISBN 9780231133999
  8. ↑ (June 2015). Mahabharata Vol.5. Penguin U.K. পৃ. 288. ISBN 9788184756814

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ কিংবদন্তি জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শেন (হিন্দু ধৰ্ম)” প্ৰবন্ধৰ সংশোধন ৬৩৪৬৮৮ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।